Logo
image

অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব ‘লাপতা লেডিজে’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ ছেপ্টেম্বৰ : ২০২৫ চনৰ অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ বিদেশী ছবিৰ শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিব কিৰণ ৰাওৰ বহুচৰ্চিত ছবি ‘লাপতা লেডিজে’৷ ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই এক বিবৃতিৰ জৰিয়তে ভাৰতে অহা বছৰৰ ৯৭ সংখ্যক অস্কাৰলৈ প্ৰেৰণ কৰিবলগীয়া ছবিখনৰ নাম সোমবাৰে ঘোষণা কৰিছে৷ অসমৰ ছবি পৰিচালক জাট্ৰু বৰুৱাৰ অধ্যক্ষতাত মুঠ ১৩জন জুৰী বৰ্ডৰ সদস্যই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া ছবিখনৰ নাম মুঠ ২৯ খন ছবিৰ মাজৰ পৰা চূড়ান্ত কৰে৷ অৱশ্যে ছ’চিয়েল মিডিয়াৰ ‘স্বয়ম্ভু জুৰী’ৰ মতে ভাৰতে এইবাৰ অস্কাৰলৈ পায়ল কাপাডিয়াৰ ‘অল উই ইমাজিন এজ লাইট’ ছবিখনহে প্ৰেৰণ কৰিব লাগিছিল৷


পিছে জুৰী বৰ্ডৰ অধ্যক্ষ জাট্ৰু বৰুৱাই কয় যে ৭-৮ দিন ধৰি তেওঁ আৰু আন ১২ জন জুৰীয়ে মুঠতে ২৯ খন ছবি পুংখানুপুংখভাৱে চাইছে আৰু ঐক্যমত্যৰ ভিত্তিতে ‘লাপতা লেডিজ’ অস্কাৰৰ মঞ্চত বিদেশী শ্ৰেষ্ঠ ছবিৰ শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ যোগ্য বুলি বিবেচনা কৰিছে৷ বিবৃতিত ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই লিখিছে–‘সমৰ্পণ আৰু কতৃৰ্ত্ববোধৰ সংমিশ্ৰণত সৃষ্টি হৈছে ভাৰতীয় নাৰী৷ শক্তিশালী চৰিত্ৰৰ মাধ্যমেৰে ‘লাপতা লেডিজ’ ছবিয়ে সেই বক্তব্যকে দাঙি ধৰিছে৷ ছবিখন কেৱল ভাৰতীয় নাৰীৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ মহিলাৰ বাবেই গুৰুত্বপূৰ্ণ৷ সেই বাৰ্তা ছবিখনত আছে৷’উল্লেখ কৰিব পাৰি, ভাৰতক ২০২৫ চনত অস্কাৰত বিদেশী শ্ৰেষ্ঠ ছবিৰ শিতানত প্ৰতিনিধিত্ব কৰাৰ দৌৰত ‘এনিমেল’, ‘শ্ৰীকান্ত’, তামিল ছবি ‘বাজহাই’, মালয়ালম ছবি ‘অট্টম’ আৰু অৱধাৰিতভাৱে চলিত বছৰত কাঁন চলচ্ছিত্ৰ মহোৎসৱত গ্ৰাঁ প্ৰি জয়ী ‘অল উই ইমাজিন এজ লাইট’ ছবিসমূহ আছিল৷ কিন্তু জাট্ৰু বৰুৱা নেতৃত্বাধীন জুৰী বৰ্ডে ‘লাপতা লেডিজ’ ছবিখনকে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচন কৰিলে৷