Logo
image

সমাধানৰ সূত্ৰ বিচাৰি গুৱাহাটীলৈ গাডকাৰি

মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম) : মাজুলীৰ মূল ভূখণ্ডৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত নিৰ্মাণৰত মাজুলী নিমাতী সংযোগী দলঙে এক আশাৰ বতৰা কঢ়িয়াই আনিছিল৷ মাজুলীবাসীয়ে আশা কৰিছিল এক উল্লেখযোগ্য আন্তঃগাঁথনি উন্নয়নত মাজুলীৰ মূল  ভূখণ্ডৰ সৈতে সংযোগ কৰা মাজুলী-নিমাতী সংযোগী দলঙৰ নিৰ্মাণৰ অগ্ৰগতিয়ে দ্বীপবাসীৰ লগতে দ্বীপটোৰ অৰ্থনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনি হাজাৰ হাজাৰ লোকৰ জীৱনলৈ উন্নয়নৰ এক জোৱাৰ কঢ়িয়াই আনিব৷ মাজুলীবাসীয়ে দীৰ্ঘদিন ধৰি যাতায়াত যোগাযোগৰ ক্ষেত্ৰত প্ৰত্যাহ৩ানৰ সন্মুখীন হৈ আহিছে৷ মূল ভূ-খণ্ডলৈ যাবলৈ ফেৰীৰ ওপৰতেই মাজুলীবাসীয়ে নিৰ্ভৰ কৰিব লগা হয়৷ প্ৰত্যক্ষ পথ সংযোগৰ অভাৱে দ্বীপটোৰ অৰ্থনৈতিক বিকাশত বাধাৰ সৃষ্টি কৰি অহাৰ লগতে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰটো অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে৷ উল্লেখ্য, মাজুলীবাসীৰ এক বিশাল সপোনক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যৰে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপত এক প্ৰতিশ্ৰুতিত আৱদ্ধ হৈছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু এই প্ৰতিশ্ৰুতিৰ আধাৰতেই মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা যোৱা ২৮ ফেব্ৰুৱাৰী ২০২১ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰে৷  একেবৰ্ষতে আধাৰশিলা স্থাপনৰ প্ৰায় জ্জ্ব মাহৰ পিছত মাজুলী দলঙৰ কাম আনুষ্ঠানিকভাৱে নিৰ্মাণৰ শুভ আৰম্ভণি কৰে যোৱা ২৯ নৱেম্বৰৰ দিনা৷ অতি উন্নত নক্সাত প্ৰায় ৯২৫ কোটি টকাৰ ব্যয়সাপেক্ষত ৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত মাজুলী- যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে ইউ পি ষ্টেট ব্ৰিজ কৰ্পৰেচনে৷ ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ সন্মুখত স্থিৰতা আৰু স্থায়িত্ব নিশ্চিত কৰা কেবল-ষ্টেড ব্যৱহাৰ,  ব্ৰহ্মপুত্ৰৰ অভাৱনীয় জলস্তৰ বহন কৰিব পৰাকৈ উচ্ছ স্তূপৰ ভেটি,  নাও আৰু জাহাজক তলেদি পাৰা পাৰ হ’বলৈ দিব পৰাকৈ নেভিগেচন চেনেল আদি অতি উন্নত কৌশল সন্নিৱিষ্ট থকা সপোনৰ দলং খনৰ কাম লাহে লাহে বাঢ়িছিল৷


হঠাৎ পাঁচ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ পৰিল দলং নিৰ্মাণৰ কাম৷ আজি ৪৫ দিনে বন্ধ হৈ আছে মাজুলী- যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম৷ দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাক লৈ অসম চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰেও এতিয়ালৈকে সঠিক সিদ্ধান্ত দিব পৰা নাই মাজুলীবাসীক৷ মুখ্যমন্ত্ৰীয়ে দলংখনৰ পুনৰ নিবিদা আহ৩ান কৰাৰ কথা প্ৰকাশ কৰিছিল যদিও তাৰো কোনো অগ্ৰগতি নাই এইপৰ্যন্ত৷ আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আহিব গুৱাহাটীলৈ৷ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণৰ আহ৩ান জনাইছে সত্ৰাধিকাৰ সমন্বিতে মাজুলীবাসীৰ৷ কেৱল মাজুলীবাসীৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবেই মাজুলী-যোৰহাট সংযোগী দলংখন জৰুৰী, প্ৰয়োজন আছে৷  এইয়া বিজ্ঞানৰ যুগ, উন্নত কাৰিকৰী কৌশলৰ যুগ৷ কথা হ’ল, ২০২৬ ত তেওঁলোকে আমাক দলংখন সম্পুৰ্ণ কৰি দিম বুলি কথা দিয়া আছে, কথা মানে উলা মূলা কথা নহয়, স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে ২০২৬ত ৰাইজে যোৰহাটত চাহ খাই লক্ষ্মীমপুৰত ভাত খাব পাৰিব৷ সেই ব্যৱস্থাটো তেওঁ কৰি দিম বুলি কৈছে যেতিয়া মাজ মুৰকত কামটো বন্ধ কৰিলে আমি মানি লব নোৱাৰিম নহয়৷ আমাক দলং লাগিবই আৰু প্ৰজন্মই বিচাৰিছে আৰু সময় মতে উলিয়াই দিব লাগিব৷ তেওঁলোকে নিৰ্ধাৰিত সময় দি থৈছে গতিকে আমি সময়ালৈ বাট চাম৷ আজি ৪৫ দিন ধৰি মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মাজুলীৰ আধাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে৷ দলংখনক লৈ মাজুলীবাসীৰ বহুত আশা-প্ৰত্যাশা৷ প্ৰতিদিনে প্ৰত্যেকজন মাজুলীৰ মানুহে দলং খনৰ কথা ভাৱে৷ এতিয়া আমাৰ যিমানবোৰ সমস্যা, বিশেষকৈ স্বাস্থ্যজনিত বিষয়সমূহত আমি আজিও হতাশাত ভুগিব লগা হয়৷ সেয়ে প্ৰতিজন মানুহেই আশা কৰে যেন প্ৰতিদিনেই দলংখনৰ কিছু অগ্ৰগতি হয়৷

কিন্তু দেখা গৈছে যে কিছু দিনৰ পৰা দলংখনৰ কাম স্থবিৰ হৈছে৷ এইক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষই, চৰকাৰী পক্ষই হওক বা প্ৰতিষ্ঠানটোৱেই হওক কাম ত্বৰিত গতিত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগে আৰু যাতে মাজুলীৰ মানুহক যাতে কোনোধৰণৰ হাৰাশাস্তি নিদিয়ে তাৰ ব্যৱস্থা কৰিব লাগে৷ দলঙৰ নিৰ্মাণৰ স্থবিৰতাক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা জীতেন ডেকাই৷  বৰ্তমান সময়ত যোৰহাট-মাজুলী সংযোগী দলংৰ কাম বন্ধ হৈ থকাত পুনৰ ক্ষোভ উজাৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মাজুলী জিলা সমিতিয়ে৷ যোৱা ৫ ছেপ্টেম্বৰৰ পৰা দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাকলৈ ইতিমধ্যে সংগঠনটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও আজি পৰ্যন্ত কাম নকৰাকলৈ পুনৰবাৰ সৰৱ হৈছে সংগঠনটো৷ এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতি মুনীন্দ্ৰ ভূঞা, উপ-সভাপতি পৱিত্ৰ বৰা, সম্পাদক ক্ৰমে অলিন হাজৰিকা, সীমান্ত বৰাই কয় যে যোৰহাট-মাজুলী সংযোগী দলংখন মাজুলীবাসীৰ বহু আকাংক্ষিত আৰু প্ৰত্যাষিত৷ এই দলঙে আগন্তুক দিনত মাজুলীৰ আৰ্থ-সামাজিক, বাণিজ্যিক, শৈক্ষিক, স্বাস্থ্য আদি সকলো দিশতে উন্নয়নৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিব বুলি মাজুলীবাসীয়ে বিশ্বাস কৰে৷ বিশেষকৈ মাজুলীৰ বহিঃবিশ্বৰ লগত একমাত্ৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা আভ্যন্তৰিন জল পৰিবহণ বিভাগৰ অধীনৰ পাৰ ঘাটসমূহৰ দুৰ্যোগপুৰ্ণ যাতায়াত ব্যৱস্থাৰ বাবে ইতিমধ্যে মাজুলীয়ে বহুখিনি হেৰুৱাইছে৷ বিগত দিন বিলাকত পাৰ ঘাটৰ যাতায়াত ব্যৱস্থাই কেৱল মাজুলীবাসীক ধাৰাবাহিকভাৱে জীয়াতু ভোগাই আহিছে এনে নহয় বহু যাত্ৰী মৃত্যুমুখত পৰিছে বা বহু মানৱ সম্পদ হেৰুৱাব লগা হৈছে৷ এনে দুৰ্যোগপুৰ্ণ বা সংকটপুৰ্ণ যাতায়ত ব্যৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি বা মৃত্যু উপত্যকাৰ পৰা মাজুলীৰ জনসাধাৰণক সুৰক্ষিত কৰাৰ প্ৰবল দাবীত আৰু মাজুলীৰ আৰ্থ-সামাজিক, শৈক্ষিক, স্বাস্থ্য, বাণিজ্যিক আদিৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন সময়ত মাজুলীবাসীয়ে চৰকাৰৰ ওচৰত কৰা প্ৰবল হেঁচাৰ বিনিময়ত যোৰহাট-মাজুলী সংযোগী দলংখন পাবলৈ সক্ষম হৈছিল বুলি সংগঠনটোৱে উল্লেখ কৰে৷ ২০২৫ বৰ্ষত নিৰ্মাণ সম্পুৰ্ণ হ’ব লগা দলংখনৰ বৰ্তমান সময়ত কামৰ অগ্ৰগতি কেৱল মাত্ৰ ত্ৰিশ শতাংশহে হৈছে বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে৷ সেয়েহে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ লগত যোগাযোগ আৰু আলোচনা কৰি দলং নিৰ্মাণৰ এই স্থবিৰতা দুৰ কৰি পুনৰ সঠিক আৰু উন্নত মানৰ দলঙৰ নিৰ্মাণকাৰ্য গতিশীল কৰি নিৰ্ধাৰিত সময়ত সম্পন্ন কৰাৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই সংগঠনটোৱে৷