বজাৰত জুই, আখলত হুতাহ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ অক্টোবৰ : মূল্যবৃদ্ধিৰ জুইত দহিছে সমগ্ৰ ৰাজ্য৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে সৰ্বসাধাৰণ লোকে৷ চাউল, ডাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা কণী, মাছ-মাংসলৈ, নিৰ্মাণ সামগ্ৰীৰ পৰা কানি-কাপোৰলৈ সকলো সামগ্ৰীত কেৱল মূল্যবৃদ্ধিৰ জুই৷ নিতৌ বৃদ্ধি পাই আছে পেট্ৰ’ল, ডিজেলৰ দামো৷ অবাধে বৃদ্ধি পাইছে জীৱন দায়িনী ঔষধ পাতিৰ দামো৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাই আছে শাক-পাচলিৰ দাম৷ ফলত সাধাৰণ লোকে দুবেলা-দুমুঠি খোৱাটো অসম্ভৱ প্ৰায় হৈ পৰিছে৷ প্ৰায়বোৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুইৰ উত্তাপে সাধাৰণ শ্ৰেণীৰ লোকক দহন কৰাৰ সময়ত ভাষণৰ ফুলজাৰি মৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন আছে শুই৷ তেওঁলোকৰ যেন কৰণীয় একো নাই৷ আজিৰ তাৰিখত ৰাজ্যৰ বজাৰত বীনৰ কিলোত ১৪০ টকা, বেঙেনা কিলোত ১০০-১৪০ টকা, গাজৰত ১০০ টকা, বিলাহীত ১০০-১২০ টকা, স্কোৱাচত ৫০ টকা, মূলাত ৭০ টকা, লেচেৰাত ১২০ টকা, জিকাত ১০০ টকা, পটলত ৮০-১২০ টকা, ভেন্দিৰ কিলোত ১৪০-১৬০ টকা, ৰঙালাওত কিলোত ৬০-৭০ টকা হৈছে৷ গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত লাইশাকৰ মুঠি ত্ৰিশ টকা, মুলাশাকৰ মুঠি পঁচিশ টকা, এটা ভোট জলকীয়াত দহ টকা আৰু এটা টেমুত দহ টকা হৈছে৷
নিতৌ বৃদ্ধি পোৱা পাচলিৰ দামে বিপাঙত পেলাইছে সৰ্বসাধাৰণ শ্ৰেণীৰ লোকক৷ শাক-পাচলিৰ বজাৰ মহঙা হোৱা বাবে বজাৰলৈ প্ৰৱেশ কৰাৰ পূৰ্বে হাজাৰবাৰ ভাবিবলগীয়া হৈছে সাধাৰণ শ্ৰেণীৰ লোকে৷ কেৱল চহৰ-মহানগৰতে নহয় গ্ৰামাঞ্চলৰ বজাৰতো ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে৷ ঘৰৰ মুৰব্বীয়ে বজাৰ কৰিবলৈ হাতত মোনা লৈ খালি মোনা লৈ উভতিবলগীয়া হৈছে ঘৰলৈ৷ নলবাৰী, দৰং, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী, বৰপেটা সৰ্বত্ৰ আকাশ চুৱাৰ উপক্ৰম হৈছে শাক-পাচলিৰ দামে৷ শাক-পাচলিৰ দামে আকাশ চুৱাৰ উপক্ৰম হোৱাৰ ফলত আখলৰ দায়িত্বত থকা গৃহিনীয়ে মূৰে-কঁপালে হাত দি বহি থাকিবলগীয়া হৈছে৷ ফলত কাৰ্যতঃ নিৰুত্তাপ হৈ পৰিছে আখল৷ মনে বিচাৰিলেও এখন আঞ্জা ৰান্ধিবলৈ বাৰে বাৰে ভাবিবলগীয়া হৈছে গৃহিনী৷ খাদ্য-সামগ্ৰীৰ এনে অনিয়মীয়া মূল্যবৃদ্ধি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশৰ পাছত ৰেডিমেড বিবৃতি দিয়েই দায়িত্ব সামৰিছে চৰকাৰে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো যেন চৰকাৰক দায়িত্বৰ ভিতৰত নপৰে৷ এই কথা বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই যে ৰাজ্যত বিজেপি শাসনলৈ অহাৰ সময়ত মূল ‘নিৰ্বাচনী ইচ্যু’ আছিল মূল্যবৃদ্ধি৷ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বুলি ৰাজ্যবাসীক পতিয়ন নিয়াই শাসনলৈ আহিছিল বিজেপি৷ কিন্তু বিজেপিৰ শাসনকালত শাক-পাচলিৰ পৰা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীলৈ সৰ্বত্ৰ মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত উপায়হীন হৈছে সাধাৰণ জনতা৷