Logo
image

অভিনেতা বিষ্ণু বিশালৰ সৈতে বিয়াত বহিব জ্বালা গুট্টা

'আমাৰ অসম' ২৫ মাৰ্চঃ  যোৱা বছৰেই নিজৰ জন্মদিনত বাগদান সম্পন্ন হৈছিল জ্বালা গুট্টাৰ৷ শীঘ্ৰেই জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ গৰাকী৷ এই খবৰ নিশ্চিত কৰিছে জ্বালাৰ হ’বলগীয়া স্বামী বিষ্ণু বিশালে৷ ৭ ছেপ্টেম্বৰত জ্বালাৰ জন্মদিনত তেওঁৰ হাতত আঙঠি পিন্ধাই দিছিল অভিনেতাজনে৷ বিষ্ণু বিশালে প্ৰকাশ কৰা মতে এইবাৰ বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ভাবিছে তেওঁলোকে৷ অৱশ্যে বিয়াৰ তাৰিখৰ বিষয়ে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই৷ বিষ্ণু ব্যস্ত আছিল তেলেগু ছবি ‘অৰণ্য’ৰ শ্বুটিঙত৷ ছবিখনৰ শ্বুটিঙৰ সময়ত জ্বালাও তেওঁৰ সৈতে আছিল৷ ছবিৰ প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ আগত বিষ্ণুৱে কয়–‘মই খুব সোনকালেই বিবাহপাশত আৱদ্ধ হ’ম৷ মই জোঁৱাই হোৱাৰ পথত আগবাঢ়িছো৷ খুব ভাল লাগিছে৷ সোনকালেই বিয়াৰ তাৰিখ ৰাজহুৱা কৰিম৷’ বিষ্ণু আৰু জ্বালাৰ মাজৰ সম্পৰ্ক দীৰ্ঘ দিনৰ৷ ৭ ছেপ্টেম্বৰত প্ৰেয়সীৰ জন্মদিন উদ্‌যাপনৰ বাবে পোনপটীয়াকৈ অভিনেতাজন উপস্থিত হৈছিল হায়দৰাবাদত৷ একেবাৰে অপ্ৰত্যাশীতভাৱেই জ্বালাৰ হাতত ধৰি নতুন কৈ জীৱন আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছিল তেওঁ৷ এই প্ৰস্তাৱত সন্মত হৈছিল জ্বালা৷ তাৰ পাছতেই জন্মদিনত সম্পন্ন হৈছিল বাগদান পৰ্ব৷ উল্লেখ্য, ২০১১ চনত চেতন আনন্দৰ সৈতে বিবাহ বিচ্ছেদ হয় জ্বালাৰ৷ আনফালে ২০১৮ চনত প্ৰথমা পত্নী ৰজনী নটৰাজনৰ সৈতে বিষ্ণুৰ  ১০ বছৰীয়া দাম্পত্য জীৱনৰ যৱনিকা পৰে৷ তাৰ পাছতেই জ্বলাৰ সৈতে সম্পৰ্ক অধিক গভীৰ হয় তেওঁৰ।