শৰণাৰ্থীক দিছপুৰৰ ভূমিদান
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ অক্টোবৰ : ভিত্তিবৰ্ষক লৈ উচ্ছতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই বাংলাদেশী শৰণাৰ্থীক এইবাৰ ‘ভূমিদান’ কৰিবলৈ আগবাঢ়িছে দিছপুৰ৷ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই ১৯৫১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কৰাৰ আশা কৰিছিল যদিও বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ সপক্ষেহে মোহৰ মাৰিলে৷ কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে অসমৰ বিজেপি-অগপৰ মিত্ৰজোঁটৰ চৰকাৰেও ১৯৭১ চনৰ পক্ষত শপতনামা দাখিল কৰাত উচ্ছতম ন্যায়ালয়ৰ প্ত জনীয়া সাংবিধানিক বিচাৰপীঠে ‘অসম চুক্তি’ৰ আধাৰত অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ স্থিতাৱস্থা বাহাল ৰাখিবলৈ বাধ্য হয়৷ তাৎপৰ্যপূৰ্ণভাৱে সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৰ সুৰতে সুৰ মিলাই সদৌ অসম ছাত্ৰ সন্থায়ো সৰ্বোচ্ছ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠক ‘অসম চুক্তি’ৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনক সংশোধন কৰি ১৯৫১ চন কৰাৰ বাবেও কোনো আৰ্জি দাখিল কৰা নাছিল৷ এই যুক্তিৰ আধাৰতে প্তজনীয়া সাংবিধানিক বিচাৰপীঠে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৬ (ক) ধাৰা সংশোধনত সংসদৰ সাংবিধানিক কতৃৰ্ত্বক বৈধ্যতা প্ৰদান কৰি ১৯৭১ চনক অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে ছীল-মোহৰ মাৰি বৃহস্পতিবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰে৷ অথচ অসমৰ বিপৰীতে দেশৰ আন প্ৰান্তৰত ১৯৫১ চনকহে নাগৰিকত্বৰ ভিত্তিবৰ্ষ গণ্য কৰি অহা হৈছে৷
লক্ষণীয়ভাৱে, উচ্ছতম ন্যায়ালয়ৰ ভিত্তিবৰ্ষৰ এই ঐতিহাসিক ৰায়ৰ পাছতেই অলপো পলম নকৰি অসমৰ বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰে এইবাৰ শৰণাৰ্থীলৈ পাৰি দিলে ৰঙা দলিচা৷ ১৯৭১ চনৰ আগৰৰ সকলো বাংলাদেশী শৰণাৰ্থীক দেওবাৰৰে পৰা মিছন বসুন্ধৰা-৩.০১ জৰিয়তে ভূমি পট্টা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে দিছপুৰে৷ আশ্চর্যজনক বিষয়টো হৈছে, মিছন বসুন্ধৰা-৩১ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ অসমৰ ভূমিপুত্ৰ কোচ, কলিতা, আহোম, মৰাণ, মটক, চুতীয়া আদি বিভিন্ন আদিম জনগোষ্ঠীয় লোকৰ বাবে তিনিটা প্ৰজন্মই ভোগ দখল কৰি থকাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব যদিও বাংলাদেশৰ পৰা অহা শৰণাৰ্থীসকলে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ ৰিফিউজি চাৰ্টিফিকেট প্ৰদান কৰিলেই অসমত এতিয়া ভূমিৰ অধিকাৰ লাভ কৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিছন বসুন্ধৰা-৩ আঁচনিৰ শুভাৰম্ভ কৰি শৰণাৰ্থীৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ এই ‘উপহাৰ’ৰ কথা ঘোষণা কৰে৷ মিছন বসুন্ধৰাৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে এই বিষয়টোত কয়–‘১৯৫১ চনত অসমত যিসকল লোকৰ জন্ম হৈছিল আৰু যিসকলৰ তিনিটা প্ৰজন্ম নিৰন্তৰে অসমতে আছে, তেওঁলোক এই মিছন বসুন্ধৰা ৩.০ত অধিক উপকৃত হ’ব৷ এছ টিৰ কোনো লোকে প্ৰমাণ পত্ৰ দিয়াৰ প্ৰয়োজন নাই৷ এছ চিৰ লোকৰো তিনিটা প্ৰজন্মৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ নিবিচাৰো৷ অসমৰ চাহ জনজাতি, প্ৰাক্তন চাহ-জনজাতি, আদিবাসী লোকসকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিয়াৰ প্ৰয়োজন নাই৷ আৰু গোৰ্খা জনগোষ্ঠীয় লোকসকলকো তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰৰ পৰা ৰেহাই দিয়া হৈছে৷ ১৯৭১ চনৰ আগত অহা যিসকলৰ বৈধ ৰিফিউজি চাৰ্টিফিকেট আছে, তেওঁলোকে ৩.০১ সুবিধা গ্ৰহণ কৰিব পাৰি৷’ ৰিফিউজি চাৰ্টিফিকেট দাখিল কৰি আবেদন জনালেই ১৯৭১ চনৰ আগৰ হিন্দু বাংলাদেশী শৰণাৰ্থীসকলে ভূমিৰ অধিকাৰ লাভ কৰিব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে, দেওবাৰে মিছন বসুন্ধৰা-৩ আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে যদিও ইয়াৰ পূৰ্বেই বিগত ৮ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত বাংলাদেশৰ পৰা অসমলৈ অহা শৰণাৰ্থীসকলক ৰিফিউজি চাৰ্টিফিকেটৰ ভিত্তিত ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে বাংলাদেশী শৰণাৰ্থীসকলক হেলাৰঙে ভূমি পট্টা লাভৰ সৰল ব্যৱস্থা কৰাৰ বিপৰীতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ বিচাৰি কঠোৰ চৰ্ত আৰোপ কৰাৰ যুক্তি-যুক্ততাক লৈয়ো এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন মনেৰে বিচৰাৰ কথা ৰাজহুৱা কৰি উচ্ছতম ন্যায়ালয়ত ‘অসম চুক্তি’ৰ ভিত্তিত চৰকাৰে ১৯৭১ চনৰ সপক্ষে স্থিতি গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰিছে৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে সৰ্বোচ্ছ ন্যায়ালয়ৰ ১৯৭১ চনৰ ভিত্তিবৰ্ষৰ ৰায় ঐতিহাসিক হয়নে নে নহয়, তেওঁ নাজানো বুলিও মত ব্যক্ত কৰিছে৷ ইফালে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে শেহতীয়াকৈ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰি কৰি খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পদক্ষেপ আৰম্ভ কৰিছে৷ কিন্তু তেনে সময়তে একেখন চৰকাৰে সৰ্বোচ্ছ ন্যায়ালয়ে নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায় প্ৰদানৰ পিছ মুহূৰ্ততে হিন্দু বাংলাদেশীক ভূমি পট্টা প্ৰদানৰ বাবে তৎপৰতা আৰম্ভ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইতিমধ্যে জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ জৰিয়তে কাছাৰত দুলেন দাস নামৰ বাংলাদেশৰ পৰা কাটাতাঁৰ পাৰ হৈ অহা এজন হিন্দু বাংলাদেশীক চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিছে৷ খিলঞ্জীয়া ভূমিপুত্ৰক ভূমিৰ অধিকাৰৰ লাভৰ বাবে কঠোৰ চৰ্ত আৰোপ কৰি কেকোঁৰা চেপা দিয়া চৰকাৰখনে জাতি, মাটি আৰু ভেটিৰ কথা ক’লেও বাস্তৱত বাংলাদেশীৰ প্ৰতিহে যে প্ৰীতি বেছি সেয়া স্পষ্ট হৈ পৰিছে৷
দুৰ্নীতিৰ ক্ষেত্ৰত মণ্ডল এটা ক্লাছ হৈ পৰিছে : মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ‘দুৰ্নীতিৰ ক্ষেত্ৰত মণ্ডল এটা ক্লাছ হৈ পৰিছে৷ হাতত টকালৈ হাতে-লোটে ধৰা পৰা ২০০ জন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ভিতৰত অধিকাংশই মণ্ডল৷ এতিয়াৰে পৰা মণ্ডল নামটো সলনি কৰি লেণ্ডৰেকৰ্ড এছিটেণ্ট কৰা হ’ব৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে কলাক্ষেত্ৰত মিছন বসুন্ধৰা-৩.০ ৰ শুভাৰম্ভ অনুষ্ঠানত এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়–‘অফিচাৰ সকল মণ্ডলৰ চিকাৰ হৈ নগ’লেহে আমি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰিম৷ বহুত জিলা উপায়ুক্তৰ নামত ভূমিৰ আদান প্ৰদানৰ টকা সংগ্ৰহ হয়৷ উপায়ুক্তও মণ্ডলকলৈ এক্সচাইটেড হয়৷ কেইবাজনো অফিচাৰক মাতি আনি মই টকা বিচৰাৰ ফোন কল দেখুৱাইছো৷ আইজিপি-এছবিকলৈ কথা পাতিছো৷ ইয়ং অফিচাৰ বুলি এৰি দিছো৷ মুখ্যমন্ত্ৰীয় কয় যে–১ জানুৱাৰীৰ পৰা দিছপুৰত কল-চেণ্টাৰ খোলা হ’ব৷ ভূমি সংক্ৰান্তি নথি নিষ্পত্তি হোৱা লোকসকলৰ পৰা ফোনযোগে প্ৰকৃততে নিষ্পত্তি হ’ল নে নাই নিশ্চিত কৰা হ’ব৷ ডি চি, এ ডি চি, চক্ৰ বিষয়াসকলক কাৰ্যালয়ত সপ্তাহৰ নিৰ্দিষ্ট এটা দিনত সৰ্বসাধাৰণ ৰাইজক সাক্ষাৎ কৰাৰ বাবেও পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ শেহতীয়াকৈ জনতা ভৱনত এজন আবকাৰী বিষয়া গ্ৰেপ্তাৰ হোৱা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়–সেই বিষয়াজনৰ ঘৰত উদ্ধাৰ হোৱা ৪৭ লাখ টকা উচ্ছ পদস্থ বিষয়াসকলৰ নামত লোৱা বুলি স্বীকাৰোক্তি দিছে৷ চৰকাৰী ফাইল নিষ্পত্তিৰ ক্ষেত্ৰত চলি থকা দুৰ্নীতিও উদঙালে মুখ্যমন্ত্ৰীয়ে৷ এটা ফাইল কোনখন টেবুলত কিমান দিন থাকিল সেয়া প্ৰতিটো ফাইলৰ ওপৰত লিপিবদ্ধ কৰাৰ নিৰ্দেশ৷ মিছন বসুন্ধৰা-৩.০ ত অহা আবেদনৰ নামত যদি কোনোৱে টকা খোজে তাতকৈ লাজৰ কথা একো নহ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷
অসমত স্বৰ্ণিল যুগৰ সূচনা হৈছে : মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা : জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আৰু কেতবোৰ নতুন সেৱাৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০১ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ আনহাতে জৰুৰীকালীন অৱস্থাত নিৰৱচ্ছিন্ন যোগাযোগ আৰু প্ৰয়োজনীয় সহযোগিতাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া, কৰ্মচাৰীসকলক প্ৰজেক্ট চি ইউ জিৰ অধীনত চিম কাৰ্ড বিতৰণ কৰাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পুননিৰ্মাণ আৰু মেপসমূহ জনসাধাৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে৷ তদুপৰি পঞ্জীয়ন বিহীন আৰু ঐচ্ছিক পঞ্জীয়নযুক্ত নথি-পত্ৰসমূহৰ বাবে ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ কৰা ডিজিটেল ডাইৰেক্টৰীৰ উপৰি স্বমিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা-জৰীপ (এন চি) গাঁৱৰ ভূমি বন্দৱস্তিৰ বাবে আন এক পৰ্টেলো শুভাৰম্ভ কৰে৷ মৌজাদাৰসকলৰ কাৰ্যালয়সমূহক প্ৰযুক্তিগত উন্নয়নৰ বাবে ৰ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে, মিছন বসুন্ধৰা ৩.০১ জৰিয়তে মিছন বসুন্ধৰা ২.০১ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বস্ত থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, বন্দৱস্তি নোহোৱা পূৰ্বৰ ভূদানযগ্ৰামদান ভূমিৰ বন্দৱস্তি প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, চাহ অনুদানযগ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা প্ৰদান, তদুপৰি মিছন বসুন্ধৰা ২.০১ অধীনৰ সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান (গ্ৰামাঞ্চল) আৰু খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন সেৱা জনসাধাৰণৰ বাবে মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে উপলব্ধ হ’ব৷
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মিছন বসুন্ধৰা ৩.০ শুভাৰম্ভ হোৱা আজিৰ দিনটো আনন্দ আৰু স্মৰণীয় দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে ক’ভিডৰ পৰিৱেশৰ মাজত বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত উন্নয়নৰ কথা কোৱাটো এক অলীক কল্পনা আছিল৷ প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজহ সংস্কাৰৰ দিশত যুগান্তকাৰী পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয়– ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল৷ মিছন বসুন্ধৰা ১.০ ত ৮,১৩,৯৮১খন ভূমি সংক্ৰান্তীয় আৱেদন নিষ্পত্তি কৰা হৈছিল৷ প্ৰথম পৰ্যায়ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰী, দলিলসূত্ৰে নামজাৰী, বিবাদহীন বাটোৱাৰা, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল স্বত্ব নথকা পট্টাদাৰৰ নাম কৰ্তন, ম্যাদী পট্টাৰ আবণ্টন পত্ৰ, লিগেছি ডাটাৰ অদ্যৱধিকৰণ আৰু পট্টাদাৰৰ মোবাইল নম্বৰ সংলগ্নকৰণ সেৱাক সামৰি লোৱা হৈছিল৷ এই সেৱাসমূহ সাধাৰণ আৰু নিত্যনৈমিত্তিক আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত প্ৰায় ১২ লাখ লোকে আৱেদন কৰিছিল৷ নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা বিশাল ব্যৱধান আছে আৰু যিবোৰ কাৰণত সাধাৰণ সেৱাসমূহ জনসাধাৰণে আশা কৰা ধৰণে ল’বলৈ আগবাঢ়ি অহা নাই৷ তেওঁ লগতে কয় যে ভূমিৰ তথ্যসমূহত উন্নতীকৰণ হোৱা নাছিল আৰু চৰকাৰে ভূমিৰ বিনিয়মত পাবলগীয়া ৰাজহ আহৰণ কৰিব পৰা নাছিল৷
এনে প্ৰেক্ষাপটত বিবাদবিহীন ভূমিসমূহ লাহে লাহে বিবাদৰফালে গতি কৰিছিল৷ মিছন বসুন্ধৰা ২.০১ আৰম্ভণিতে প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে মানুহে যাতে ভূমিৰ অধিকাৰ বিবাদবিহীন ভাৱে ভোগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱাৰ দিশত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে কাজিৰঙাত এই সন্দৰ্ভত আলোচনা কৰা হৈছিল৷ এই আলোচনাত ভূমি ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত অগ্ৰণী ৰাজ্য কৰ্ণাটকৰ বিষয়াসকলে অংশ লৈছিল৷ এনে প্ৰস্তুতিৰ পটভূমিতে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰা হৈছিল বুলি তেওঁ কয়৷ মিছন বসুন্ধৰা ২.০ ৰ অধীনত ডিজিটেল মাধ্যমেৰে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন, খিলঞ্জীয়া লোকক চাহ, কফি, ৰবৰ আদি বিশেষ খেতিৰ বাবে ভূমি পট্টন, গাঁৱলীয়া চৰণীয়া পথাৰ, বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আবণ্টন প্ৰাপ্ত, সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন দিয়া হৈছিল৷ তেওঁ লগতে কয় যে এই সংস্কৰণত জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ সেৱা আগবঢ়োৱা হৈছিল৷ ১৫ বিঘা মাটিতকৈ অধিক মাটি পট্টা লাভ কৰাটো সম্ভৱ নাছিল বাবে জনজাতীয় লোকসকলে মাটিৰ পট্টাৰ বাবে চেষ্টা কৰা নাছিল বুলিও তেওঁ কয়৷ জনজাতীয় সংগঠনসমূহৰ সৈতে আলোচনা কৰি জনজাতীয় লোকসকলৰ বাবে চিলিঙৰ সীমাবদ্ধতা ৫০ বিঘালৈ বৃদ্ধি কৰা হৈছিল যাতে অসমৰ ভূমিপুত্ৰসকলে চৰকাৰীভাৱে মাটিৰ অধিকাৰী হ’ব পাৰে৷ মিছন বসুন্ধৰাৰ লক্ষ্য হ’ল যোগ্যজনে মাটিৰ পট্টা লাভ কৰিব লাগে৷ মুখ্যমন্ত্ৰীয়ে কয় যে যিকোনো মানুহে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ হ’লে ১৯৫১ চনত অসমত থকাৰ প্ৰমাণ দিব লাগিব৷ মিছন বসুন্ধৰা ২.০১ আটাইতকৈ ডাঙৰ সফলতা আছিল যে ২,২৯,৬৫৯ জনক ভূমিৰ আবণ্টন দিয়া হৈছিল৷ ইয়াৰ ৮৪ শতাংশ অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু এম অ’ বিচিৰ অন্তৰ্গত খিলঞ্জীয়া আছিল বুলিও তেওঁ কয়৷ ইয়ে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত খিলঞ্জীয়া লোকৰ বাবে মাটিৰ অধিকাৰ দিয়া শ্লোগানক যুক্তিসংগত প্ৰক্ৰিয়াৰ মাজলৈ লৈ আহিবলৈ ৰাজ্য চৰকাৰে সক্ষম হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই পদক্ষেপক খিলঞ্জীয়া লোকসকলে আদৰণী জনাইছিল আৰু চাহ জনগোষ্ঠী, আদিবাসী, গোৰ্খা জনজাতিসকলৰ শংকা নিৰাময় কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল৷
মিছন বসুন্ধৰা ২.০ত ১৯৫১ চনৰ প্ৰমাণপত্ৰ থকাৰ প্ৰয়োজনীয়তা থকা বাবে বহু আবেদন নিষ্পত্তিবিহীনভাৱে পৰি ৰৈছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ২.০১ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা আৰু বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আবণ্টন দিয়া হৈছিল৷ মিছন বসুন্ধৰা ১.০ আৰু মিছন বসুন্ধৰা ২.০১ জৰিয়তে লাভ কৰা অভিজ্ঞতাক সমাহিত কৰি মিছন বসুন্ধৰা ৩.০ অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে তৃতীয় সংস্কৰণৰ বাবে কেইবাখনো আইনৰ সংশোধন, কেইবাটাও প্ৰযুক্তিৰ প্ৰয়োগ আৰু চৰকাৰী নিৰ্দেশনাৰ পৰিৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ৩.০১ ফালে আগবাঢ়িছিল৷ অসম বিধান সভাত চাৰিখন আইনৰ সংশোধন কৰিবলগীয়া হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে কয় যে ১৯৫১ চনত যিসকল লোকৰ অসমত জন্ম হৈছিল আৰু নিৰন্তৰভাৱে তিনিটা প্ৰজন্ম অসমত আছে, তেওঁলোক মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ’ব৷ এই সন্দৰ্ভত প্ৰথমে যি নীতি লোৱা হৈছিল সেই নীতিৰ আধাৰত আজিও চৰকাৰখনে কাম কৰি গৈছে৷ ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা কেইটামান জনগোষ্ঠীক আঁতৰাই ৰাখিব বিচৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনুসূচিত জনজাতি, অনুসূচিত জাতি, অসমৰ চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ কোনো লোকে ১৯৫১ চনৰ জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই৷ ১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ আছে তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তদুপৰি মিছন বসুন্ধৰা ৩.০১ অধীনত ২০২১ চনৰ ৰ অক্টোবৰৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি আছে তেনে প্ৰতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ যিসমূহ ভূমি দাতাই শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ পূৰ্বতে ভূমি দান কৰিছিল সেইসমূহ ভূমিৰ সন্দৰ্ভত যোৱা ১২ বছৰৰ ভিতৰত কোনো ধৰণৰ আপত্তি কৰা নাই সেই ভূমিদাতাৰ নাম ভূমি তথ্যৰ পৰা আঁতৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷
ভূদান বা গ্ৰামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তি আৰম্ভ কৰা হ’ব৷ কেডাষ্ট্ৰেল গাঁও হিচাপে অধিসূচনা কৰা লখিমপুৰ আৰু ধেমাজি জিলাৰ ৩০ খন গাঁৱত আজিৰে পৰা ভূমি বন্দোৱস্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে নগৰাঞ্চলসমূহত বহু লোকক মাটিৰ পট্টা দিয়াৰ পিছতো প্ৰিমিয়ামৰ বাবে মাটিৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই৷ প্ৰিমিয়াম প্ৰদানৰ বাবে বিভিন্ন সুবিধা দিয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে জনসাধাৰণে এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা অৱগত কৰিছিল আৰু এই দিশত চৰকাৰে বিবেচনা কৰাৰ বাবেও আশ্বাস প্ৰদান কৰিছিল৷ জনসাধাৰণৰ প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ পৰা হ্ৰাস কৰি ১০ শতাংশ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব বুলি তেওঁ কয়৷ আনহাতে অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিব লাগিব৷ অট্টালিক থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে আঞ্চলিক মূল্যাংকন ৪০ শতাংশ আৰু অসম আৰ্হিৰ ঘৰ থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে ২৭ শতাংশ পঞ্জীয়নৰ সময়ত দিব লাগিব৷ মিছন বসুন্ধৰা ২.০১ জৰিয়তে যিসকলে আবণ্টন পাইছিল তেওঁলোকৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা ভূমি উপদেষ্টা সমিতিৰ বৈঠক সমজিলা ভিত্তিক হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ একচনীয়া ভূমিসমূহক শৃংখলিত কৰিলে দালালৰাজ বন্ধ হৈ পৰিব৷ এইবাৰ এক শতাংশ প্ৰিমিয়ামেৰে একচনীয়া মাটি ম্যাদী কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে সময়ৰ বুকুত মিছন বসুন্ধৰা ৩.০ অসমৰ জনসাধাৰণৰ ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে লোৱা এক দৃঢ় পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব৷ ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাই ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত, ভূমি সংস্কাৰৰ ক্ষেত্ৰত অসমত এটা স্বৰ্ণিল যুগৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ৰাজ্য চৰকাৰে প্ৰযুক্তিৰ সহযোগত দুবছৰৰ ভিতৰত অসমৰ ভূমি ৰাজহ প্ৰশাসন ব্যৱস্থাটোত কৰা ভূমি সংস্কাৰ ভাৰতৰ ভিতৰতেই উৎকৃষ্ট হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটোৱে হৈছে মিছন বসুন্ধৰাৰ ডাঙৰ সফলতা৷ এই সময়খিনিত অসমৰ ইতিহাসত ভূমিৰ ক্ষেত্ৰত এক স্বৰ্ণিল ইতিহাসলৈ ৰূপান্তৰিত হ’ব৷ মিছন বসুন্ধৰাৰ সমাপ্তিৰ পিছত ৰাজ্য চৰকাৰে লেণ্ড পাছ বুক ব্যৱস্থালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও কয়৷ আজিৰ এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব ড॰ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, দক্ষতা বিকাশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, ভূমি লেখা আৰু জৰীপ বিভাগৰ সঞ্চালক ড॰ ওমপ্ৰকাশ, বি এছ এন এলৰ মুখ্য মহাপ্ৰৱন্ধক ৰূপা পাল চৌধুৰী, ষ্টক হল্ডিং ক’ৰ্পৰেচন লিমিটেডৰ উপাধ্যক্ষ শশী কান্ত নায়ক প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷