লক-আপত উচুপি উচুপি নিশা পাৰ কৰিছে চুমিয়ে
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৪ ছেপ্টেম্বৰ : বিলাসী জীৱন কটোৱা চুমি বৰা আৰু তাৰ্কিক বৰা এতিয়া ডিব্ৰুগড় সদৰ থানাৰ আলহী৷ সদৰ থানাৰ পুৰুষ আৰু মহিলা লকআপত পৃথকে সাধাৰণভাৱেই প্ৰথম নিশা কটালে স্বামী-স্ত্ৰীয়ে৷ সৌ সিদিনালৈকে মন গ’লেই পঞ্চতাৰকা হোটেলৰ বিলাসী কোঠাত থকা, মন গ’লেই এটা মলতেই কোটিৰো অধিক বজাৰ কৰা, মন গ’লেই দেশ-বিদেশত আমোদ প্ৰমোদত ব্যস্ত হৈ আছিল ৰীলৰাণী চুমি বৰা৷ ইফালে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ লকআপত প্ৰথম মহিলা অতিথি হিচাপে এটা নিশা কটালে চুমি বৰাই৷ লক-আপত উচুপি উচুপি প্ৰথমটো নিশা পাৰ কৰিলে চুমিয়ে৷ চুমি বৰাক পাঁচ দিনৰ আৰক্ষী জিম্মাত দিয়াৰ পাছতেই ডিব্ৰুগড় সদৰ আৰক্ষী থানাত দেখা গৈছিল ব্যাপক তৎপৰতা৷ খৰধৰকৈ মালখানাটোকে মহিলা লকআপলৈ পৰিণত কৰি থাকিবলৈ যোগাৰ কৰি দিলে সদৰ আৰক্ষীয়ে৷ যোগাৰ মানে এখন মাত্ৰ কম্বলক্ক লকআপত চুমি-তাৰ্কিকৰ বাবে নাই কোনোধৰণৰ ফেনৰ ব্যৱস্থা৷ উৎকট গৰমৰ মাজতো এখন কম্বলকে সম্বল কৰি চুমিয়ে এটা নিশা থাকিল লকআপত৷ বিলাসী জীৱন কটোৱা চুমিৰ কিন্তু নাহিল টোপনি৷ বহু নিশালৈকৈ মজিয়াত বহি বহিয়েই কটাই দিলে চুমিয়ে৷ মাজনিশা মহৰ উৎপাতত কৰ্তব্যৰত আৰক্ষীক এটা আঁঠুৱাৰ বাবে অনুগ্ৰহ কৰিছিল৷ কিন্তু আঁঠুৱা নিদিয়াত মহৰ কামোৰণিৰ পৰা ৰক্ষা পাবলৈ এটা মহখেদা ধুপ দিয়াৰ বাবে অনুগ্ৰহ কৰিছিল৷ কিন্তু অৱশেষত বিমুখ হৈ চুমি বহু নিশালৈকে কান্দিছিল৷ অসহায় তাৰ্কিক আছিল কাষতে থকা পুৰুষ লকআপত৷
এনেকৈয়ে নিশাটো কটালে চুমি-তাৰ্কিকে৷ পুৱাৰ আহাৰ হিচাপে সন্মুখৰ ৰামবদন ৰেট্ৰুৰেণ্টৰ পৰা নিয়া ৰুটি-মটৰঘুগুণি দিছিল যদিও নামমাত্ৰ গ্ৰহণ কৰে আহাৰ৷ ইফালে কালিৰে পৰা চিআইডিয়ে চুমি-তাৰ্কিকক চলাইছে মাৰাথান জেৰা৷ চিআইডিৰ এছপি সুধাকৰ সিঙৰ নেতৃত্বত চলাইছে চুমি-তাৰ্কিকক জেৰা৷ চিআইডিয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য৷ চুমিয়ে নাম লোৱা এইসকল ব্যক্তিক তদন্তৰ আওতালৈ আনিব নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷ উল্লেখযোগ্য যে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ নং গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩) অধীনত বিশাল ফুকনৰ সৈতে একেটা গোচৰতে গ্ৰেপ্তাৰ কৰিছে৷ আত্মগোপনৰ সময়ত চুমি বৰাই ব্যৱহাৰ কৰা এখন বাহন জব্দ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ নম্বৰ প্লেটবিহীন ‘বিট’ বাহনখন যোৰহাটৰ পৰা জব্দ কৰা পিছতে আজি ডিব্ৰুগড় সদৰ থানালৈ অনা হৈছে৷ অধিবক্তাৰ চিম্বলিক ষ্টিকাৰ লগোৱা বাহনখনৰ জৰিয়তে চুমি-তাৰ্কিকে বিগত দহদিন ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে৷ ইফালে বাহনখনত আছে নেশ্যনেল জিঅ’গ্ৰাফীক ষ্টিকাৰ, ‘ছেভ এনিমেল’ শীৰ্ষক ষ্টিকাৰো৷ অন্যহাতে বাহনখনৰ ভিতৰত পৰি আছে মাজাৰ খালী বটল, ছিপছৰ পেকেট৷ বগা ৰঙৰ বিট বাহনখন কাৰ আছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই৷
লক-আপৰ ফটো ভাইৰেল হ’ল কেনেকৈ ? ডিজিপিলৈ পত্ৰ
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ডিব্ৰুগড় সদৰ থানাৰ পাঁচদিনৰ আলহী চুমি বৰা আৰু তাৰ্কিক বৰাৰ দুখন ফটোক লৈ আৰক্ষীৰ ভিতৰ চ’ৰাত জোকাৰণিৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ জিন্মাত থকা চুমি আৰু তাৰ্কিকে লকআপত থকা অৱস্থাত ফটো তুলি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ লগে লগে বিপদ বাঢ়িছে ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীৰ৷ সদৰ থানাৰ পুৰুষ আৰু মহিলা লকআপত দুয়োজনকেই পৃথকে ৰখা হৈছে৷ তেনেস্থলত ফটো দুখন আৰক্ষীয়েই তুলিছিল নে আন কোনোৱে তুলিছিল সেই কথা এতিয়াও নিশ্চিত হোৱা নাই৷ ইফালে থানাৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীৰ বাদে আন ব্যক্তিয়ে ফটো তোলাৰ মৰসাহ কোনেও কৰিব নোৱাৰে৷ ইতিমধ্যে আৰক্ষীয়ে এই সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে৷ অন্যহাতে অভিযুক্তৰ গোপনীয়তা ভংগৰ অভিযোগ তুলি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙলৈ পত্ৰ লিখিলে ডিব্ৰুগড়ৰ অধিবক্তা বিজয় পাণ্ডেয়ে৷ ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰীৰ ব্যৰ্থতাৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি তথা প্ৰট’কল ভংগৰ অভিযোগ আনিছে অধিবক্তা পাণ্ডেয়ে৷ যিহেতু আৰক্ষীৰ জিন্মাত থকাৰ সময়ত নাৰীৰ মৰ্যাদা অক্ষুণ্ণ থাকিব লাগে৷ অধিবক্তা পাণ্ডেয়ে পত্ৰখনযোগে ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আহ৩ান জনাইছে৷ আপত্তিজনক ছ’চিয়েল মিডিয়াৰ পোষ্টসমূহ আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় আদেশ জাৰি কৰা আৰু অকতৃৰ্ত্বশীল ফটোগ্ৰাফীৰ বাবে দায়ীসকলক জবাবদিহি কৰা, অভিযুক্ত মহিলাগৰাকীৰ অধিকাৰ খৰ্ব কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা যিকোনো ব্যক্তি বা আৰক্ষী বিষয়াৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ৩ান জনাইছে তেওঁ৷
বিশালে কেনেকৈ সংগ্ৰহ কৰিছিল ২,২০০ কোটি টকা
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ডিবি ষ্টক ব্ৰকিঙৰ জৰিয়তে অনলাইন ট্ৰেডিঙৰ নামত নীতিবহিৰ্ভূতভাৱে কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল বিশাল ফুকন৷ মাত্ৰ ২২ বছৰ বয়সতে হাজাৰ কোটি টকাৰ সম্পত্তিৰ গৰাকী বিশাল ফুকনৰ আয়ৰ উৎস কি আছিল তাক লৈ চলি আছিল ক্ৰিয়া-প্ৰতিক্ৰিয়া৷ বিশালে ক’ৰ পৰা কেনেধৰণে ধন সংগ্ৰহ কৰিছিল সেই সকলোবোৰ তথ্য আৰক্ষীৰ তদন্তত এটা এটাকৈ ওলাই পৰিছে৷ ইতিমধ্যে বিশালৰ সম্পত্তিৰ তালিকা পোহৰলৈ আহিছে৷ একাংশ চিকিৎসক, ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই ডিবি ষ্টক ব্ৰকিঙত বিনিয়োগ কৰা ধনেৰেই বিশালে মন গ’লেই মাহেকত দুবাৰকৈ বিদেশলৈ বিলাস ভ্ৰমণৰ বাবে উৰা মাৰিছিল৷ মন গ’লে আত্মীয়ক গাড়ী উপহাৰ, পাতি লোৱা বায়েক চুমি বৰাক দিছিল দামী দামী উপহাৰ৷ পাতি লোৱা ভিনিহিয়েক তাৰ্কিক বৰাৰ নামত বিশালে শিৱসাগৰ আৰু যোৰহাটৰ লগতে উজনিত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰা বুলি অভিযোগ উঠিছে৷ চুমিৰ ভ্ৰাতৃ ৰাজীৱ বৰা, বৌৱেক জিংকি মিলি আৰু বিশালৰ নামত পাৰ্চেলিয়া ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড, প্ৰডাকচন হাউচ আৰু এটা কনষ্ট্ৰাকচন কোম্পানী খুলিছিল৷ ৰাজস্থানৰ উদয়পুৰত চুমি-তাৰ্কিকৰ ডেষ্টিনেশ্বন ৱেডিঙৰ বাবে ৩ কোটি টকা ব্যয় কৰিছিল বিশাল ফুকনে৷ লকডাউনৰ সময়তে নামৰূপত পান্থাৰ এপছৰ জৰিয়তে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত বিশালে চুমিক সহযোগী হিচাপে লৈ সম্প্ৰসাৰণ কৰে এই অনলাইন ট্ৰেডিঙৰ ব্যৱসায়৷ বিশাল-চুমিয়ে টাৰ্গেট কৰি লৈছিল ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত চিকিৎসক, ব্যৱসায়ী আৰু ৰাজনৈতিক নেতাক৷ ডিব্ৰুগড় প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ কোঠাৰ পৰা বিশালে চলাইছিল অনলাইন ট্ৰেডিঙৰ এই বিশাল জালখন৷ ৬০ দিনত ৩০ শতাংশ মুনাফা দিয়াৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা৷ ধন লোৱাৰ পূৰ্বে বিশালে বিনিয়োগকাৰীসকলৰ সৈতে ন’টাৰীৰ জৰিয়তে জ্জ দফীয়া এখন চুক্তি কৰে৷ যিখন চুক্তিত ৬০ দিনৰ ভিতৰত বেংকৰ তুলনাত অধিক লাভ দিয়াৰ প্ৰতিশ্ৰুতি দি বিনিয়োগকাৰীসকলৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা৷ আমাৰ হাতত পৰা তথ্য অনুসৰি বিশালে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত থকা ডিবি ষ্টক কনচালটেন্সি নামৰ একাউণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল৷ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত থকা ডিবি ষ্টক কনচালটেন্সিৰ একাউণ্টত ২০২৪ চনৰ ১৮ জুলাইত তিনিচুকীয়াৰ এজন লোকে জমা দিছিল ২ লাখ টকা৷ একেদিনাই গুৱাহাটীৰ এজন ব্যক্তিয়ে ১ লাখ ৫০ হাজাৰ টকা, গুৱাহাটীৰ এজনে চেকযোগে ৮ লাখ ৫০ হাজাৰ টকা, গুৱাহাটীৰ আন এজন ব্যক্তিয়ে একাউণ্টযোগে ৩ লাখ টকা, মধ্যপ্ৰদেশৰ এজনৰ পৰা ১১ লাখ টকা সংগ্ৰহ কৰাৰ তথ্য লাভ কৰা হৈছে৷ অন্যহাতে ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে স্বাধীনতা দিৱস উপলক্ষে চাৰিটাকৈ লোভনীয় অফাৰ দিছিল বিনিয়োগকাৰীক৷ এমাহৰ স্কীমত দহ লাখ টকাৰ তলৰ বিনিয়োগকাৰীক ৩০ শতাংশ আৰু ১০ লাখ টকাৰো অধিক বিনিয়োগকাৰীৰ বাবে ৩৫ শতাংশ মুনাফা দিয়াৰ স্কীম মুকলি কৰিছিল৷
সেইদৰে তিনিমহীয়া স্কীমত ১০ লাখৰ তলৰ বাবে ৩০ শতাংশ আৰু ১০ লাখৰ ওপৰৰ বাবে ৩৫ শতাংশ, ছমহীয়া স্কীমত ১০ লাখৰ তলৰ ৬০ শতাংশ আৰু ১০ লাখৰ ওপৰৰ বাবে ৬৫ শতাংশ আৰু বছৰেকীয়া স্কীমত আছে ১০ লাখৰ কমত বিনিয়োগকাৰীক ১৩০ শতাংশ আৰু ১০ লাখৰ অধিক বিনিয়োগকাৰীক ১৪০ শতাংশ মুনাফা দিয়াৰ প্ৰলোভন দিয়া হৈছিল৷ ইফালে শ্বেয়াৰ মাৰ্কেটত বিশালে নিজৰ নামত থকা বেংক একাউণ্টৰ পৰাহে ধন বিনিয়োগ কৰিছিল৷ ২২০০ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত বিশালে ক’ত ক’ত ধন বিনিয়োগ কৰিছিল ইতিমধ্যে আৰক্ষীৰ জেৰাত তাৰ তথ্য প্ৰদান কৰিছিল৷ তথ্য অনুসৰি ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয় নিৰ্মাণ কৰিছে৷ য’ত ৮৫ লাখ টকাৰে ইণ্টেৰিয়ৰ ডিজাইন কৰা হৈছে কাৰ্যালয়টোত৷ ইতিমধ্যে ইণ্টেৰিয়ৰ ডিজাইনৰ বাবে খৰচ হ’বলগীয়া ৮৫ লাখ টকাৰ ভিতৰত ৫০ শতাংশ ধন পৰিশোধ কৰিছে৷ এই ইণ্টেৰিয়ৰ ডিজাইনাৰ কাম কৰিছিল কৰিশ্মা কাকতিয়ে৷ তদুপৰি ডিব্ৰুগড় চহৰৰ গান্ধীনগৰত অৱস্থিত প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ফ্লেটটো বিশালে ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত৷ তাৰ ভিতৰত ৪৪ লাখ টকা নগদ ধন বিল্ডাৰক দিয়া হৈছে৷ আনহাতে গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত বিশালে ক্ৰয় কৰিছে ১.৫ কোটিটকীয়া ফ্লেট৷ সেইদৰে গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটিটকীয়া ডুপ্লেক্স ফ্লেট ক্ৰয় কৰিছে ধনকুবেৰ বিশাল ফুকনে৷ ইফালে ডিব্ৰুগড়ত পাতি লোৱা বায়েক চুমি বৰাৰ বাবে খুলি দিছিল ডান্স একাডেমী৷ ডান্স একাডেমীৰ ডিজাইনিঙত বিশালে খৰচ কৰিছিল ৩৩ লাখ টকা৷ ডান্স একাডেমী নিৰ্মাণৰ বাবে ছিগমা টাইলছক দিছিল ১০ লাখ টকা৷ ডান্স একাডেমীৰ চাউণ্ড প্ৰুফৰ নামত খৰচ কৰিছিল ১৫ লাখ টকা৷ বিশালে ছুমি বৰাক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি উপহাৰ হিচাপে দিছিল৷৮ আগষ্টত চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখটকীয়া টেডী বিয়েৰ৷ চুমি বৰাৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০ হাজাৰ টকা দিছিল৷ চুমিৰ বিয়াৰ পিছতে বিশালে উপহাৰ হিচাপে দিছিল ডুবাই ট্ৰিপ৷ ট্ৰিপটোত গৈছিল বিশাল, চুমি আৰু ছবি নিৰ্মাতা আদিত্যম শইকীয়া৷ ছেভেন ষ্টাৰ হোটেল বুৰ্জ খলিফাত ৩ দিন কটাইছিল তেওঁলোকে৷ বুৰ্জ খলিফাত প্ৰতি নিশাৰ খৰচ আছিল ১৯ লাখ টকা, মুঠ ৫৭ লাখ টকা হোটেল আটলাণ্টিকত খৰচ হৈছিল৷ প্ৰতি নিশা ১ লাখকৈ টকাৰে কটাইছিল তিনিজনে৷ ৫ দিন ডুবাইৰ মলত ডেৰ কোটি টকাৰ বজাৰ কৰিছিল তেওঁলোকে৷ একেদৰে বিশালে মাতৃক উপহাৰ হিচাপে দিয়া বিলাসী বাহনখনৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব৷ বিশাল ফুকনে মাতৃক উপহাৰ দিছিল ৩৩ লাখটকীয়া এম এজি হেক্টৰ বিলাসী বাহন৷ যিখন বাহন ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে৷ চুমিৰ স্বামী তাৰ্কিক বৰাক ৪৫ লাখটকীয়া বিলাসী ফৰ্চুনাৰ বাহন উপহাৰ হিচাপে দিছিল বিশালে৷ এতিয়া প্ৰশ্ন উঠিছে– ক’লা ধন বগা কৰিবলৈ বিশালৰ অনলাইন ট্ৰেডিঙত ধন বিনিয়োগকাৰীসকলক আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিব নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷
তাৰ্কিক বৰাৰ পৈতৃক গৃহৰ পৰা গাড়ী জব্দ
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ৰাজ্য তোলপাৰ লগোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ বাবে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে যোৰহাট জিলাৰ কাছগড়ালত অভিযান চলায়৷ জানিব পৰা মতে ডিব্ৰুগড় আৰক্ষীৰ চক্ৰ বিষয়া গৌৰৱ চুতীয়াৰ নেতৃত্বত অহা এটা ছজনীয়া দলে কাছগড়ালত অৱস্থিত তাৰ্কিক বৰাৰ পিতৃৰ পুৰণা গৃহত তালাচী চলায়৷ আৰক্ষীৰ দলটোৱে এই বাসগৃহটোৰ পৰা এখন চেভ্ৰলেট বীট গাড়ী জব্দ কৰা বুলি ডিব্ৰুগড় আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷ অৱশ্যে এই গাড়ীখন চুমি আৰু তাৰ্কিকে ব্যৱহাৰ কৰিছিল নেকি সেই বিষয়ে জানিব পৰা হোৱা নাই৷ আৰক্ষী সূত্ৰই জনোৱা মতে বিষয়টো পৰীক্ষা কৰি থকা হেছে৷ ঘৰটোত বাস কৰা তাৰ্কিকৰ সম্পৰ্কীয় এটা পৰিয়ালকো আৰক্ষীয়ে সোধা-পোছা কৰে৷ উল্লেখ্য, এই ঘৰটোতে চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰি আছিল বুলি আত্মসমৰ্পণৰ পাছত চুমি বৰাই সদৰী কৰিছিল৷ অৱশ্যে, এই ঘৰটোত বসবাস কৰি থকা তেওঁলোকৰ আত্মীয়ই এই কথা অস্বীকাৰ কৰে৷ বৰঞ্চ এই ঘৰটোত বিয়াৰ চুমি-তাৰ্কিকৰ বিবাহৰ এক অভ্যৰ্থনা আয়োজন কৰাৰ পাছৰে পৰা তেওঁলোক এই ঘৰটোলৈ অহা নাছিল বুলিহে দাবী ঘৰটোত বসবাস কৰি থকা পৰিয়ালটোৱে দাবী কৰে৷ সেয়ে হ’লেও ঘৰটোৰ সৈতে চুমি-তাৰ্কিকৰ যোগসূত্ৰ থাকিব পাৰে বুলি ধাৰণা কৰি আৰক্ষীয়ে ঘৰটোত তন্ন তন্নকৈ অভিযান চলায়৷ জানিব পৰা মতে স্থানীয় কেইজনমান লোকক লৈ মাজনিশা এই অভিযান চলোৱা হয়৷