Logo
image

ঔৰংগাবাদৰ অভয়াৰণ্যত ৮১ বছৰৰ পাছত দৃশ্যমান ঢেকীয়াপতীয়া

আমাৰ অসম, ২৩ মাৰ্চঃ এটা দুৰ্লভ মুহূৰ্ত৷ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ গৌতলা আউট্ৰামঘাট অভয়াৰণ্যত প্ৰত্যক্ষ হ’ল ঢেকীয়াপতীয়া৷ এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে পৰিৱেশবিদসকলৰ মাজত আনন্দৰ জোঁৱাৰ উঠিছে৷ কিয়নো ১৯৪০ চনৰ পাছত সুদীৰ্ঘ ৮১ বছৰৰ মূৰত ঔৰংগাবাদৰ এই অভয়াৰণ্যখনত বাঘৰ আবিৰ্ভাৱ ঘটিছে৷ অভয়াৰণ্যখনৰ দায়িত্বত থকা বনবিষয়া বিজয় সতপাতে সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে ঢেকীয়াপতীয়াটো হয়তো গৌতলা অভয়াৰণ্যলৈ আহিছে ৩৩০ কিলোমিটাৰ আঁতৰত থকা ইয়াবমলেৰ অভয়াৰণ্যৰ পৰা৷ সি যি কি নহওক যোৱা ১১ আৰু ১২ মাৰ্চৰ দিনা ঔৰংগাবাদৰ গৌতালা অভয়াৰণ্যত ৮১ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে এটা পূৰ্ণ বয়ষ্কৰ ঢেকীয়াপতীয়া৷