Logo
image

শীৰ্ষক্ৰমৰ বেটাৰৰ ব্যৰ্থতাৰ পাছত অশ্বিন-জাদেজাই ৰাখিলে ভাৰতৰ মান

চেন্নাই, ২০ ছেপ্টেম্বৰ : ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ আগৰে পৰা এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পিটচক লৈ চৰ্চা চলিছিল৷ শুনিবলৈ পোৱা গৈছিল প্ৰথম টেষ্ট ৰঙা মাটিৰ পিটচত খেলোৱা হ’ব৷ এনেধৰণৰ পিটচ সাধাৰণতে পেচ বলাৰৰ সহায়ক হয়৷ যিটো ধাৰণা কৰা হৈছিল, সেইটোৱেই হ’ল৷ বৃহস্পতিবাৰে পুৱা দেখা গ’ল ৰঙা মাটিৰ পিটচতে খেলোৱা হৈছে প্ৰথম টেষ্ট৷ টছত জয়ী হৈ প্ৰত্যাশিতভাৱেই বাংলাদেশৰ অধিনায়ক নাজমুল হাছান ছাণ্টোৱে আৰু তেওঁৰ এই সিদ্ধান্তক সঠিক প্ৰমাণ কৰে ২৪ বছৰীয়া পেচ বলাৰ হাছান মাহমুদে৷ ৯৬ ৰানতে ভাৰতে হেৰুৱাইছিল চাৰিটা উইকেট আৰু এই চাৰিটা উইকেটৰ ভিতৰত অধিনায়ৰ ৰোহিত শৰ্মা (৬), শুভমন গীল (০) আৰু বিৰাট কোহলিৰ (৬) উইকেট দখল কৰিছিল কেৰিয়াৰৰ চতুৰ্থখন টেষ্টত অৱতীৰ্ণ হোৱা মাহমুদে৷ অৱশ্যে বেটিঙৰ নিম্নক্ৰমত ৰবিচন্দ্ৰন অশ্বিনৰ অপৰাজিত শতক, ৰবীন্দ্ৰ জাদেজাৰ অৰ্ধশতক আৰু সপ্তম উইকেটত তেওঁলোকৰ মাজত যোগ হোৱা ১৯৫ ৰানৰ অপৰাজিত যুটিৰ সহায়েৰে প্ৰথম দিনৰ অন্তত ভাৰতে ছটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ৩৩৯ ৰান৷


ৰোহিত শৰ্মা, শুভমন আৰু  কোহলি ব্যৰ্থ হোৱাৰ বিপৰীতে অ’পেনাৰ যশস্বী জয়ছোৱালে ১১৮টা বলত জ্ঝটা ‘চাৰি’ৰে ৫৬ ৰানৰ বৰঙণি আগবঢ়ায়৷ ঋষভ পণ্টে ৫২টা বলত ছটা ‘চাৰি’ৰে ৩৯ আৰু লোকেশ ৰাহুলে ৫২টা বলত ১৬ ৰান সংগ্ৰহ কৰে৷ ভাৰতৰ ষষ্ঠ উইকেটৰ পতন হৈছিল ১৪৪ ৰানত৷ তাৰ পাছত অশ্বিন আৰু জাদেজা বাংলাদেশৰ বলাৰৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল৷  দিনটোৰ খেল সমাপ্তিৰ সময়ত অশ্বিন  ১১২টা বলত দুটা ‘ছয়’, দহটা ‘চাৰি’ৰে ১০২ আৰু জাদেজা ১১৭টা বলত দুটা ‘ছয়’, দহটা ‘চাৰি’ৰে ৮৬ ৰানত অপৰাজিত থাকে৷ টেষ্ট কেৰিয়াৰত অশ্বিনে ষষ্ঠ শতক সম্পূৰ্ণ কৰে৷ উল্লেখ্য, অশ্বিন আৰু জাদেজাৰ মাজত যোগ হোৱা ১৯৫ ৰান হৈছে বাংলাদেশৰ বিৰুদ্ধে সপ্তম উইকেটত ভাৰতৰ সৰ্বাধিক ৰানৰ যুটি৷ ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল শচীন তেণ্ডুলকাৰ আৰু জাহিৰ খানৰ নামত৷ ২০০৪ চনত ১৩৩ ৰানৰ যুটিৰে অভিলেখ গঢ়িছিল তেণ্ডুলকাৰ আৰু জাহিৰ খানে৷ বাংলাদেশৰ হাছান মাহমুদে ৫৮ ৰানত চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে এটাকৈ উইকেট লাভ কৰে নাহিদ ৰানা, মেহদি হাছান মিৰাজে৷