Logo
image

ছুইছ বেংকত থকা আদানিৰ ২,৬০০ কোটি টকা বাজেয়াপ্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ছেপ্টেম্বৰ : ছুইজাৰলেণ্ডৰ বেংকত জমা থকা আদানি গোষ্ঠীৰ ২৬০০ কোটি টকা দেশখনৰ কৰ্তৃপক্ষই বাজেয়াপ্ত কৰিছে৷ মাৰ্কিন শ্বৰ্ট শ্বেলিং সংস্থা হিণ্ডেনবাৰ্গ ৰিছাৰ্চে এই বিস্ফোৰক দাবী কৰিছে৷ দেশখনৰ সংবাদ মাধ্যমক উদ্ধৃত কৰি হিণ্ডেনবাৰ্গে এই তথ্য প্ৰকাশ কৰিছে৷ তেওঁলোকৰ দাবী অনুসৰি দেশখনৰ বিভিন্ন বেংকত জমা থকা আদানি গোষ্ঠীৰ এই ধন বৃহস্পতিবাৰে বাজেয়াপ্ত কৰা হৈছে৷ স্থানীয় সংবাদ মাধ্যমৰ মতে ২০২১ চনত বেআইনী শ্বেয়াৰ আৰু আৰ্থিক লেনদেন সম্পৰ্কীয় এক তদন্তৰ পৰিপ্ৰেক্ষিতত ছুইছ কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰে৷


হিণ্ডেনবাৰ্গে এই তথ্য প্ৰকাশ কৰাৰ লগতে অসংখ্য আৰ্থিক অভিযোগ উত্থাপন হোৱা স্বত্বেও ছেবিৰ মুৰব্বী মাধবী পুৰী বুচৰ ক্ষেত্ৰত ভাৰতীয় কৰ্তৃপক্ষ কিয় নিশ্চুপ সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ উল্লেখ্য, মাধবী পুৰীয়ে আদানিৰ কোম্পানীত তেওঁৰ ধন বিনিয়োগ কৰা বুলি হিণ্ডেনবাৰ্গে অভিযোগ তুলিছিল৷