Logo
image

ধ্ৰুপদী ভাষা ঘোষণা হোৱাৰ পথত অসমীয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ অক্টোবৰ : অসম চৰকাৰৰ প্ৰচেষ্টাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ দিশে আগবাঢ়িছে৷ আইৰ মুখৰ ভাষাটোক ধ্ৰুপদী ভাষাৰ তালিকাত স্থান দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ব্যক্তি বিশেষে চলাই অহাৰ প্ৰচেষ্টাই পূৰ্ণতা পোৱাটো কাৰ্যতঃ নিশ্চিত হৈ পৰিছে৷ দেশৰ ৬টা ভাষা ক্ৰমে তামিল, সংস্কৃত, তেলুগু, কন্নড়, মালায়ালাম আৰু ওড়িয়াৰ পাছতেই সম্ভৱত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিব৷ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ তালিকাত স্থান দিয়াৰ বাবে ইতিমধ্যে অসম সাহিত্য সভাৰ হৈ প্ৰাক্তন সভাপতি  কুলধৰ শইকীয়াই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ ২০২১ চনতে ৩৯৪ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰেৰণ কৰিছিল৷ ইফালে, ধ্ৰুপদী ভাষাৰ তালিকাত অসমীয়া ভাষাক স্থান দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰৰে অসম চৰকাৰেও যোগাযোগ অব্যাহত ৰখাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়– ‘অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ স্বীকৃতি দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছোঁ৷ এই প্ৰস্তাৱটোৱে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলীৰ পৰাও আগবাঢ়ি গৈ অসমীয়া ভাষাৰ এক অনন্য স্থান প্ৰাপ্তিত সহায় কৰিব৷


মই নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ এই অনুৰোধ গভীৰভাৱে বিবেচনা কৰিব৷’ উল্লেখ্য, ভাৰত চৰকাৰে ২০০৪ চনৰ পৰা কমেও ১,০০০ বছৰীয়া পূৰণি প্ৰাচীন ভাষাসমূহক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰি আহিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ ভাষা বিশেষজ্ঞ কমিটীয়ে উচ্ছ পৰ্যায়ৰ গুণগত মান অক্ষুণ্ণ ৰখা পৰম্পৰাগত ভাষাসমূহক ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰে৷ ইয়াৰ বাবে ভাষাটোৰ উচ্ছমানৰ লেখা তথা প্ৰামাণিক ইতিহাস থাকিব লাগিব৷ সংশ্লিষ্ট ভাষাটোৰ প্ৰাচীন সাহিত্য তথা লেখাৰ সমলসমূহ প্ৰজন্মৰ পাছত প্ৰজন্মই ব্যৱহাৰ কৰিব লাগিব৷ অৱশ্যে অসমীয়াৰ উপৰি মাৰাঠী, বাংলা, পালি, মণিপুৰী, সিন্ধি আৰু মৈথিলী ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ ফালৰ পৰা পৃথকে পৃথকে কেন্দ্ৰীয় চৰকাৰে আবেদন লাভ কৰিছে৷ লক্ষণীয়ভাৱে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠিত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনতো অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে৷ অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াবৰ বাবে ২০২০ চনৰ পৰাই অসম সাহিত্য সভাই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয় আৰু সাহিত্য অকাদেমিলৈ ইতিপূৰ্বে এই সন্দৰ্ভত অসম সাহিত্য সভাৰ ফালৰ পৰা, ঘাইকৈ অসমীয়া ভাষাৰ জন্ম তথা উৎপত্তি, ভাষাৰ বিকাশ, শিলালিপি, তাম্ৰলিপি, হস্তলিপি, স্থাপত্য আদি বিভিন্ন ঐতিহাসিক প্ৰমাণ-সমল প্ৰেৰণ কৰা হৈছে৷