Logo
image

৬ হেজাৰ বছৰৰ পাছত উদ্‌গীৰণ এই আগ্নেয়গিৰিৰ

আমাৰ অসম, ২৩ মাৰ্চঃ আইচলেণ্ডৰ এটা আগ্নেয়গিৰিৰ ভয়ংকৰ উদ্‌গীৰণ ঘটিছে৷ জানিব পৰা মতে ৬ হেজাৰ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদ্‌গীৰণ ঘটিছে এই আগ্নেয়গিৰিটোৰ৷ আইচলেণ্ডৰ ৰাজধানী ৰেইকিয়াভিক চহৰৰ পৰা ৩২ কিলোমিটাৰ নিলগৰ ফাগ্ৰাডালোছ পৰ্বতমালাত থকা আগ্নেয়গিৰিটোত যোৱা শুকুৰবাৰে নিশা ৮-৪৫ বজাত উদ্‌গীৰণ ঘটে৷ লগে লগে সমগ্ৰ অঞ্চলটো বিয়পি পৰে জুই আৰু লাভাৰে৷ ফলত অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি হয়৷ জানিব পৰা মতে বিগত ৭৮১ বছৰত ৰেইকিয়াভিক অঞ্চলত আগ্নেয়গিৰিৰ এনে উদ্‌গীৰণ ঘটা নাছিল৷ তদুপৰি বিশেষজ্ঞসকলৰ মতে, ৬ হেজাৰ বছৰৰ পাছত আগ্নেয়গিৰিটোৰ এনে উদ্‌গীৰণ অঞ্চলটোত এয়াই প্ৰথম৷