Logo
image

অব্যাহতি ল’লে শংকৰজ্যোতিয়ে সাঃ সম্পাদকৰ দায়িত্ব হাঞ্চেক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে কাৰ্বি আংলং জিলাৰ আছু নেতা চৰ্জুন হাঞ্চেক৷ আছুৰ স্থায়ী সাধাৰণ সম্পাদক বাছনি নোহোৱালৈকে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰিব বৰ্তমানৰ সহকাৰী সাধাৰণ সম্পাদক হাঞ্চেয়ে৷ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা আছুৰ মুখ্য কাৰ্যালয়ত ১৮ ছেপ্টেম্বৰ বুধবাৰে অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই হাঞ্চেৰ ওপৰত ন্যস্ত কৰে এই দায়িত্ব৷ উল্লেখ্য, সভাপতি উৎপল শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে অনুষ্ঠিত কৰা হয় সদৌ অসম ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা৷ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাই ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচিত নকৰালৈকে সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰে৷ অহা চাৰিমাহৰ ভিতৰত হ’বলগীয়া সাধাৰণ সভাত ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হ’ব৷ এই চাৰিমাহ চৰ্জুন হাঞ্চেই ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিব৷ সন্থাৰ আন সহকাৰী সাধাৰণ সম্পাদকসকলৰ মতামত লৈ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে চৰ্জুন হাঞ্চেৰ নাম সভাত প্ৰস্তাৱ কৰাৰ লগে লগে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া আৰু সদস্য, সদস্যাই হৰ্ষোল্লাসৰ মাজত এই প্ৰস্তাৱক সমৰ্থন কৰে আৰু সভাই সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গ্ৰহণ কৰে৷ ২০২৫ চনৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহত ছাত্ৰ সন্থাৰ সাধাৰণ সভা তথা প্ৰতিনিধি সন্মিলন অনুষ্ঠিত হ’ব৷


সভাৰ স্থান কেন্দ্ৰীয় সমিতিৰ পৰৱৰ্তী বৈঠকত ঠিৰাং কৰা হ’ব৷ উল্লেখ্য, শংকৰজ্যোতি বৰুৱাই ১২ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পাছৰে পৰা খালী হৈ আছে উক্ত পদ৷ আছুৰ কেন্দ্ৰীয় সমিতিত সহকাৰী সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে কাৰ্বি আংলং জিলাৰ চৰ্জুন হাঞ্চেৰ উপৰি ধেমাজিৰ দীপক শৰ্মা, তিনিচুকীয়াৰ ৰাণা সোনাৰ, গোৱালপাৰাৰ অভিজিৎ নাথ আৰু তেজপুৰৰ নিতুল বৰাই৷ ছাত্ৰ সন্থাৰ সংবিধান অনুসৰি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটীৰ কাৰ্যকাল চাৰি বছৰ৷ উৎপল শৰ্মা নেতৃত্বাধীন নতুন কমিটীয়ে দায়িত্ব লোৱা প্ৰায় এবছৰ পাৰ হৈছে৷ গতিকে পৰৱৰ্তী তিনি বছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰে আছুৰ কাম-কাজ পৰিচালনা কৰাত অসুবিধা আছে৷ সেইমৰ্মে আছুত নতুন সাধাৰণ সম্পাদকৰ সন্ধানো আৰম্ভ হৈছে৷ ইফালে, ছাত্ৰ সন্থাৰ সদ্যপদত্যাগী সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ১৫ ছেপ্টেম্বৰ, দেওবাৰে ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তফা দিয়ে৷ ইপিনে, চৰ্জুন হাঞ্চেক আছুৰ কাৰ্যনিৰ্বাহকে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়– ‘ছাত্ৰ সন্থাৰ প্তজন সহকাৰী সম্পাদকৰ মত লৈ চৰ্জুন হাঞ্চেৰ নাম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰূপে ঘোষণা কৰাৰ লগে লগে ছাত্ৰ সন্থাৰ সকলো সদস্যই ঠিয় হৈ, হৰ্ষোল্লাসেৰে আদৰণি জনাইছে৷ হাঞ্চেক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদানে ৰাজ্যত পাহাৰ-ভৈয়াম, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভেটি কটকটীয়া কৰিব৷ আমি আশা কৰিছোঁ– অসমৰ জনগণে ছাত্ৰ সন্থাক পূৰ্বৰ সময়বোৰৰ দৰে আগন্তুক সময়তো বিভিন্ন ধৰণে অভিভাৱকত্ব প্ৰদান কৰি যাব৷’ ইফালে, ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ চৰ্জুন হাঞ্চেই কয়– ‘২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহি মই আছুৰ লগত জড়িত হৈ পৰিছিলোঁ৷ কাৰ্বি আংলং জিলা আছুক প্ৰতিনিধিত্ব কৰি মই কেন্দ্ৰীয় সমিতিলৈ আহিছিলোঁ৷ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দৰে ইমান এটা ডাঙৰ দায়িত্ব দিয়াৰ বাবে মই আছুৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ৷ আছুৰ জিলা, আঞ্চলিক আৰু শাখা পৰ্যায়ৰ সকলো কৰ্মীক ধন্যবাদ জনাইছোঁ৷ এই সময়ছোৱাত মই ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াৰ উপৰি অসমৰ জনগণৰ অভিভাৱকত্ব বিচাৰিছোঁ৷’