Logo
image

বিশালক পুনৰ ন্যায়িক জিম্মালৈ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৪ ছেপ্টেম্বৰ : আদালতে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিলে অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত বিশাল ফুকনক৷ চাৰিদিনৰ ডিব্ৰুগড় আৰক্ষীৰ জিন্মাত থকা বিশাল ফুকনক আজি বিয়লি ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ ২০ ছেপ্টেম্বৰতে ডিব্ৰুগড় আৰক্ষীয়ে জিন্মাত লৈছিল বিশাল ফুকনক৷ ডিব্ৰুগড় সদৰ থানাত লকআপত উৎকত গৰমৰ মাজত অসহ্যকৰ দিন কটাবলগীয়া হৈছিল৷ ইয়াৰ মাজতে চিআইডিয়ে বিশাল ফুকনক চলাছিল মাৰাথান জেৰা৷ এই জেৰাত বহু ন ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে চুমি আৰু বিশালে অবৈধভাৱে গঢ়া সম্পত্তি৷ উল্লেখ্য যে, আজি পুৱাৰ ভাগত বিশাল ফুকনক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছতে আজি বিয়লি ভাগত বিশালক ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাৰ পিছতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে৷


ইফালে চিআইডিৰ জেৰাত বিশালে নাম লৈছে বহু হাইপ্ৰফাইল ব্যক্তিৰ৷ ইফালে অভিনেত্ৰী চুমি বৰাক অহা ২৪ ছেপ্টেম্বৰত বৰবৰুৱা আৰক্ষী থানাই জিন্মাত লোৱাৰ কথা৷ বৰবৰুৱা আৰক্ষী থানাত চুমিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈছে৷ উল্লেখ্য যে, যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড় গান্ধীনগৰস্থিত প্ৰবাঞ্জলী এপাৰ্টমেণ্টৰ পৰা আটক কৰি ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিয়েই ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাইছিল বিশাল ফুকনক৷ সেইদিনাই বিশাল ফুকনক ৩ দিনৰ আৰক্ষী জিন্মাত লৈ জেৰাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৬ ছেপ্টেম্বৰত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছিল৷ অন্যহাতে ১২ ছেপ্টেম্বৰত এছ টি এফে গ্ৰেপ্তাৰ কৰিছিল চুমি-তাৰ্কিকক৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভাতৃ অম্লান বৰাক ১৪ ছেপ্টেম্বৰত ডিব্ৰুগড় গতাই দিছিল৷ চুমি-তাৰ্কিকক পাঁচদিনৰ আৰু ৩ দিনৰ অম্লান বৰাক আৰক্ষীৰ জিন্মাত ৰাখি তিনি অভিযুক্তক ১৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ ইফালে আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২য২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩)অধীনত পঞ্জীয়ন কৰা হৈছে৷