Logo
image

সৰিয়হৰ ডুলিতে ভূত , বিজেপিত ভুৱা ঠিকা-চক্ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা বুলি শাসক দল বিজেপিয়ে ইমান দিনে আস্ফালন কৰি আহিছিল যদিও সেই আস্ফালন ফুটুকাৰ ফেনলৈ পৰিণত কৰি বিজেপিৰ বৰঘৰতে দালাল-প্ৰৱঞ্চকৰ ভিৰ বৃদ্ধি পাব ধৰিছে৷ বাজপেয়ী ভৱনত বাহৰ পাতি নিবনুৱাৰ পৰা চাকৰিৰ নামত লাখ লাখ টকা সৰকোৱা  অনুৰাগ চলিহা নামৰ বিজেপি নেতাজনৰ কু-কাণ্ডৰ পৰিণতিতে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হৈছিল৷ এই ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এইবাৰ ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে বিজেপি নেতাই বহিঃৰাজ্যৰ ব্যৱসায়ী ঠিকাদাৰৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ আ(ৰ্যজনক বিষয়টোত বিজেপি নেতাই ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত এনেদৰে প্ৰৱঞ্চনাৰ জাল পেলাই যে খোদ দিছপুৰৰ মন্ত্ৰীৰ আৱাসৰ লগতে জনতা ভৱনত মন্ত্ৰীৰ কনফাৰেঞ্চ ৰূমত বহুৱাই নকল এচিএছ বিষয়া আৰু মন্ত্ৰীৰ পিএৰ লগত ভুক্তভোগী ঠিকাদাৰক ভুৱা মিটিং কৰাই ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰিছিল৷ দেউৰী স্বায়ত্ত শাসিত পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, মটক স্বায়ত্ত শাসিত পৰিষদ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ নামত বিভিন্ন সামগ্ৰী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা আত্মসাৎ কৰিছিল বিজেপিৰ এই প্ৰৱঞ্চক চক্ৰটোৱে৷ এই প্ৰৱঞ্চনাৰে জড়িত বিজেপিৰ কিষাণ মৰ্চাৰ বাগ্‌সা জিলাৰ সভাপতি দেৱ প্ৰকাশ ভাগৱতীক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি অসীম কুমাৰ দাস আৰু প্ৰৱঞ্চকটোৰ সহযোগী ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীৰ লগতে নিৰঞ্জন দাস নামৰ আন এজন দালালকো গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে৷


নয়দাৰ Prontiach IT Pvt Ltd নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক আদিবাসী উন্নয়ন পৰিষদৰ নামত ২০০ কোটি টকা বিচনা চাদৰ, গাৰু কভাৰ যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰি প্ৰায় ৪কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ তুলি নয়দাৰে ছানী ব্ৰেজা নামৰ ব্যৱসায়ীজনে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিল বিজেপি নেতাজনৰ বিৰুদ্ধে৷ একে সময়তে বেংগালুৰুৰ মাফো এক্সপৰ্টছ নামৰ আন এটা প্ৰতিষ্ঠানকো দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ভুৱা ৱৰ্ক অৰ্ডাৰ দি ৩ কোটি ৭৭ লাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে দিছপুৰ থানাত ১৮২/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ নয়দাৰ ব্যৱসায়ী ছানী ব্ৰেজাৰ এজাহাৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে ১৩/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি অৱশেষত মঙলবাৰে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি অসীম দাস আৰু বিৰিঞ্চি বৰকটকীৰ লগতে নিৰঞ্জন দাস নামৰ সচিবালয়ৰ এটা দালালকো খেদি খেদি গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী সূত্ৰই সদৰী কৰা মতে নয়দা ব্যৱসায়ী ছানী ব্ৰেজাই তেওঁৰ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰী অমিত জালানীৰ জৰিয়তে অসমৰ এই নিবিদাৰ বিষয়ে প্ৰথমে অৱগত হৈছিল৷ ইয়াৰ পাছতে অমিত জালানীয়ে নয়দাৰ অৰ্জুন মেহতা নামৰ আন এজন ব্যৱসায়ীক পৰিচয় কৰোৱাই দিয়ে ছানীক৷ অমিত জালানী আৰু অৰ্জুন মেহতাৰ কথা মতে ছানী ব্ৰেজাই বিগত জুন মাহত গুৱাহাটীলৈ আহি জাকিৰ হুছেইন নামৰ এজন অধিবক্তাৰ সৈতে পৰিচয় হয়৷ অধিবক্তাজনৰ কথা মতে ব্যৱসায়ীজনে নিবিদাৰ সন্দৰ্ভত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি অসীম দাসৰ লগতে পৰৱৰ্তী সময়ত অসম চৰকাৰৰ যুটীয়া সচিব তথা এ চি এছ বিষয়া বুলি পৰিচয় দিয়া বি এন শৰ্মা আৰু দেৱ প্ৰকাশ ভাগৱতী নামৰ দুজন ব্যক্তিৰ সৈতে দিছপুৰত বৈঠকত মিলিত হয়৷

আনকি ২০০ কোটি টকা ভুৱা ৱৰ্ক অৰ্ডাৰত ছানী ব্ৰেজাৰ সন্মুখতে স্বাক্ষৰ কৰে অসম চৰকাৰৰ যুটীয়া সচিব বুলি পৰিচয় দিয়া বি এন শৰ্মাই৷ আদিবাসী উন্নয়ন পৰিষদৰ প্ৰধান সচিবৰ হৈ উক্ত ভুৱা ৱৰ্ক অৰ্ডাৰ জাৰি কৰা হয়৷ অৱশ্যে ৱৰ্ক অৰ্ডাৰ স্বাক্ষৰৰ সময়ত বি এন শৰ্মা বুলি পৰিচয় দিয়া লোকজন প্ৰকৃততে প্ৰৱঞ্চক চক্ৰটোৰ সদস্য ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ প্ৰাক্তন প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীহে আছিল৷ এই প্ৰৱঞ্চক চক্ৰটোৱে নিবিদা লাভৰ বাবে নয়দাৰ ব্যৱসায়ীজনৰ পৰা প্ৰথমে পঞ্জীয়ন মাচুল বুলি কৈ মুঠ ৮৫ লাখ টকা আদায় কৰে৷ উক্ত ৮৫ লাখ টকা আদায় দিয়াৰ পাছতেই অসীম দাস বাহিনীয়ে ব্যৱসায়ীজনক দিছপুৰত মন্ত্ৰীৰ কনফাৰেঞ্চ ৰূমত বহুৱাই হাতত তুলি দিয়ে মুঠ ২০০ কোটি টকাৰ বিচনা চাদৰকে ধৰি বিভিন্ন সামগ্ৰী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ৷ উক্ত ৱৰ্ক অৰ্ডাৰ লৈ ব্যৱসায়ীজনে প্ৰৱঞ্চক চক্ৰটোৱে উল্লেখ কৰি দিয়া কামৰূপৰ চাংসাৰিৰ গুডামত প্ৰায় ৰ কোটি ২০ লাখ টকা সামগ্ৰীও যোগান ধৰে৷ কিন্তু সামগ্ৰী যোগানৰ পাছতেই ব্যৱসায়ীজনে বিলৰ ধন বিচাৰি অসীম দাস বাহিনীৰ সৈতে যোগাযোগ কৰোতে ওলাই পৰে উৰহী গছৰ ওৰ৷ অসীম দাস বাহিনীয়ে ব্যৱসায়ীজনৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়াত সন্দেহৰ সৃষ্টি হয়৷ ইয়াৰ মাজতে মটক স্বায়ত্ব শাসিত পৰিষদৰ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ গোচৰত চি আই ডিয়ে বিজেপিৰ কিষাণ মৰ্চাৰ নেতা দেৱ প্ৰকাশ ভাগৱতী নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰৰ পাছতেই নয়দাৰ ব্যৱসায়ীজনে নিজেও যে প্ৰৱঞ্চকৰ জালত ভৰি দিলে সেয়া নিশ্চিত হৈ পৰে৷ ইয়াৰ পাছতেই গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰাত অৱশেষত গৃহ বিভাগে অনুমতি দিয়াত বিজেপি নেতা অসীম দাসৰ লগতে সহযোগী বিৰিঞ্চি বৰকটকী আৰু নিৰঞ্জন দাস নামৰ লখিমপুৰৰ এজন দালালকো গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, বিজেপি নেতা অসীম দাসে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি দাবী কৰি আহিছিল৷ দলীয় টিকট ক্ৰয়ৰ বাবেই প্ৰৱঞ্চনাৰে ধন সংগ্ৰহৰ বাবে জাল পেলোৱাৰ কথাও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ প্ৰৱঞ্চনাৰ অভিযোগত বিজেপি নেতা গ্ৰেপ্তাৰে সৰিয়হৰ ডুলিতে ভূত বুলিও চৰ্চা লাভ কৰিছে৷