Logo
image

উফিৰ সমস্যা দূৰ কৰিবলৈ এই মিশ্ৰণ ব্যৱহাৰ কৰক

আপুনি উফিৰ সমস্যাত ভুগিছে নেকি? উফিৰ সমস্যাই আপোনাক জৰnলা কৰিছে নেকি? সাধাৰণতে দেখা যায় ¸শীতকালি উফিৰ সমস্যাই মানুহক বাৰুকৈয়ে আমনি দিয়ে৷ শীতকালি মূৰৰ ত্বক শুকাই যায় আৰু  শুকান ছালৰ পৰাই উফিৰ সমস্যাই দেখা দিয়ে৷ এই সমস্যাৰ পৰা সকাহ পাবলৈ সাধাৰণতে অনেক মহিলাই এণ্টি ডেণ্ড্ৰাফ চেম্পু ব্যৱহাৰ কৰে৷ অনেকে আকৌ বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্টো ব্যৱহাৰ কৰে৷ তথাপিও এই সমস্যাৰ পৰা মুক্তি পোৱাটো কঠিন হৈ পৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে  ঘৰতে তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰি উফিৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰি৷ নেমুৰ দ্বাৰা তৈয়াৰ কৰা হেয়াৰ মাস্ক ব্যৱহাৰ কৰি উফি নিয়ন্ত্ৰণ কৰিব পাৰি৷ নেমুত সাধাৰণতে ছাইট্ৰিক এছিদ থাকে, যি উফি আঁতৰ কৰাত বিশেষভাৱে সহায় কৰে৷ তদুপৰি নেমুৰ ৰসৰ পৰা তৈয়াৰ কৰা হেয়াৰ মাস্কত এণ্টি মাইক্ৰ’বিয়াল থাকে৷ যি উফি আঁতৰ কৰে৷ উফি দূৰ কৰাৰ কাৰণে এক হেয়াৰ পেক তৈয়াৰ কৰি ল’ব লাগে৷ মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণ, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণে কিদৰে উফি আঁতৰ কৰিব পাৰি তাক জানো আহক৷



- মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰ কৰক  
চুলি মসৃণ কৰাৰ লগতে উফি দূৰ কৰে এই মিশ্ৰণে৷  আপোনাৰ চুলি যদি খুব শুকান হয় তেনেহ’লে এই মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে৷ নেমুৰ ৰসৰ সৈতে মৌ মিশ্ৰণ কৰি চুলিত লগাই প্ৰায় ২০ মিনিট সময়ৰ পাছত চেম্পু দি মূৰটো ধুই পেলাওক৷ দেখিব আপোনাৰ চুলি মসৃণ হোৱাৰ লগতে উফি দূৰ হৈছে৷ 

- দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰ কৰক
নেমুৰ ৰসৰ লগত দৈ মিহলাই এই মিশ্ৰণটো তৈয়াৰ কৰি চুলিত লগাওক৷ আধাঘণ্টাৰ পাছত মূৰটো চেম্পুৰে ধুই দিয়ক৷ দেখিব আপোনাৰ উফিৰ সমস্যাৰ বহুপৰিমাণে দূৰ হৈছে৷