Logo
image

ইণ্টাৰনেটবিহীন জীৱন কেনে? চাৰি ঘণ্টাতে শিকনি পালে ৰাইজে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ছেপ্টেম্বৰ : ডিজিটেল ইণ্ডিয়া ! মানুহৰ জীৱনো এতিয়া যেন ইণ্টাৰনেট সৰ্বস্ব হৈ পৰিছে৷ তথ্য প্ৰযুক্তিৰ যুগৰ সৈতে খাপ খোৱাৰ বাবে নেট দুনীয়াত অভ্যস্ত হৈ পৰিছে মানুহ৷ সেয়েহে ইণ্টাৰনেট বিহীন জীৱন যেন এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে৷ ডিজিটেল ইণ্ডিয়াৰ যুগত ইণ্টাৰনেটে এতিয়া মানুহৰ দৈনন্দিন জীৱন নিয়ন্ত্ৰণ কৰা বুলি কলেও ভুল কোৱা নহ’ব৷ কিয়নো কিছু সময়ৰ বাবে ইণ্টাৰনেট নাথাকিলে জীৱন যে বৃথা সেয়া প্ৰমাণ হ’ল দেওবাৰৰ দিনটোত৷ অসম চৰকাৰৰ তৃতীয় বিভাগৰ পদৰ নিযুক্তি পৰীক্ষাৰ বাবে চৰকাৰে দেওবাৰে চাৰে তিনি ঘণ্টাৰ বাবে ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়াত ইণ্টাৰনেট বিহীন জীৱন কেনেকুৱা মৰ্মে মৰ্মে উপলব্ধি কৰিলে সৰ্বসাধাৰণ জনতাই৷ এক কথাত মাত্ৰ চাৰি ঘণ্টাতে শিকনি পালে ৰাইজে ক্ক মানৱ জীৱনক ইণ্টাৰনেটে ইমানেই গ্ৰাস কৰি পেলালে যে চাৰে তিনি ঘণ্টাৰ ইণ্টাৰনেট কৰ্তনৰ ফলত ভয়ংকৰ দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হয়৷ ইণ্টাৰনেট নথকাত বহিঃবিশ্বৰ সৈতে সামাজিক প্লেটফৰ্মত যোগাযোগ বিচ্ছিন্ন হৈ পৰাই নহয়, বেংকৰ পৰা ব্যৱসায়-বাণিজ্যলৈ সকলো কাৰ্যতঃ যেন স্তব্ধ হৈ পৰে৷ তৃতীয়বৰ্গৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল তথা বেমেজালিৰ সৃষ্টি হোৱাৰ আশংকাতে ৰাজ্য চৰকাৰে দেওবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ সম্পূৰ্ণ চাৰে তিনি ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তনৰ কথা আগতীয়াকৈ ঘোষণা কৰিছিল৷ কিন্তু ৰিলায়েঞ্চ জিঅ’ কোম্পানীয়ে অঞ্চল বিশেষ দেওবাৰে পুৱা জ্জ বজাৰ পৰাই মোবাইল ডাটা সেৱা কৰ্তন কৰি দিয়ে৷ ইয়াৰ পাছতেই এয়াৰটেল, ভ’ডাফোন আদি টেলিকম কোম্পানীয়ো নেটৱৰ্ক সেৱা বিচ্ছিন্ন কৰে৷ টেলিকম কোম্পানীসমূহে চৰকাৰৰ নিৰ্দেশ মানি চাৰে তিনি ঘণ্টাৰ পৰা সৰ্বাধিক পাঁচ-ছয় ঘণ্টা পৰ্যন্ত ইণ্টাৰনেট বিচ্ছিন্ন কৰি ৰখাত ভয়ংকৰ সমস্যাৰ সন্মুখীন হয় সাধাৰণ লোকসকলে৷ বিশেষকৈ ইণ্টাৰনেট সেৱা কৰ্তনৰ ফলত ইউপিআই লেনদেন স্তব্ধ হৈ পৰে৷ মোবাইল ডাটা নথকাত গুগল পে’, পেটিএম, ইউন’, ফোন পে’ আদি সকলো ধৰণৰ ইউ পি আই লেনদেন বন্ধ হৈ পৰে৷ ফলত ব্যৱসায় প্ৰতিষ্ঠানসমূহত ধনৰ লেনদেনত গ্ৰাহক-ব্যৱসায়ী দুয়োপক্ষই সমস্যাৰ সন্মুখীন হয়৷ সাম্প্ৰতিক সময়ত ব্যৱসায় প্ৰতিষ্ঠানসমূহত নগদ লেনদেন বন্ধ হৈ পৰিছে৷ মোবাইলত স্পৰ্শ কৰিয়েই বিভিন্ন ইউ পি আই এপৰ জৰিয়তে ধনৰ লেনদেন সহজ-সাধ্য হৈ পৰাত মানুহৰ নগদ ধনৰ প্ৰয়োজন এক প্ৰকাৰ নোহোৱা হৈ পৰিল৷ ফুটপাথৰ পাণ দোকানীৰ পৰা আৰম্ভ কৰি পুঁজিপতি উদ্যোগ-প্ৰতিষ্ঠানলৈকে সকলোৱে এতিয়া নগদ বিহীন লেনদেনতে অভ্যস্ত হৈ পৰিছে৷


স্বাভাৱিকভাৱেই ইণ্টাৰনেট কৰ্তনৰ ফলত দেওবাৰে ব্যৱসায় প্ৰতিষ্ঠানসমূহে ভয়ংকৰ লোকচানৰো সন্মুখীন হয়৷ কেৱল যে আৰ্থিক লেনদেনতে প্ৰভাৱ পৰে তেনে নহয়, ইণ্টাৰনেট কৰ্তন কৰি চৰকাৰে উবেৰ-ৰিপিড’ আদি শ্বেয়াৰ বাইক-টেক্সী চালকসকলে পেটত গোৰ সোধোৱা বুলিও অভিযোগ কৰিছে৷ দেওবাৰে সৰ্ববৃহৎ পৰীক্ষাটো অনুষ্ঠিত কৰাত যাত্ৰীৰ আশাত পুৱাই উবেৰ, অ’লা, ৰেপিড’ আদি শ্বেয়াৰ টেক্সী-বাইক চালকসকলে ওলাই আহিছিল যদিও নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ টেলিকম কোম্পানীয়ে মোবাইল ডাটা কৰ্তন কৰাত সকলো আশাত চেঁচা পানীত পৰে৷ কিয়নো মোবাইল ইণ্টাৰনেট উপলব্ধ নোহোৱাত অনলাইন শ্বেয়াৰ টেক্সীসমূহৰ সেৱা স্তব্ধ হৈ পৰে৷ লাভৰ আশা কৰিও মূৰকত দেওবাৰে লোকচানৰহে সন্মুখীন হয় খাটিখোৱা চালকসকলে৷ আনহাতে বহুতে গুগ’ল মেপত পৰীক্ষা কেন্দ্ৰৰ লোকেশ্বন বিচাৰি উলিয়াব বুলি ভাবি আছিল যদিও টেলিকম কোম্পানীয়ে আগতীয়াকৈ ইণ্টাৰনেট কৰ্তন কৰাত গভীৰ সমস্যাত পৰিবলগীয়া হয় বহু পৰীক্ষাৰ্থীয়ে৷ ইফালে জৰুৰীকালীন পৰিস্থিতিৰ বাবেহে টেলিগ্ৰাম এক্ট অনুসৰি ইণ্টাৰনেট সেৱা কৰ্তনৰ বাবে ৰাজ্যসমূহক কতৃৰ্ত্ব প্ৰদান কৰা হৈছে যদিও প্ৰায় ৩ হাজাৰ টা তৃতীয় বৰ্গৰ পৰীক্ষা পৰিচালনাৰ বাবে চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰাইজক দুৰ্ভোগৰ মুখলৈ ঠেলি দিয়া কাৰ্যত বিভিন্নজনে সমালোচনা কৰিছে৷ উল্লেখ্য, দেওবাৰে ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত ১১ লাখ ২৩ হাজাৰ ২০৪জন প্ৰাৰ্থীৰ বাবে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়৷ কেইবাখনো জিলাত পৰীক্ষা কেন্দ্ৰ নথকাত কাষৰীয়া জিলাসমূহত পৰীক্ষা দিবলগীয়া হোৱাত ৰাজ্যৰ প্ৰতিটো পথতে ব্যাপক যান-জঁটৰ সৃষ্টি হয়৷ তদুপৰি চৰকাৰৰ ফালৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ১২খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰে যদিও ৰাজহুৱা যান-বাহনৰ বাবেও পৰীক্ষাৰ্থীসকলে হাহাকাৰ কৰিবলগীয়া হয়৷ ইফালে একাংশ অসাধু যান-বাহন চালক-হেণ্ডিমেনে সুযোগ বুজি যাত্ৰীৰ পৰা অধিক ভাৰা লোৱাৰো অভিযোগ উঠিছে৷ একেদৰে গুৱাহাটী ৰিফাইনেৰী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত ৪৫ মিনিট পলমকৈ গেট খুলি দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে দেওবাৰে তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন সহজ অহা বুলি প্ৰাৰ্থীসকলে দাবী কৰিছে যদিও প্ৰশ্নৰ ‘মান’ক লৈ বিভিন্নজনে সমালোচনা কৰাও দেখা গৈছে৷ বিশেষকৈ ‘অলকানন্দা’ নামৰ জনপ্ৰিয় গীতটোৰ গীতিকাৰৰ নাম সোধা এটা প্ৰশ্নক লৈ সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ নিযুক্তি পৰীক্ষাৰ বাবে উক্ত প্ৰশ্নটোৰ গুৰুত্বতাকলৈয়ো সমালোচনা কৰা দেখা গৈছে বিভিন্নজনক৷ ইফালে, ধনৰ বিনিময়ত এডিআৰ পৰীক্ষা উত্তীৰ্ণ কৰাই দিয়াৰ নামত প্ৰবঞ্চনা কৰা চাৰিটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে৷ ডিফু থানাত ৰুজু হোৱা ৭৩/২০২৪ নম্বৰৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে মৰিগাঁৱৰ সপোন দাস, কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা, যোৰহাটৰ প্ৰমীলা শইকীয়া আৰু দেৰগাঁৱৰ তুলুমণি শইকীয়া নামৰ প্ৰবঞ্চক চাৰিটাক গ্ৰেপ্তাৰ কৰে৷ 

অন্তৰ্বাস খুলি তালাচী চলালে পৰীক্ষাৰ্থীক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : দেওবাৰে অনুষ্ঠিত হোৱা এডিআৰ পৰীক্ষাত পৰীক্ষাৰ্থীক তালাচীৰ নামত বিতৰ্কৰ সৃষ্টি হৈছে৷ পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ  প্ৰাক্‌মুহূৰ্তত নকলৰ তালাচী চলোৱাৰ নামত আৰক্ষীয়ে পৰীক্ষাৰ্থীৰ অন্তৰ্বাসত হাত সোমোৱা কাৰ্যক লৈ ক্ষোভ ব্যক্ত কৰিছে ভুক্তভোগী পৰীক্ষাৰ্থীসকলে৷ স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যুৱতী-মহিলাৰ অন্তৰ্বাস খুলি তালাচী চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতী পৰীক্ষাথ¹য়ে৷ নলবাৰীৰ বেলশৰৰ শ্বহীদ স্মৃতি ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰীক্ষাকেন্দ্ৰত তালাচীৰ নামত কোনো আঁৰ-বেৰ নথকাকৈ যুৱতী-মহিলাসকলক অন্তৰ্বাসৰ ভিতৰত হাত সোমোৱাই মহিলা আৰক্ষীয়ে তালাচী চলোৱাৰ ফেচবুক লাইভযোগে অভিযোগ কৰিছে নবনীতা শৰ্মা নামৰ এগৰাকী ভুক্তভোগী পৰীক্ষাৰ্থীয়ে৷ কেৱল মহিলা প্ৰাৰ্থীৰ লগতেই যেন এনে কাণ্ড সংঘটিত হৈছে তেনে নহয়, পুৰুষ প্ৰাৰ্থীৰো অন্তৰ্বাসৰ ভিতৰত হাত সোমোৱাই তালাচী চলোৱাৰ অভিযোগ উঠিছে৷ দেওবাৰে পৰীক্ষাৰ তালাচীৰ নামত সন্মুখীন হোৱা পৰিস্থিতিৰ সন্দৰ্ভত নৱনীতা চক্ৰৱৰ্তী নামৰ আন এগৰাকী যুৱতীয়ে সামাজিক মাধ্যমত লিখিছে এইদৰে–‘আজি সঁচাকৈ নিজকে খুব লজ্জিত অনুভৱ কৰিলো৷ শিক্ষাৰ নবদ্বীপ চহৰ নলবাৰীত এনেকুৱা কাণ্ড হ’ব বুলি ভবা নাছিলোঁ৷ সেয়া কল্পনাৰো বাহিৰত৷  মই নাজানো বেলেগ চৰহত কেনেকুৱা কৈ পৰীক্ষাৰ আগমুহূৰ্তত তালাচী চলোৱা হৈছে প্ৰতিজন শিক্ষাৰ্থীৰ ওপৰত? আজি যি অভিজ্ঞতা হ’ল সেয়া কিবা আচহুৱা যেন লগা এক কথা৷ কটন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰি এনেকুৱা পৰীক্ষা তেনেকৈ দিয়া মনত নপৰে৷ পঢ়া শেষ কৰিয়েই নেটৰ পৰীক্ষা দিব গৈছিলো, তাতো আমাক কোনেও এনেকুৱা ব্যৱহাৰ কৰা মনত নপৰে৷ নলবাৰী বেলশৰত আপোনালোকে কোনে কোনে পৰীক্ষা দিছিল প্ৰতিজনে হয়টো গম পাইছে কি হৈছিল৷ মই শ্বহীদ স্মৃতি কলেজৰ কথা কৈছোঁ৷ পৰীক্ষাৰ আগমুহূৰ্তত চেকিং কৰিছে খুব ভাল কথা৷ কিন্তু তেওঁলোকে পেণ্টী, ব্ৰা খুলি শৰীৰত স্পৰ্শ কৰিবলৈ সাহস ক’ত পালে? নেচনেল লেভেলত পৰীক্ষা দি আহিছোঁ তেনেকুৱাটো কেতিয়াওঁ হোৱা নাই৷ প্ৰথমতে তেওঁলোকে চেকিং কৰাৰ নামত শৰীৰটো এফালৰ পৰা চাইছে৷ একেবাৰে সাধাৰণ সাজ-পোচাকত মই চুৰিদাৰ এযোৰ পিন্ধি গৈছিলো৷ সৰুৰ পৰা ডাঙৰ হ’লো মনত নপৰে কেতিয়াওঁ পৰীক্ষাত কিবা অনিয়ম কৰিছো৷ চেকিং কৰিছে খুব ভাল কথা কিন্তু পেণ্টী খুলি কি চাব বিচাৰিছে আমি নুবুজিলো৷ পৰীক্ষা হলত এইবোৰে ভাবি থাকিলো৷ এনেকুৱাকৈ চেকিঙৰ নামত অসভ্যালি কৰিবলৈ ক’ত সাহস পায় আৰু কোনে অধিকাৰ দিলে আমি নাজানো৷ আপোনালোকৰ লাজ সন্মান ন’হলেও আমিবোৰ ইমান নিৰ্লজ নহয়৷ মেধাৰ ভিত্তিত নিজৰ যোগ্যতাৰ বলত উচ্ছশিক্ষা লৈছো আপোনালোকক শৰীৰ দেখাবলৈ নহয়৷ এনেকুৱা জানিলে নগ’লো হয় পৰীক্ষা দিবলৈ৷ মানি লৈছো মহিলাই চেকিং কৰিছে,  কিন্তু এনেকৈ জানো কোনোবাই লেগিন্স খুলি, পেণ্টী খুলি, ব্ৰাৰ ভিতৰত হাত সোমোৱায় চেকিং কৰে৷ অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ ছোৱালীৰ শৰীৰটোক লৈ অসভ্যালি নকৰিব৷ আপোনালোকৰ লাজ সন্মান নাথাকিলেও বহুতৰ লাজ আছে৷ চেকিং কৰক ভাল কথা কিন্তু শৰীৰৰ কাপোৰ খুলি নহয়৷ পৰীক্ষা দিব গৈ মানসিক অশান্তিত ভুগিলে বহু প্ৰাৰ্থীয়ে৷ চৰকাৰলৈ বিনম্ৰ অনুৰোধ– শৰীৰটো বজৰুৱা নহয় যে মহিলা হ’লেও আপোনালোকক দেখাই ফুৰিম৷

শোণিতপুৰত ৪৫ সহস্ৰাধিকে দিলে নিযুক্তি পৰীক্ষা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : ৰাজ্য চৰকাৰৰ তৃতীয় বাবে প্ৰথম পৰ্যায়ত আজি পুৱা ১০.৩০বজাৰ পৰা ৰাজ্যজুৰি অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪১ শোণিতপুৰ জিলাৰ ১৫৫টা পৰীক্ষা কেন্দ্ৰত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ’য়৷ পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ চৰকাৰী চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, তেজপুৰ চৰকাৰী বহুমুখী কন্যা উচ্ছতৰ মাধ্যমিক বিদ্যালয়, তেজপুৰ একাডেমী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ৰাষ্ট্ৰভাষা উচ্ছ মাধ্যমিক বিদ্যালয়কে ধৰি সকলো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে৷  পৰীক্ষাৰ্থী সকল পৰীক্ষা কেন্দ্ৰত দীঘলীয়া শাৰীপাতি প্ৰৱেশ কৰে৷ আজিৰ পৰীক্ষাত শোণিতপুৰ জিলাৰ ১৫৫টা পৰীক্ষা কেন্দ্ৰত ৬১,৭০৬ গৰাকী পৰীক্ষাৰ্থীৰ ৪৫,৫৩০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় বুলি জানিব পৰা গৈছে৷ আনহাতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই পুৱালৈকে ৭০.৫৬ শতাংশ পৰীক্ষাৰ্থী অবতীৰ্ণ হোৱা বুলি ব্যক্ত কৰিছে যদিও এই সংখ্যা কিছু বাঢ়িব বুলি কয় তেওঁ৷  আনহাতে নগাঁৱকে ধৰি অন্য জিলাৰ পৰীক্ষাৰ্থী ৩২,০৯৪ গৰাকী হোৱাত ৩৭ক ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ অভিমুখী অভাবনীয়ভাবে যান-বাহন প্ৰবেশ কৰা পৰিলক্ষিত হয়৷ আনহাতে অসম চৰকাৰে জিলাখনত আজিৰ পৰীক্ষাৰ বাবে উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ আয়ুক্ত সচিব ঐনাম চৰন কুমাৰ সিঙক পৰ্যবেক্ষক নিয়োগ কৰাত বিষয়াগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয় পৰীক্ষা কেন্দ্ৰকে ধৰি প্ৰায় কেইটা পৰিদৰ্শন কৰে৷ আনহাতে জিলা প্ৰশাসনে আজিৰ কাৰণে শোণিতপুৰ কোষাগাৰত স্থাপন কৰা ষ্ট্ৰং ৰুমত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অ এম আৰ শ্বীট্‌ ৰখাৰ ব্যৱস্থা কৰিছে যদিও কাইলৈ গুৱাহাটীলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে৷

কোক্‌ৰাঝাৰৰ ১০১টা কেন্দ্ৰত ৬৯,৮৩৩ পৰীক্ষাৰ্থী

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি : অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাকেন্দ্ৰত তৃতীয়বৰ্গৰ নিযুক্তিৰ বাবে আয়োজন কৰা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADRE পৰীক্ষা আজি বিটিচিৰ সদৰ কোকৰাঝাৰতো অনুষ্ঠিত হয়৷ প্ৰকাশ যে কোকৰাঝাৰৰ মুঠ ১০১টা পৰীক্ষাকেন্দ্ৰত ৬৯,৮৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে পৰীক্ষাত অৱতীৰ্ণ হয়৷ প্ৰকাশ যে কোকৰাঝাৰ জিলা প্ৰশাসনে উক্ত পৰীক্ষা সুকলমে আৰু শান্তিপূৰ্ণভাৱে সমাপন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছিল আৰু সেই পৰিপ্ৰেক্ষিতত কোকৰাঝাৰত সুকলমে অনুষ্ঠিত হৈ যায় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা৷ উল্লেখ্য যে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ১৬৩ বিএনএছএছৰ অধীনত কেতবোৰ নিৰ্দেশনা জাৰি কৰাৰ উপৰিও আইন-শৃংখলাকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহ চালি-জাৰি চাই দৈনিক আৰু সাপ্তাহিক বজাৰ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল লগতে এই নিৰ্দেশ অমান্য কৰোঁতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সঁকীয়াই দিছিল৷ লগতে পৰীক্ষাত অনৈতিক পন্থা অৱলম্বন কৰোঁতাৰ বিৰুদ্ধে বিএনএচৰ ২২৩ নং ধাৰাৰ দফা ১০(১)মৰ্মে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনোৱা হৈছিল৷ তেনে ক্ষেত্ৰত দুই এটা বিসংগতিৰ বাহিৰে কোনো ধৰণৰ নীতি নিৰ্দেশনা ভংগ হোৱা পৰিলক্ষিত নহ’ল৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত চুবুৰীয়া ধুবুৰী জিলাৰ পৰা ৩৫ হাজাৰ আৰু কোকৰাঝাৰ জিলাৰ ২৬ হাজাৰ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়৷