টিভি চেনেলত চুমিৰ ইণ্টাৰভিউ কেনেকৈ বাজিল? ইউটিউবাৰে অভিযুক্তক হিৰ’ সজালে ! মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ ছেপ্টেম্বৰ : সুদীৰ্ঘ ১০ দিন ধৰি স্মাৰ্ট অসম আৰক্ষীৰ চকুত ধূলি দি অসমতে আত্মগোপন কৰি থাকিবলৈ সক্ষম হোৱা ৰাজ্যৰ ট্ৰেডিং কাণ্ডৰ অন্যতম হাইপ্ৰ’ফাইল অভিযুক্ত অভিনেত্ৰী চুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাই নাটকীয়ভাৱে বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ পলাতক এগৰাকী সাধাৰণ অভিনেত্ৰী আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামীক ১০ দিনে বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা বিষয়টো অসম আৰক্ষীৰ ব্যৰ্থতাকে প্ৰমাণ কৰিলে৷ অৱশ্যে বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ৰ অজ্ঞাত স্থানত গুৱাহাটীৰ পৰা যোৱা এছ টি এফৰ এটা দলৰ ওচৰত চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰে যদিও আত্মসমপৰ্ণৰ পূৰ্বে চুমি আৰু তাৰ্কিকে এটা ব্যক্তিগত টেলিভিশ্বন চেনেলত সাক্ষাৎকাৰ দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ চুমি আৰু তাৰ্কিকে আত্মসমৰ্পণৰ পাছত আৰক্ষীৰ দলটোৱে অভিযুক্তদ্বয়ক ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ ভি আই পি কোঠাত নি ব্যক্তিগত টেলিভিশ্বন চেনেলটোৰ সাংবাদিকক সাক্ষাৎকাৰৰ সুবিধা কৰি দিয়া বুলিও খোদ মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক অভিযোগ কৰিছে৷ অৱশ্যে চুমি আৰু তাৰ্কিকক আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ পূৰ্বেই সাক্ষাৎকাৰ লোৱা বুলি সংবাদ প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যদিও কোন গোপন স্থানত সাক্ষাৎকাৰ লোৱা হৈছিল তাক ৰাজহুৱা কৰা নাই৷ কিন্তু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দুই অভিযুক্তক পোনে পোনে থানালৈ লৈ যোৱাৰ পৰিৱৰ্তে জিমখানা ক্লাবলৈ নি ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানক সাক্ষাৎকাৰ দিয়াৰ সুবিধা কৰি দিয়া ঘটনাত অসন্তুষ্ট বুলি উল্লেখ কৰি কিয় অভিযুক্তদ্বয়ক পোনে পোনে আৰক্ষীয়ে থানালৈ নিয়া নাছিল তাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি সংবাদ প্ৰতিষ্ঠানটোৱে কেনেকৈ অভিযুক্তদ্বয়ৰ সাক্ষাৎকাৰ ল’বলৈ সক্ষম হ’ল সেই ঘটনাৰো তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিং প্ৰৱঞ্চকক একাংশ ইউটিবাৰ আৰু প’ডকাষ্টাৰে পেইড প্ৰচাৰ চলাই হিৰ’ সজোৱা বুলিও দোষাৰোপ কৰিছে৷ কিন্তু একাংশ ইউটিবাৰ আৰু প’ডকাষ্ট চেনেলৰ সাংবাদিকে ট্ৰেডিং প্ৰৱঞ্চকৰ হৈ প্ৰচাৰ চলাই হিৰ’ সজাই সাধাৰণ ৰাইজক লুণ্ঠনৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ কৰিলেও তেনে অভিযুক্ত ইউটিবাৰ আৰু প’ডকাষ্ট চেনেলৰ সাংবাদিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাত অসহায় প্ৰকাশ কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে৷ অথচ এনে একাংশ ইউটিবাৰ আৰু প’ডকাষ্ট সাংবাদিকৰ বাবেই ট্ৰেডিং প্ৰৱঞ্চকৰ জালত ভৰি থৈ ৰাইজে কষ্টোপাৰ্জিত ধন হেৰুৱাবলগীয়া হ’ল যদিও ৰহস্যজনক কাৰণত মুখ্যমন্ত্ৰীয়ে এইসকল অভিযুক্তৰ প্ৰতি দৰদহে দেখুৱাইছে৷
ট্ৰেডিং প্ৰৱঞ্চকৰ পৰা মোটা অংকৰ ধন লৈ প্ৰচাৰ কৰা এনে বহু তথাকথিত ইনফ্লুৱেঞ্চাৰে বিগত লোকসভা নিৰ্বাচনত চৰকাৰৰ হৈ উন্নয়নমূলক আঁচনিসমূহৰ কৌশলপূৰ্ণ প্ৰচাৰ চলোৱাৰ অভিযোগ উঠাত মুখ্যমন্ত্ৰীয়ে এতিয়া সংশ্লিষ্ট ইউটিউবাৰ আৰু প’ডকাষ্ট চেনেলৰ সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত আৰক্ষীক বাধা দিয়া বুলিও সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ অসমত চলি থকা ট্ৰেডিং প্ৰৱঞ্চনাৰ কাণ্ড মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰথমবাৰলৈ পোহৰলৈ অনা বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয় এইদৰে–ট্ৰেডিং কেলেংকাৰিটো কোনে ধৰাইছে? ময়েটো ধৰাইছো৷ মোক টকা দিবলৈ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টকা দিবলৈ আহোতে সন্দেহ হোৱাত মইহে ধৰাইছো৷ কেলেংকাৰিটো মইহে ধৰা পেলাইছো, বেলেগেটো ধৰা নাছিল৷ কেলেংকাৰিটো ধৰা মানুহজনকে এতিয়া আক্ৰমণ কৰা মানে অপৰাধীক সাহস দিয়া হৈছে যিজন মানুহে গোটেই ঘটনাটো পোহৰলৈ আনিলে, তেওঁকে গালি-গালাজ কৰা মানে পৰোক্ষভাৱে অপৰাধী কেইজনক ভিটামিন দিয়া হ’ল নে নাই? বিভিন্ন চেনেল, ইউটিউবত এওঁলোকৰ ওপৰত প’ডকাষ্ট হৈছে আৰু ইমান দিনে এওঁলোকক হিৰ’ বনাই আছিলে৷ যেতিয়ালৈকে মোক ৰ কোটি টকা দিবলৈ অহা নাছিলে (মোক মানে চি এম ৰিফিল ফাণ্ডত) তেতিয়ালৈকে এওঁলোকক সকলোৱে হিৰ’ বনাই ৰাখিছিল৷ হিৰ’ বনোৱাতটো মই নাই৷ এইসকলক হিৰ’ বনাই কোনে ৰাখিছিল? আমাৰ সমাজৰে একাংশই ৰাখিছিল৷ এতিয়া বিষয়টোক ৰাজনীতি কৰি মোক গালি গালাজ কৰি কি লাভ আছে? মইটো চবকে ধৰোৱাইছো৷ এতিয়া মই এইটোকো তদন্ত দিছো বৃহস্পতিবাৰে আত্মসমৰ্পণৰ পাছত অপৰাধী কেইজনক কিয় জিমখানালৈ লৈ যোৱা হৈছিল৷ কালি প্ৰথমে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ দলে দুয়োকে জিমখানালৈ লৈ গৈছে৷ তাতে এটা চেনেলক সাক্ষাৎকাৰ ল’বলৈ দিছে৷ পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো চিন্তনীয়৷ তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছো৷ পোনে পোনে লৈ যাব লাগে থানাত৷ থানালৈ পোনে পোনে লৈ নগৈ জিমখানালৈ লৈ আহি এটা চেনেলক প্ৰথমে সাক্ষাৎকাৰ ল’বলৈ সুবিধা কৰি দিয়া হৈছে৷ মই পুৱা ৭.৩০ বজাত নিজেই চেনেলটোৰ তেওঁলোকৰ ইণ্টাৰভিউ চাইছো৷ তেতিয়া মই ডি জি পিক ফোন কৰিছো৷ মানুহ থাকিব লাগে লকআপত, কিন্তু ইয়াত ইণ্টাৰভিউ দি আছে? কেচটোৰ পাছত মইহে লাগি আছো৷ মই সন্তুষ্ট নহয় এই কাৰণেই যে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লগে লগে থানাত লৈ যাব লাগিছিল৷ এবাৰ জিমখানালৈ লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা কৰি দিয়াৰ আঁৰত আপোনালোক সাংবাদিকসকলেই সোমাই আছে৷ কোনোবা ইউটিউব, কোনোবা চেনেল৷ সমস্যাটো আপোনালোকৰ ফালৰ পৰাই আহে৷ মোৰ পৰাটো সমস্যা নাহে৷ কোনে বিয়া খাবলৈ গৈছিলে, ক’ত বিয়া খাবলৈ গৈছিল কি খাবলৈ দিছিল–সেইবোৰটো ইউটিউবত ওলাই আছে৷ আধা ইউটিবাৰক চাব যিসকলে এওঁলোকক প্ৰমোশ্যন কৰি আছিল, সেইসকল ইউটিবাৰে লোকসভা নিৰ্বাচনৰ সময়ত মোক গালি পাৰি আছিলে৷ ইউটিউবাৰৰ ওপৰত ব্যৱস্থা কি ল’ব৷ আপোনালোকে কিবা দেখুৱালে, আপোনালোকক মই কি ব্যৱস্থা ল’ব পাৰো৷ আপোনালোকক যদি মই গ্ৰেপ্তাৰো কৰো, তেনেহ’লে হাই ক’ৰ্টে জামিন দি ক’ব সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কিয়? এই সকল ইউটিবাৰে নিৰ্বাচনত বিজেপিক গালি পাৰি আছিল৷ চুমি-তাৰ্কিক ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁলোকক ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰাৰ বাবে জিমখানা ক্লাবলৈ লৈ যোৱা হৈছিল৷ আৰক্ষীক দোষ দি লাভ নাই৷ আৰক্ষীক চেনেলটোৱে হস্তক্ষেপ কৰিলে৷ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীক প্ৰভাৱান্তিত কৰিলে৷ গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে৷