Logo
image

১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ ঊধবৰ্ক ভেক্‌চিন

আমাৰ অসম, ২৪ মাৰ্চঃ ৪ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ঠিক পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে ৪৫ বছৰ ঊধবৰ্ৰ দেশৰ সকলো নাগৰিককে ১ এপ্ৰিলৰ পৰা ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰিব বুলি ঘোষণা কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই পৰ্যন্ত দেশত ৬০ বছৰৰ ঊধবৰ্ৰ নাগৰিক আৰু ৪৫ বছৰৰ ঊধবৰ্ৰ একাধিক অসুস্থতাত ভোগা ভাৰতীয় নাগৰিকক মোদী চৰকাৰে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিছিল৷ মোদী চৰকাৰৰ পক্ষৰ পৰা মাথোঁ দুসপ্তাহ আগলৈকে বাৰম্বাৰ ঘোষণা কৰা হৈছিল যে, দেশৰ সকলো নাগৰিকক বিনামূল্যে প্ৰতিষেধক প্ৰদানৰ দায়িত্ব চৰকাৰৰ নাই৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ কেইবাজনো বিষয়াই একাধিকবাৰ ৰাজহুৱাকৈ কৈছিল, দেশৰ সকলো নাগৰিকক চৰকাৰে বিনামূলীয়া প্ৰতিষেধক প্ৰদান নকৰে৷ এনে একাধিকবাৰৰ ঘোষণাৰ পাছত মঙলবাৰে হঠাতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ঘোষণা কৰে যে, অহা ১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ ঊধবৰ্ৰ সকলো নাগৰিককে কেন্দ্ৰীয় চৰকাৰে বিনামূল্যে প্ৰতিষেধক প্ৰদান কৰিব৷ তেওঁ কয়– ‘দেশৰ ৪৫ বছৰ ঊধবৰ্ৰ সকলোকে প্ৰতিষেধক গ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ মই অনুৰোধ জনালো৷ কৰ’না ভাইৰাছ টাস্ক ফৰ্চ আৰু বিশেষজ্ঞৰ সৈতে আলোচনাৰ অন্তত কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেশত প্ৰতিষেধক যথেষ্ট মাত্ৰাত আছে৷’

উল্লেখ্য, বিগত ১৬ জানুৱাৰীৰ পৰা দেশত ক’ভিডৰ টিকাকৰণ আৰম্ভ হৈছে৷ মোদী চৰকাৰে মহাআড়ম্বৰেৰে প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিলেও সেই অভিযানৰ গতি অতি মন্থৰ৷ সংসদীয় ষ্টেণ্ডিং কমিটীৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এই গতিত টিকাকৰণ অভিযান চলি থাকিলে দেশৰ সকলো নাগৰিকক প্ৰতিষেধক প্ৰদান কৰিবলৈ ৭ বছৰ সময় লাগিব৷ এইমছৰ মুৰব্বী ৰণদ্বীপ গুলেৰিয়াৰ মতে বিলম্বিত টিকাকৰণ কোনো লোকৰ শৰীৰৰ বাবে কাৰ্যকৰী নহ’ব৷ কিয়নো যিমানে সময় অতিক্ৰম হ’ব সিমানেই ক’ভিডৰ ভাইৰাছে মিউটেচনৰ দ্বাৰা অৰ্থাৎ ৰূপান্তৰৰ জৰিয়তে নতুন ষ্টেনৰ সৃষ্টি কৰিব৷ তেতিয়া বহুদিন পূৰ্বৰ ষ্টেনৰ প্ৰতিৰোধৰ বাবে উদ্ভাৱন কৰা প্ৰতিষেধক নতুন ষ্ট্ৰেনৰ ক্ষেত্ৰত অকামিলা হৈ পৰিব৷

প্ৰসংগতঃ, মোদী চৰকাৰৰ লক্ষ্য আছিল প্ৰথম পৰ্যায়ত ৫০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা৷ প্ৰাৰম্ভিকভাৱে চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, চাফাইকৰ্মীক প্ৰতিষেধক প্ৰদানৰ পাছত আৰক্ষী, অৰ্ধসামৰিক বাহিনী অৰ্থাৎ প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা আছিল কেন্দ্ৰৰ৷ ইয়াৰ পাছত ৬০ বছৰৰ ঊধবৰ্ আৰু ৪৫ বছৰৰ ঊধবৰ্ৰ ক’-মৰ্বিডিটি থকা লোক৷ সকলো মিলি সৰ্বমুঠ ৫০ কোটিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য থাকিলেও এই পৰ্যন্ত কেৱল ৪.৮৫ কোটিকহে প্ৰথমটো পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে মোদী চৰকাৰ৷ আনহাতে ৮০ লাখে দুপালি প্ৰতিষেধক লৈছে৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে৷ অৰ্থাৎ কেন্দ্ৰ চৰকাৰে লক্ষ্যপূৰণৰ কাষেই চাপিব নোৱাৰাতো জাভড়েকাৰৰ বক্তব্যতে নিশ্চিত হৈছে৷ সংসদীয় ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদনৰ মতে মোদী চৰকাৰে টিকাকৰণৰ লক্ষ্যৰ ৭ শতাংশহে স্পৰ্শ কৰিব পাৰিছে৷ এয়া অতিশয় উদ্বেগজনক৷

৫০ কোটি সাজু হৈ থকা প্ৰতিষেধকৰ আঢ়ৈ মাহত কেৱল ৪.৮৫ কোটিহে ব্যৱহাৰ হোৱাত মোদী চৰকাৰে ৫ ৰাজ্য-কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ এই ঘোষণা নিৰ্বাচনী ঘোষণাৰ দৰেই হোৱা বুলি চৰ্চা হৈছে৷