অসমৰ পৰিৱৰ্তে বাহিৰত বোমা দিয়ক পৰেশ বৰুৱাই! মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰঃ অসমত নহয়, অসমৰ বাহিৰতহে বোমা দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক এই আহ্বান জনাই কয়– পৰেশ বৰুৱা, আলফাই অসমৰ ভালৰ কাৰণে চিন্তা কৰে বুলি মই নিশ্চিত৷ পথ বেলেগ বেলেগ হ’ব পাৰে৷
তেওঁলোকৰ গান, ভিডিঅ’ ৰেকৰ্ডিং দেখিলে এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভাল পায়৷ যদি মই অসম আৰু অসমীয়াক ভাল পাওঁ, তেন্তে অসমত বোম দি কি লাভ৷ যদি বোম দিব লাগে বাহিৰত দিম৷ যদি সেনাৰ কনভয়ক আক্ৰমণ কৰিব লাগে তেন্তে আমি বেলেগ ঠাইত কৰিম৷ অসমত আমি কিয় কৰিম৷ দিছপুৰত যদি বোম দিওঁ, যোৰহাটত যদি বোম দিওঁ ক্ষতি কাৰ হ’ব? অসম আৰু অসমীয়াৰহে ক্ষতি হ’ব৷ যিখন ৰাজ্যৰ কাৰণে আলফাই মৰণপণ সংকল্প লৈছে, যিখন ৰাজ্যৰ কাৰণে ১০ হাজাৰ লোক শ্বহীদ হৈছে, সেইখন ৰাজ্যত তেজৰ ফাঁকু খেলি কাৰ লাভ হ’ব? অসমত আলফাৰ ৰাজনৈতিক তৎপৰতা থাকক৷ তাত বেয়া নাপাও৷ কিন্তু অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপ থাকিব নালাগে৷