Logo
image

দীপাংকৰলৈ বাট চাইছে আৰক্ষীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ অক্টোবৰ : ট্ৰেডিং গুৰু স্বপ্ননীল দাসক পুনৰ ৪ দিনৰ জিম্মাত লৈছে দিছপুৰ আৰক্ষীয়ে৷ ছেবিৰ অনুমোদন অবিহনে ট্ৰেডিং প্ৰশিক্ষণ প্ৰদান কৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা শিৱসাগৰৰ যুৱক  স্বপ্ননীল দাসক বিগত ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ দিছপুৰ আৰক্ষীয়ে আই পি চি, বি এন এছ আৰু Banning of unregulated deposit schemes act-২০১৯ৰ ধাৰাত ৯৩৪/২৪ নম্বৰত গোচৰ ৰুজু কৰি স্বপ্ননীল দাসক দুবাৰকৈ জিম্মাত লৈ জেৰা কৰাৰ অন্তত বিগত ৪ ছেপ্টেম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷ এই জেৰাত আৰক্ষীয়ে ট্ৰেডাৰজনৰ প্ৰৱঞ্চনাৰ বিশেষ তথ্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও শেহতীয়াকৈ স্বপ্ননীলৰ মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ ব্যৱসায়ীৰ কেতবোৰ চাঞ্চল্যকৰ লিংক উদ্‌ঘাটন কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি  ধৃত স্বপ্ননীলে ছেবিৰ অনুমতি অবিহনে ট্ৰেডিঙৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি বিনিয়োগকাৰীসকলক অজ্ঞাত কাৰণত কেৱল ‘ফিউচাৰ অপচন’ ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল৷ অথচ ছেবিয়ে কেতিয়াও বিনিয়োগকাৰীক ‘ফিউচাৰ অপচন’ ট্ৰেডিং কৰিবলৈ পৰামৰ্শ দিয়ে৷ স্বপ্ননীল দাসৰ প্ৰৱঞ্চনাত ভোল গৈ বিভিন্নজনে ট্ৰেডিঙত ধন বিনিয়োগ কৰি শেষত সৰ্বস্বান্ত হ’বলগীয়া হৈছিল৷ তদুপৰি মাত্ৰ ১৫ হাজাৰ টকা লৈ ট্ৰেডিং আৰম্ভ কৰা স্বপ্ননীল দাসে দুবছৰতে কেনেকৈ কোটিপতি হ’ল তাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷


এনে কাৰণতে স্বপ্ননীল দাসক পুনৰ ৪ দিনৰ জিম্মাত লৈছে দিছপুৰ আৰক্ষীয়ে৷ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে স্বপ্ননীল দাসক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷ ইফালে, ট্ৰেডিঙৰ নামত ৭,০০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডি চি ষ্টকৰ স্বত্বাধিকাৰী প্ৰৱঞ্চক দীপাংকৰ বৰ্মন শীঘ্ৰে জালত পৰিব বুলি দাবী কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানে৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত দীপাংকৰ বৰ্মনৰ সন্দৰ্ভত ডিজিপি জি পি সিঙে কয়– দীপাংকৰ বৰ্মন কিমান দিন পলাই থাকিব? এদিন আহিবই৷ এই কেচটো কাৰিকৰী প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত৷ ডিজিটেল পদ্ধতিত কোনো সাৰি যাব নোৱাৰে৷ কোনে পইচা ক’ত কেতিয়া বিনিয়োগ কৰিছে সকলো  ডিজিটেল ৰেকৰ্ড আছে৷ এতিয়া সকলো এজেঞ্চি চি বি আই, ইডি, আয়কৰ একেলগ হৈ কাম কৰি আছোঁ৷ সেয়েহে কোনো সাৰি যাব নোৱাৰে৷ গ্ৰেপ্তাৰ হোৱাত হয়তো দুদিন আগ বা দুদিন পিছ৷ দীপাংকৰ বৰ্মন শীঘ্ৰে ধৰাও পৰিব আৰু শাস্তিও হ’ব৷