দৰমহা দি আছোঁ, ফ্লাই অ’ভাৰ বনাইছোঁ, বিত্তীয় সংকট ক’ত?
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰ : ‘চৰকাৰৰ আৰ্থিক সংকট হোৱা বুলি কংগ্ৰেছ তথা বিৰোধীয়ে কি বুজাইছে৷ ক’ত আৰ্থিক সংকট হৈছে দেখুৱাই দিয়ক৷’–এনেদৰে বিৰোধীক তীক্ষ্ণ প্ৰত্যাহ৩ান জনাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি দাবী কৰে যে চৰকাৰৰ আৰ্থিক সংকট কংগ্ৰেছ- বিৰোধীৰহে সৃষ্টি৷ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত সাংবাদিকেৰে হোৱা বাৰ্তালাপত ৰাজ্যত অৰ্থনৈতিক সংকটৰ সকলো অভিযোগ একেষাৰে নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘মানুহে অৰুণোদয় পাই আছে৷ চৰকাৰী কৰ্মচাৰীসকলে মাহৰ ৰ তাৰিখে দৰমহা পাই আছে৷ পূৰ্ণগতিত ইখনৰ পাছত সিখন ফ্লাই অভাৰ নিৰ্মাণ হৈ আছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মথাউৰি নিৰ্মাণ হৈ আছে৷ গতিকে আৰ্থিক সংকটৰ ডেফিনেশ্বনটো কি– এইটো মই বুজি নাপাওঁ৷ তেওঁলোকে (বিৰোধীয়ে) মোক সূত্ৰটো বুজাই দিলেই হ’ল, আৰ্থিক সংকট মানেনো কি বুজাইছে৷ পূজা কমিটীয়েও অহা কালি পইচা পাব৷ বিহু কমিটীয়েও পইচা পায়৷ ৰাজ্যত ভাওনা কৰিলেও পইচা পায়৷ গতিকে আৰ্থিক সংকট দেখাসকলে ক’ত আছে মোক দেখাই দিলেই হ’ল৷ কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম৷ ঋণ এনেয়ে ল’ব নোৱাৰি৷ মই বহুবাৰ বিধানসভাত ইয়াৰ উত্তৰ দিছো৷ আকৌ এবাৰ কওঁ যে ঘৰুৱা আয়ৰ ৩.৫ শতাংশ ঋণ ল’ব পাৰি৷ অসমে ঋণ লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলত আছে৷ ঋণ লোৱাৰ ক্ষেত্ৰত দেশৰ তলৰ পাঁচখনৰ ভিতৰত অসম আছে৷ ঋণৰ ক্ষেত্ৰত কংগ্ৰেছ শাসিত ৰাজ্যবিলাক অসমতকৈ ওপৰত আছে৷ আপোনালোকে ছাত্ৰীসকলক যিমানেই হিতাধিকাৰী বুলি ক’ব সিমানেই মিডিয়াক তেওঁলোকে বেয়া পাব৷ টিভি, পেপাৰ নপঢ়া হ’ব৷ কাৰণ হিতাধিকাৰীৰ সংখ্যা আপোনালোকৰ ভাষাত বহুত বেছি হৈ গ’ল৷ অৰুণোদয় ৪০ লাখ, নিযুত মইনা ২ লাখ, স্কুটী ৬০ হাজাৰ, আয়ুষ্মান ভাৰতৰ আয়ুষ্মান কাৰ্ড ৬২ লাখ আছে৷ হিতাধিকাৰীয়ে এটা মাহত পইচা নাপালে আপোনালোকেই লিখি দিয়ে৷ ২০২৬ ত কংগ্ৰেছে চৰকাৰ য’ত বনাই, বনাই থাকক৷ বৰ্তমান ৰাইজৰ কাৰণে কৰিবলগীয়া মোৰ আৰু বহুত কাম আছে৷ ড॰ মনমোহন সিঙে যেতিয়া ভাৰতৰ বিভিন্ন ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছিল তেতিয়া অসমীয়া ভাষাক দিয়া নাই বুলি কংগ্ৰেছে প্ৰতিবাদ কিয় নকৰিলে৷ কংগ্ৰেছৰ দিনত চৰাইদেউ মৈদামে কিয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি নাপালে৷ কংগ্ৰেছৰ দিনত গামোচা অসমলৈ বাহিৰৰ পৰা অহা কিয় বন্ধ নহ’ল৷ কংগ্ৰেছৰ দিনত ইউনিভাৰচেল হেল্থ ইঞ্চুৰেন্স কিয় নহ’ল৷ কংগ্ৰেছৰ হাতত এতিয়া কোনো অস্ত্ৰ, ইচ্ছু্য নাই৷ ৰাতিপুৱা গধূলি মোক অলপ গালি-গালাজ কৰি থকাৰ বাহিৰে তেওঁলোকৰ একো কাম নাই৷’
অসমৰ আৰ্থিক অৱস্থা জুৰুলা হোৱা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে : পীয়ূষ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : শেহতীয়াকৈ অসম চৰকাৰৰ আৰ্থিক অৱস্থা জুৰুলা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে৷ কংগ্ৰেছ দল আৰু এচাম অসমবিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈ অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠিপৰি লাগিছে৷ কংগ্ৰেছক এইদৰে ক্ষুৰধাৰ সমালোচনা কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ মন্ত্ৰী হাজৰিকাৰ মতে দুৰ্নীতি, অপশাসনেৰে একপ্ৰকাৰে অভিলেখ সৃষ্টি কৰি কংগ্ৰেছে বিধবস্ত কৰি যোৱা অসমৰ ঔদ্যোগিক, সামাজিক ভেটি বিজেপি চৰকাৰে বহু কষ্টৰে পুনৰ গঢ়ি তুলিছে৷ উগ্ৰপন্থী সমস্যা দমন কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগে লগে অসমত এক ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছে৷ টাটা গ্ৰুপ প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন কৰিছে৷ স্বচ্ছ, নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে অসমে৷ অসমৰ এই উন্নয়নমূলক যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ উপকৃত হৈছে আৰু ৰাজ্য চৰকাৰে উন্নয়নৰ যাত্ৰাৰ সহযাত্ৰী হৈছে৷ ইয়াক দেখি কংগ্ৰেছ দল আৰু এচাম অসমবিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈ অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠিপৰি লাগিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে৷ উল্লেখ্য যে, টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত স্থাপন কৰা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ লগতে ৰাজ্য চৰকাৰৰ স্বচ্ছ, নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই৷ ৰাজ্য চৰকাৰে ঋণ লোৱাৰ প্ৰসংগক কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী গৰাকীয়ে৷ পীয়ূষ হাজৰিকাৰ মতে, এখন ৰাজ্যই ঋণ লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কিছু সুস্পষ্ট নীতি-নিৰ্দেশনা আছে৷ ৰাজ্য এখনক কিমান পৰিমাণলৈ ধাৰ দিব পৰা যায়, সেয়াও ৰিজাৰ্ভ বেংকে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা চালি-জাৰি চাইহে নিৰ্ণয় কৰে৷ ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি অসমৰ বহু পৰিমাণৰ ধাৰ ল’ব পৰা ক্ষমতা আছে, কিন্তু সিমান পৰিমাণলৈ ধাৰ লোৱা নাই, ল’বলগীয়া পৰিস্থিতিও হোৱা নাই আৰু ভৱিষ্যতেও নহয়৷ আনহাতে এখন ৰাজ্যই ধাৰ লাভ কৰা মানে জানিব যে সেইখন ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত৷ আৰ্থিক অৱস্থা উন্নত নহ’লে কোনো এজেন্সীয়ে ৰাজ্য এখনক ঋণ প্ৰদান নকৰে৷ অসমৰ অৰ্থনৈতিক অৱস্থাক লৈ অপপ্ৰচাৰ চলাই থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে কংগ্ৰেছ তথা বিৰোধী দলসমূহে শাসন কৰা কেইখনমান ৰাজ্যৰ ঋণৰ পৰিমাণৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে৷ মন্ত্ৰী হাজৰিকাই দিয়া তথ্য অনুসৰি, কেৰাল– প্ৰায় ৪.২৯ লাখ কোটি টকাৰ ঋণ, তেলেংগানা– প্ৰায় ৪.৫ লাখ কোটি টকাৰ ঋণ, পশ্চিম বংগ– প্ৰায় ৬.৯৩ লাখ কোটি টকাৰ ঋণ, পঞ্জাৱ– প্ৰায় ৩.৭৪ লাখ কোটি টকাৰ ঋণ, তামিলনাডুৱে– প্ৰায় ৮.৩৩ লাখ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে আৰু এই গোটেইকেইখন ৰাজ্য হৈছে কংগ্ৰেছ দল অথবা কংগ্ৰেছৰ মিত্ৰদলৰ শাসিত ৰাজ্য৷ বিপৰীতে অসমৰ ঋণৰ পৰিমাণ হৈছে প্ৰায় ডেৰ লাখ কোটি টকা আৰু ইয়াৰে ৪১,৯৬৪ কোটি টকাৰ ঋণ ২০১৬ চনত শাসনৰ পৰা যাবৰ সময়ত কংগ্ৰেছ চৰকাৰে থৈ গৈছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আছে আৰু আপোচবিহীন উন্নয়ন অনাগত দিনটো অব্যাহত থাকিব৷ সকলোকে আস্থা, বিশ্বাস ৰাখি অপপ্ৰচাৰত ভোল নাযাবলৈ বিনম্ৰতাৰে আহ৩ান জনাই মন্ত্ৰী পীযুষ হাজৰিকাই৷