Logo
image

নিমপাতত কি মহৌষধি গুণ আছে

সহজতে পাব পৰা নিমপাতৰ বহু উপকাৰী গুণ আছে৷ প্ৰাচীন কালৰে পৰা নিমপাতৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰি অহা হৈছে৷ নিমপাতত থকা ঔষধি গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বিশেষকৈ  চৰ্মজনিত ৰোগত আক্ৰান্ত হ’লে নিমপাত ভাজি খোৱাৰ উপৰি নিমপাতৰ পানীৰে গা ধুলে সংক্ৰমণ হ্ৰাস পায়৷ 



শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে যে নিমপাতত থকা নিমবোলাইড নামৰ উপাদানবিধে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে৷ নিমপাতত থকা নিমবোলাইডে কেন্সাৰৰ কোষ ধবংস কৰে৷ তদুপৰি  নিমপাতে আন বিভিন্ন শাৰীৰিক সমস্যাতো ঔষধৰ কাম কৰে৷ উল্লেখ কৰা হ’ল নিমপাতে কৰা উপকাৰিতা–

- নিমপাত ৰ’দত শুকুৱাই যিকোনো পাচলিৰ সৈতে সিজাই খাব পাৰি৷
- নিমপাত যিকোনো খাদ্যৰ সৈতে ভাজি খালেও সুফলপোৱা যায়৷ 
- নিমপাতৰ ৰস পুৱাৰ আহাৰ গ্ৰহণৰ পাছত খোৱাৰ অভ্যাস কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ভাইৰাছজনিত অসুখৰ পৰা হাত সাৰি থাকিব পৰা যায়৷
- বহুতৰে বেঙেনা ভাজিৰ সৈতে নিমপাত মিহলাই খোৱাৰ অভ্যাস৷ সাধাৰণতে নিমপাত তিতাগুণৰ বাবে বহুতে খাবলৈ অসুবিধা পায় যদিও বিভিন্ন ব্যঞ্জন যেনে– ৰঙালাওৰ গুটি, বাদাম আদিৰ সৈতে নিমপাত ভাজি খাব পাৰি৷ বিভিন্ন ব্যঞ্জনৰ উপৰি নিমপাত চাটনি কৰিও খাবপৰা যায়৷
- খালী পেটত কেতিয়াও নিমপাত বা তাৰ ৰস খাব নালাগে৷ বিশেষকৈ এচিডিটিৰ সমস্যা থাকিলে নিমপাত খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত৷ 
- নিমপাতে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ তদুপৰি নিমপাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়৷
- নিমপাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
- জণ্ডিচ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায়৷
- মহানিমৰ পাত সিজাই তাৰ পানীৰে মূৰ ধুলে উফি নাইকিয়া হয়৷ 
- মহানিমৰ ব্যঞ্জন খালে সকলো ধৰণৰ জ্বৰ-কাহ, কঁফ আদিৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ 
- নিমতেল গাত ঘঁহিলে ছালৰ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷