Logo
image

দিল্লীত সুৰা ক্ৰয়ৰ নিয়মত বৃহৎ পৰিবৰ্তন, বৈধ বয়স ২১লৈ হ্ৰাস

আমাৰ অসম, ২৩ মাৰ্চঃ দিল্লীৰ সুৰা প্ৰেমীসকলৰ বাবে সুখবৰ৷   আপ চৰকাৰে আবকাৰী আইনত বৃহৎ পৰিৱৰ্তন অনাৰ চিন্তা চৰ্চা কৰিছে৷ সেই অনুসৰি সুৰা ক্ৰয়ৰ ক্ষেত্ৰত অনা হৈছে নতুন নিয়ম৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই এই কথা প্ৰকাশ কৰে৷ মন্ত্ৰীজনে উল্লেখ কৰা মতে আনকি মদ ক্ৰয়ৰ ক্ষেত্ৰতো পূৰ্বে ধাৰ্য কৰা বৈধ বয়সত পৰিৱৰ্তন অনা হ’ব৷ উল্লেখ্য যে দিল্লীত পূৰ্বে সুৰা ক্ৰয়ৰ নূন্যতম বৈধ বয়স আছিল ২৫ বছৰ৷ নতুন আবকাৰী আইন মতে এতিয়াৰে পৰা এই বয়স ২১ বছৰলৈ হ্ৰাস কৰা হৈছে৷ অৰ্থাৎ ২৫ বছৰৰ ঊধবৰ্ৰ যিকোনো গ্ৰাহকে সুৰা ক্ৰয়ৰ ক্ষেত্ৰত আৰু আইনী বাধাৰ সন্মুখীন হ’বলগীয়া নহ’ব৷ তদুপৰি বিলাতীসুৰাৰ ক’লা বজাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো চৰকাৰখনে কেতবোৰ নতুন ব্যৱস্থা হাতত লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে৷ উপ-মুখ্যমন্ত্ৰীজনে ৰাজহ বৃদ্ধিৰ বাবেই আপ চৰকাৰখনে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে৷