Logo
image

চুমিৰ ৭৬ লাখ টকীয়া আঙঠি তাৰ্কিকৰ গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ছেপ্টেম্বৰ : পুনৰ চৰ্চাত অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰা৷ উদ্ধাৰ হৈছে চুমি-ফুকনে পাতি লোৱা ভায়েক বিশাল ফুকনে উপহাৰ দিয়া ৭৬ লাখ টকীয়া হেৰুওৱা হীৰাৰ আঙুঠিটো৷ ১০ দিন ধৰি আত্মগোপন কৰি আৰক্ষীৰ হাতত নাটকীয়ভাৱে ১২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰাৰ পাছতেই চুমি বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই আৰক্ষীৰ জেৰাই বিশাল ফুকনে উপহাৰ দিয়া হীৰাৰ আঙুঠিটো হেৰাই যোৱা বুলি দাবী কৰিছিল৷ অৱশ্যে চুমি-তাৰ্কিকে আত্মগোপন কৰাৰ পাছতেই মহানগৰ আৰক্ষীয়ে তেওঁলোকৰ গুৱাহাটীৰ বাসগৃহত তালাচী চলাইছিল যদিও সেই সময়ত হীৰাৰ আঙুঠিটো লাভ কৰা নাছিল৷ অৱশ্যে বিশাল ফুকনৰ ট্ৰেডিং কাণ্ডৰ অন্যতম সহযোগী বুলি অভিযোগ উঠা চুমি বৰা আৰু তাৰ্কিক বৰাক ১৭ ছেপ্টেম্বৰত চি আই ডিয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত এইবাৰ বিশাল, চুমি আৰু তাৰ্কিকৰ সম্পত্তিৰ সন্ধানত নামি পৰিছে এছ আই টি৷


সেই সূত্ৰে এছ আই টিৰ এটা দলে বুধবাৰে তাৰ্কিক বৰাৰ আৰু চুমি বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাৰ বাসগৃহত তালাচী চলাই ৭৬ লাখ টকীয়া হীৰাৰ বিশেষ আঙুঠিটো জব্দ কৰে৷ তদুপৰি এছ আই টিৰ দলটোৱে তাৰ্কিকৰ বাসগৃহৰ পৰা আন আন সোণৰ গহণাকে ধৰি প্ৰায় ৮ কোটি টকাৰ মূল্যৰ আ-অলংকাৰো জব্দ কৰে৷ ইয়াৰ পাছতেই এছ আই টিৰ দলটোৱে মহানগৰীৰ পাথৰকুঁৱেৰীস্থত চুমি-তাৰ্কিকৰ আন এটা এপাৰ্টমেণ্টত অভিযান চলাই দুখন বিলাসী বাহনো জব্দ কৰে৷ তদুপৰি বেংকৰ নথি পত্ৰও জব্দ কৰিছে আৰক্ষীয়ে৷ জব্দকৃত সকলো সা-সামগ্ৰী এছ আই টিৱে ডিব্ৰুগড় থানালৈ প্ৰেৰণ কৰে৷ এই সকলো সম্পত্তি বিশালৰ পৰা চুমি-তাৰ্কিকে লাভ কৰা বুলিও আৰক্ষীয়ে দাবী কৰিছে৷