Logo
image

কেজৰিৱালক চৰ্তসাপেক্ষ জামিন দিলে ন্যায়াধীশ ভূঞা, সূৰ্যকান্তই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ছেপ্টেম্বৰ : ৬ মাহৰো অধিক দিন কাৰাবন্দী হৈ থকাৰ অন্তত শুকুৰবাৰে বিয়লি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তিহাৰ কাৰাগাৰৰ পৰা মুক্ত আকাশৰ তললৈ ওলাই আহিছে৷ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞা আৰু সূৰ্যকান্তৰ বিচাৰপীঠে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত চৰ্তসাপেক্ষ জামিন প্ৰদান কৰে৷ চিবিআইৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱালে জামিনৰ চৰ্ত অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব আৰু কোনো চৰকাৰী নথিত স্বাক্ষৰ কৰিব নোৱাৰিব৷ তদুপৰি তেওঁ এই গোচৰ সন্দৰ্ভত কোনো মন্তব্য আগবঢ়াব নোৱাৰিব৷ যোৱা ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক দিল্লী চৰকাৰৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশঘ্ৰহণ কৰাৰ বাবে অৰবিন্দ কেজৰিৱালক দহ মে’ৰ পৰা এক জুনলৈ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্ছতম ন্যায়ালয়ে৷



দুই জুনত তেওঁ কাৰাগাৰত আত্মসমৰ্পণ কৰাৰ পাছতে একেটা গোচৰত চিবিআয়ে কেজৰিৱালক কাৰাগাৰতে গ্ৰেপ্তাৰ কৰে৷ ইতিপূৰ্বে কেজৰিৱালে ইডিৰ গোচৰত জামিন লাভ কৰিছিল৷ আজি তেওঁ চিবিআইৰ গোচৰতো জামিন লাভ কৰে৷ দুজনীয়া বিচাৰপীঠৰ ন্যায়াধীশ, অসম সন্তান উজ্জল ভূঞাই নিৰ্দেশত কয়– ইডিৰ গোচৰত কেজৰিৱালে যাতে জামিন লাভ নকৰে, সেয়া নিশ্চিত কৰাৰ বাবেই সম্ভৱতঃ তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল৷ যোৱা পাঁচ ছেপ্টেম্বৰতে এই গোচৰৰ শুনানি সম্পন্ন হৈছিল৷ তাৰো আঠ দিন পাছত আজি আদালতে সেই গোচৰৰ ৰায়দান কৰে৷ বিয়লি দিল্লীৰ প্ৰচণ্ড বৰষুণৰ মাজতে মনীষ ছিছোদিয়া, আতিশী মাৰলেনা আদিয়ে কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা আদৰি নিয়ে৷