উক্তি-বক্ৰোক্তি
মই আপোনালোকৰ আন্দোলনক সন্মান জনাইছোঁ৷ মই আপোনালোকৰ কথা বুজোঁ৷ কিয়নো ময়ো ছাত্ৰ আন্দোলনৰ পৰাই ৰাজহুৱা জীৱনলৈ ওলাই আহিছোঁ৷ শুকুৰবাৰে গোটেই ৰাতি বৰষুণ হৈছে৷ শনিবাৰেও বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে৷ আপোনালোকে যিদৰে আন্দোলন কৰি বহি আছে, সেয়া দেখি মোৰ কষ্ট হৈছে৷ মই ‘দিদি’ হিচাপে আপোনালোকৰ ওচৰলৈ আহিছোঁ৷ আশাকৰোঁ আপোনালোকে এইবাৰ আন্দোলন শেষ কৰিব৷
– মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
টিভি চেনেলত চুমিৰ ইণ্টাৰভিউ কেনেলৈ বাজিল? ইউটিউবাৰে অভিযু্ক্তক হিৰো সজালে৷ সকলোৰে তদন্ত হ’ব৷ মই ডিজিপিক কৈছোঁ৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি দুপৰীয়া ১২ বজাত মই কনাট প্লেচৰ হনুমান মন্দিৰলৈ গৈছিলোঁ৷ মন্দিৰৰ পৰা মই ভগৱানৰ আশীৰ্বাদ লৈ আহিছোঁ৷ হনুমানজীৰ আশীৰ্বাদৰ বাবে আজি মই এনেদৰে মুক্ত হৈ থাকিবলৈ সুযোগ পাইছোঁ৷
– দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা কোনো সাৰি নাযায়৷ সকলোৰে বিৰুদ্ধে তদন্ত কৰা হ’ব আৰু আইন অনুসৰি শাস্তি পাব৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা
২০১৯ চনৰ আগষ্টৰ পাছত জম্মু-কাশ্মীৰত শান্তি প্ৰতিষ্ঠা হৈ গ’ল বুলি বিৰাট দাবী কৰা হৈছিল৷ কিন্তু মোদীয়ে তৃতীয়বাৰ শপত লোৱাৰ পাছত যোৱা ৯৮ দিনত জম্মু-কাশ্মীৰত ২৫টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে, ২১জন নিৰাপত্তা বাহিনীৰ লোক শ্বহীদ হৈছে৷
– কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে
অনলাইন ট্ৰেডিঙত বগা ধন বিনিয়োগ কৰাসকলক চৰকাৰে টকা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি দিব লাগে৷
– মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস
‘লগান’ মোৰ ভাল লগা ছবি৷ লগানৰ আমিৰ খানে যিদৰে তেওঁৰ ক্ৰিকেট দলটোক আৱৰি ৰাখিছিল আৰু নেতৃত্ব দিছিল, ঠিক সেইদৰে ৰোহিত শৰ্মাই আমাৰ জাতীয় ক্ৰিকেট দলটোক আৱৰি ৰাখে৷ এসময়ত মই দূৰৈৰ পৰা দেখিছিলোঁ৷ এতিয়া দলত স্থান লাভ কৰাৰ পাছত তেওঁক যিমান দেখিছোঁ, সিমান মুগ্ধ হৈছোঁ৷
– ক্ৰিকেটাৰ ছৰফৰাজ খান
মানুহে জ্ঞানবাপীক মছজিদ বুলি কোৱাটো দুৰ্ভাগ্যজনক কথা৷ জ্ঞানবাপী আচলতে নিজেই ভগৱান বিশ্বনাথ৷
– ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
দেশৰ প্ৰত্যেকটো ছবি উদ্যোগতে হেমা কমিটীৰ দৰে একোখন কমিটী থকা উচিত৷ তেতিয়া ছবি উদ্যোগত নিৰ্যাতনৰ বলি হোৱা মহিলা শিল্পীসকলে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ব৷ অথবা তেনে কমিটী থাকিলে পুৰুষে মহিলা শিল্পীক নিৰ্যাতন কৰিবলৈ দুবাৰ চিন্তা কৰিব৷
– অভিনেত্ৰী অনন্যা পাণ্ডে