Logo
image

পুনৰ মোদীৰ অৱসৰ লৈ প্ৰশ্ন তুলিলে কেজৰিৱালে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লৈয়েই অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে শাণিত আক্ৰমণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ সাম্প্ৰতিক কাৰ্যকলাপক লক্ষ্য কৰি লৈছে৷ আৰ এছ এছৰ গৰ্ভতে জন্ম হৈ এতিয়া বিজেপিয়ে তেওঁলোকৰ আদৰ্শগত সংগঠনটোক কিয় তুচ্ছ-তাচ্ছিল্য কৰে বুলি কেজৰিৱালে প্ৰশ্ন কৰাৰ লগতে বিজেপিত ৭৫ বছৰত অৱসৰ লোৱাৰ নীতি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত কিয় কাৰ্যকৰী নহয় বুলি প্ৰশ্ন উত্থাপন কৰে৷ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত যন্তৰ মন্তৰত আয়োজিত ‘জনতা কি আদালত’ শীৰ্ষক ৰাজহুৱা সভাত কৰা অৰবিন্দ কেজৰিৱালৰ এই আক্ৰমণে বিজেপিৰ অভ্যন্তৰত জোকাৰণিৰ সৃষ্টি কৰিছে৷ তেওঁ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতলৈ বিজেপিৰ কাৰ্যকলাপক লৈ পাঁচটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এৰি দিছে৷ ৭৫ বছৰ হোৱাৰ বাবে লালকৃষ্ণ আদৱানীৰ দৰে নেতাক অৱসৰ দিলেও সেই একেই নীতি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি অমিত শ্বাহে কিয় ৰাজহুৱা ঘোষণা কৰিলে, সেই লৈ অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰে৷ তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কিছুদিন পূৰ্বে এতিয়া বিজেপিক আৰ এছ এছৰ ছত্ৰছাঁয়াৰ প্ৰয়োজন নথকা বুলি কৰা মন্তব্য কৰি এয়া মাতৃৰ প্ৰতি পুত্ৰৰ অহংকাৰ প্ৰদৰ্শনৰ দৰে ঘটনা বুলি দাবী কৰে৷ কেজৰিৱালে কয়, বিজেপি আৰু মোদীয়ে তেওঁক দুৰ্নীতিগ্ৰস্ত বুলি প্ৰমাণ কৰাৰ চেষ্টা চলাই আছে৷


এই দিশত মোদী সফল নহ’ব বুলি তেওঁ দাবী কৰে৷ তদুপৰি মুখ্যমন্ত্ৰীৰ আসনৰ প্ৰতি লোভ নথকাৰ বাবেই তেওঁ পদত্যাগ কৰা বুলিও ৰাজহুৱা সভাত দাবী কৰে৷ মোদীৰ অৱসৰক লৈ কৰা প্ৰশ্ন বিজেপিৰ বাবে স্পৰ্শকাতৰ হৈ পৰাৰ বাবেই কেজৰিৱালে এই প্ৰশ্নৰে দলটোৰ দুৰ্বলতাত আঘাত হানিছে৷ আনহাতে বিজেপিৰ আদৰ্শগত নেতৃস্থানীয় সংগঠন আৰ এছ এছৰ সৈতে সংঘাত সৃষ্টি কৰাটো ৰাজনৈতিক লাভালাভ বাবেই তেওঁ আৰ এছ এছৰ মুৰব্বীলৈ প্তটা প্ৰশ্ন এৰি দিছে৷ মোহন ভাগৱতলৈ কেজৰিৱালৰ ৫টা প্ৰশ্ন–১) বিজেপিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰি অবিজেপি চৰকাৰ ভঙাটো আৰ এছ এছে সমৰ্থন কৰেনে? ২) বিজেপিয়ে দলৰ নেতাৰ অৱসৰৰ বয়স ৭৫ বছৰ কৰাৰ পাছতো সেই নীতি আদৱানী, মুৰলী মনোহৰ যোশী, কালৰাজ মিশ্ৰৰ দৰে নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাটো মোহন ভাগৱতে সমৰ্থন কৰেনে? ৩) আন দলৰ নেতাক প্ৰথমে দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰি পাছত বিজেপিয়ে সেই নেতাক দলত স্থান দিয়াটো আৰ এছ এছে সমৰ্থন কৰেনে? ৪) বিজেপিৰ সভাপতি জে পি নড্ডাই এতিয়া বিজেপিক আৰ এছ এছৰ প্ৰয়োজন নথকা বুলি কোৱা বক্তব্য আৰ এছ এছে সমৰ্থন কৰেনে? ৫) বিজেপিৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল আৰু কৰ্মপন্থা আৰ এছ এছে সমৰ্থন কৰেনে?