Logo
image

মুখ্যমন্ত্ৰিত্ব এৰি নিৰ্বাচনৰ বাবে সাজু কেজৰিৱাল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : ‘দুদিনৰ (৪৮ ঘণ্টা) ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তাফা দিয়াৰ কথা ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে৷’ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত আজি এক দলীয় কৰ্মী সভাত  মুখ্যমন্ত্ৰীৰ পদৰ পৰা  ইস্তাফা দিয়াৰ কথা ঘোষণা কৰি কেজৰিৱালে কয়– ‘যেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত নহয়, তেতিয়ালৈকে মোৰ স্থানত বেলেগ কোনোবা এজন মুখ্যমন্ত্ৰী হ’ব৷ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া বিধায়িনী দলে ঠিক কৰিব৷ ৪৮ ঘণ্টাৰ ভিতৰত মই পদত্যাগ কৰিম৷ দুই-তিনি দিনৰ ভিতৰতে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব৷’ কেজৰিৱালে লগতে কয়– ‘জনসাধাৰণে ইমানদাৰ বুলি ৰায় নিদিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত নবহো৷ মোৰ দৰে উপমুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াও চকীত নবহে৷ মোৰ দৰে তেওঁৰো মনত পীড়া আছে৷ আমি দুয়ো এতিয়া সিদ্ধান্ত বিচাৰি ৰাইজৰ ওচৰলৈ যাম– ৰাইজে ক’ব লাগিব আমি ইমানদাৰ নে বেইমান৷ ঘৰে ঘৰে, গলীয়ে-গলীয়ে গৈ আমি ৰাইজক সুধিম৷ যদিহে ৰাইজে কয় আমি বেইমান তেন্তে এক মিনিট আৰু এই চকীত নবহো৷ ২০২০ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়তো মই ৰাইজক কৈছিলো– যদি আমি কাম কৰিছোঁ তেতিয়াহে ভোট দিব৷ এইবাৰ মই ৰাইজক সুধিব– মই ইমানদাৰ নে বেইমান৷’ উল্লেখ্য, সুদীৰ্ঘ ছয় মাহৰো অধিক কাল আবকাৰী নীতি কেলেংকাৰী গোচৰত তিহাৰ জে’লত কাৰাবন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে উচ্ছতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহে৷


উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু সূৰ্যকান্তৰ বিচাৰপীঠে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত চৰ্তসাপেক্ষ জামিন প্ৰদান কৰে৷ ন্যায়ালয়ে বান্ধি দিয়া চৰ্ত অনুসৰি অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব আৰু কোনো চৰকাৰী নথিত স্বাক্ষৰ কৰিব নোৱাৰিব৷ তদুপৰি তেওঁ এই গোচৰ সন্দৰ্ভত কোনো মন্তব্য আগবঢ়াব নোৱাৰিব৷ যোৱা ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক দিল্লী চৰকাৰৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে অৰবিন্দ কেজৰিৱালক ১০ মে’ৰ পৰা এক জুনলৈ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্ছতম ন্যায়ালয়ে৷ দুই জুনত তেওঁ কাৰাগাৰত আত্মসমৰ্পণ কৰাৰ পাছতে একেটা গোচৰত চিবিআয়ে কেজৰিৱালক কাৰাগাৰতে গ্ৰেপ্তাৰ কৰে৷ ইতিপূৰ্বে কেজৰিৱালে ইডিৰ গোচৰত জামিন লাভ কৰিছিল৷ অৱশেষত শুকুৰবাৰে তেওঁ চিবিআইৰ গোচৰতো জামিন লাভ কৰে৷ বিয়লি দিল্লীৰ প্ৰচণ্ড বৰষুণৰ মাজতে মনীষ ছিচোদিয়া, আতিশী মাৰলেনা আদিয়ে কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা আদৰি নিছিল৷ তিহাৰ জেলৰ পৰা মুক্তি লাভৰ পিছত আজি দুপৰীয়া কেজৰিৱালে দলীয় কৰ্মীৰ সন্মুখত বক্তব্য আগবঢ়ায়৷ উল্লেখ্য যে ২০২৫ ৰ ফেব্ৰুৱাৰী মাহত দিল্লী বিধানসভাৰ নিৰ্বাচনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তাফা দি চলিত বৰ্ষৰ নৱেম্বৰ মাহতে আগতীয়াকৈ মহাৰাষ্ট˜ৰ লগত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী জনাইছে৷ কাৰ্যতঃ আজিৰে পৰা ভোটযুদ্ধৰ বাবে ৰণশিঙা বজালে কেজৰিৱালে৷