Logo
image

অৰুণাচলত ব্যৰ্থ গো-সুৰক্ষা মিছনঃ নাগালেণ্ড আৰু মেঘালয়তো সোমাব নোৱাৰিলে শংকৰাচাৰ্য

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ ছেপ্টেম্বৰঃ গো-সুৰক্ষাৰ বাৰ্তা প্ৰচাৰৰ বাবে অহা জগতগুৰু স্বামী শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ সৰস্বতী মহাৰাজৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ অলপো সুখকৰ নহ’ল৷ চাটাৰ্ড বিমানেৰে উত্তৰ-পূবত উপস্থিত হোৱা উত্তৰাখণ্ডৰ যোশী মঠৰ জ্যোতিৰ্মঠপীঠৰ শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ সৰস্বতীৰ গো-ধবজ যাত্ৰাত বাধা দিয়া হয় উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্য ক্ৰমে– অৰুণাচল, নাগালেণ্ড আৰু মেঘালয়ত৷ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত শংকৰাচাৰ্যক বিমান বন্দৰৰ পৰা বাহিৰ ওলাবলৈ প্ৰশাসনে অনুমতি নিদিয়াৰ বিপৰীতে মেঘালয়ত জগতগুৰুজনৰ বিমানৰ অৱতৰণৰে অনুমতি লাভ নকৰিলে৷ অসমৰ বাহিৰে উত্তৰ-পূবৰ এই তিনিওখন ৰাজ্যতে বাধাৰ সন্মুখীন হোৱাত অৱশেষত শনিবাৰে ত্ৰিপুৰালৈ গো-ধবজ যাত্ৰাৰ বাবে ৰাওনা হয় শংকৰাচাৰ্য মহাৰাজে৷ উল্লেখ্য, হিন্দুসকলে গৰুক মাতা হিচাপে জ্ঞান কৰি আহিছে৷ সেয়েহে গো-মাংস খাদ্য হিচাপে ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই গো-সুৰক্ষাৰ বাৰ্তাৰে জগতগুৰু শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ সৰস্বতী মহাৰাজে দেশজুৰি প্ৰচাৰ চলাই আহিছে৷ 



সেই অনুসৰি জগতগুৰুজনে ২৫ ছেপ্টেম্বৰত চাটাৰ্ড বিমানেৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হয়৷ প্ৰথম দিনা গুৱাহাটীৰ আঠগাঁৱৰ গো-শালাত জগতগুৰুগৰাকীয়ে গো-ধবজ প্ৰতিষ্ঠা কৰি গো-সুৰক্ষাৰ সংকল্প পাঠ কৰোৱায়৷ ইয়াৰ পাছতেই শংকৰাচাৰ্যই অৰুণাচলৰ হোলংগী বিমান বন্দৰত উপস্থিত হয় যদিও ইটানগৰ প্ৰশাসনে তেওঁক বিমান বন্দৰৰ বাহিৰলৈ অহাৰ অনুমতি প্ৰদান নকৰিলে৷ সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই শংকৰাচাৰ্যৰ বিৰnদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত আইন-শৃংখলাৰ দোহাই দি বিমান বন্দৰৰ লাউঞ্জৰ পৰাই প্ৰশাসনে তেওঁক ঘূৰাই পঠিয়ায়৷ ইয়াৰ পাছতেই শংকৰাচাৰ্যই নাগালেণ্ডত উপস্থিত হোৱাত নাগালেণ্ডেতো অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হয়৷ নাগালেণ্ডৰ তিনিখন জিলাত গো-ধবজ যাত্ৰা নিষিদ্ধি ঘোষণা কৰি প্ৰশাসনে আইন-শৃংখলাৰ দোহাই দি জগতগুৰুজনক ডিমাপুৰ বিমান বন্দৰৰ পৰা বাহিৰ ওলোৱাৰ অনুমতি প্ৰদান নকৰিলে৷ ইয়াৰ পাছতেই গুৱাহাটীলৈ উভতি অহা শংকৰাচাৰ্যই শনিবাৰে মেঘালয়ৰ শ্বিলঙত গো-ধবজ যাত্ৰাত অংশ লোৱা কথা আছিল যদিও কেইবাটাও খাচী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰশাসনে শংকৰাচাৰ্যৰ বিমান মেঘালয়ত অৱতৰণৰ অনুমতি নিদিলে৷ আনকি শংকৰাচাৰ্যৰ ভ্ৰমণক লৈ প্ৰতিবাদ হোৱাত স্থানীয় প্ৰশাসনে ১৬৩ ধাৰা জাৰি কৰিবলগীয়া হয়৷ মেঘালয় প্ৰশাসনৰ বাধাৰ পৰিপ্ৰেক্ষিতত যাত্ৰা পথ সলনি কৰি জগতগুৰুজনে শনিবাৰে ত্ৰিপুৰাত গো-ধবজ যাত্ৰাত অংশগ্ৰহণ কৰে৷ 

উল্লেখ্য, উত্তৰ-পূৰ্বাঞ্চলৰ সংশ্লিষ্ট ৰাজ্যকেইখন খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ হোৱাৰ লগতে অধিকাংশ লোকেই গো-মাংস খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে৷ কিন্তু গো-মাংসক খাদ্য হিচাপে গ্ৰহণ কৰা ৰাজ্যকেইখনত গো-সুৰক্ষাৰ প্ৰচাৰ চলাবলৈ অহাত স্থানীয় সংগঠন আৰু প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয় জগতগুৰু শংকৰাচাৰ্যই৷ উল্লেখ্য, এইগৰাকী শংকৰাচাৰ্যই ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে কেডাৰনাথ মন্দিৰৰ ২২৮ কিলো সোণ চুৰি হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি সংবাদ শিৰোনাম দখল কৰিছিল৷