মহ খেদিবৰ বাবে সহজ ঘৰুৱা উপায়
আমাৰ অসম বিশেষঃ তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে মহ-মাখিৰ উপদ্ৰৱ বৃদ্ধি পায়৷ মহ খেদাবৰ বাবে বজাৰত বিভিন্ন ধৰণৰ দৰৱজাতীয় সামগ্ৰী পোৱা যায় যদিও এয়া স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ মহে গ্ৰীষ্মকালীন দিনকেইটাত সংক্ৰমণ বৃদ্ধিত সহায় কৰে৷ বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু মহৰ জৰিয়তে সহজে বিয়পি পৰে৷ এনচেফেলাইটিছ নামৰ মহে কামুৰিলে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ এনে মাৰাত্মক ৰোগৰ বীজাণু কঢ়িয়াই ফুৰা মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে ঘৰুৱাভাৱে ব্যৱস্থা ল’ব পাৰি৷ ধূপ-ধূনা আদিৰ জৰিয়তে মহ আঁতৰাই পঠিওৱাৰ সমান্তৰালভাৱে ঘৰত সহজে উপলব্ধ নহৰু বটাৰ জৰিয়তে মহ খেদাব পাৰি৷ কেইফোটামান নহৰু পিচি লৈ এগচি মাটিৰ বন্তিত প্ৰথমে থোৱাৰ ব্যৱস্থা কৰক৷ তাৰ পাছত নহৰু বটাখিনিৰ ওপৰত তেজপাত পিচি তাৰ গুড়ি মিহলাই দিয়ক৷ ইয়াৰ ওপৰত সামান্য পৰিমাণৰ কপূৰ্ৰ দি মিশ্ৰণটোৰ ওপৰত অলপমান মিঠাতেল মিহলাই দিয়ক৷ তাৰ পাছত নহৰু বটাখিনি জ্বলাই দিয়ক৷ এইদৰে অলপ সময়ৰ বাবে মিশ্ৰণটো ভালদৰে জ্বলি উঠালৈ অপেক্ষা কৰক৷ লাহে লাহে নহৰু বটাখিনি জ্বলি উঠাৰ লগতে কোঠাটোত এক বিশেষ গোন্ধ সৃষ্টিৰ লগতে ধোঁৱা ওলাব৷ সেই গোন্ধ আৰু ধোঁৱা সহ্য কৰিব নোৱাৰি চৌহদটোৰ চাৰিওফালে থকা মহ অনায়াসে উৰি আহিব৷ এইদৰে সৃষ্টি হোৱা ধোঁৱা আৰু গোন্ধৰ ফলত অতি সহজেই মহ মৃত্যুমুখত পৰাৰ উপৰি সেই চৌহদ বা কোঠাৰ পৰা মহ সহজেই আঁতৰি যাব৷ বজাৰত উপলব্ধ ৰাসায়নিক পদাৰ্থৰ বিপৰীতে ঘৰুৱাভাৱে এই ব্যৱস্থাৰে মহ খেদিলে পৰিৱেশৰ লগতে স্বাস্থ্যৰো কোনো ক্ষতি হোৱাৰ আশংকা নাথাকে৷