Logo
image

অনুকম্পামূলক নিযুক্তিৰ ২২,০০০ পদ বিলুপ্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ অক্টোবৰ : ৰাজ্যৰ ৩২ লাখ পঞ্জীয়নভুক্ত নিবনুৱাই চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তে অসম চৰকাৰে গ্ৰহণ কৰিছে নিবনুৱা বিৰোধী হঠকাৰী সিদ্ধান্ত৷ ১ লাখ নিযুক্তিৰে চমক সৃষ্টি কৰি ঢাক-ঢোল বজাই অহা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে অতি সংগোপনে বিলুপ্তি কৰিলে হাজাৰ হাজাৰ পদ৷ এ ডি আৰ পৰীক্ষাৰ প্ৰাকমুহূৰ্তত বিগত ১৮ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ পাৰ্চনেল (খ) বিভাগৰ আয়ুক্ত সচিব এম এছ মনিবন্ননে এখন অফিচ মেম’ৰেণ্ডাম জাৰি কৰি অনুকম্পামূলক নিযুক্তিৰ প্ৰায় ২২ হাজাৰ পদ বিলুপ্তিত আনুষ্ঠানিক ছীল-মোহৰ মাৰে৷ পাৰ্চনেল বিভাগে জাৰি কৰা অফিচ মেম’ৰেণ্ডাম অনুসৰি এতিয়াৰে পৰা অনুকম্পামূলক নিযুক্তিৰ বাবে কোনো বিভাগৰে প্ৰাৰ্থীৰ আবেদন জিলা পৰ্যায়ৰ কমিটী (ডি এল চি) আৰু ৰাজ্যিক পৰ্যায়ৰ কমিটীত (এছ এল চি) বিবেচনা কৰা নহ’ব৷ লক্ষণীয়ভাৱে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত সম্পৰ্কীয় অফিচ মেম’ৰেণ্ডামখনে ভাৰতীয় সংবিধানৰ ১৮ অনুচ্ছেদ ভংগ কৰাৰ অভিযোগ তুলি একাংশ বঞ্চিত আবেদনকাৰীয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ উল্লেখ্য, অসম চৰকাৰৰ অধীনৰ কোনো কৰ্মচাৰী অৱসৰৰ পূৰ্বে মৃত্যু হ’লে পৰিয়ালটোক আৰ্থিক সকাহ দিয়াৰ বাবে যোগ্যতাৰ ভিত্তিত মৃত কৰ্মচাৰীজনৰ পত্নী বা স্বামী নতুবা সন্তানক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হয়৷ অনুকম্পামূলক নিযুক্তিৰ বাবে প্ৰতিটো বিভাগৰে সংৰক্ষিত পদৰ সংখ্যা হৈছে বিভাগটোৰ মুঠ পদৰ ৫ শতাংশ৷ যিহেতু অসম চৰকাৰৰ চাকৰিৰ মুঠ পদৰ সংখ্যা হৈছে প্ৰায় ৪ লাখ ৫০ হাজাৰ৷


সেই অনুসৰি অনুকম্পামূলক নিযুক্তিৰ ৫ শতাংশ সংৰক্ষিত পদৰ সংখ্যা অতি কমেও ২২ হাজাৰ৷ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত ২০১৭ চনৰ ১৪ ছেপ্টেম্বৰত অসম চৰকাৰৰ পাৰ্চনেল বিভাগে অন্য এখন অফিচ মেম’ৰেণ্ডাম জাৰি কৰি ২০১৭ চনৰ ৩১ মাৰ্চৰ পাছত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ বাবে সম্পূৰ্ণ পেঞ্চন আঁচনি ঘোষণা কৰে৷ অৰ্থাৎ ২০১৭ চনৰ ৩১ মাৰ্চৰ পাছত যিসকল চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পূৰ্বে মৃত্যু হৈছে বা হ’ব৷ তেওঁলোকৰ পৰিয়ালে অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে মৃত কৰ্মচাৰীজনৰ (৬০ বছৰ বয়স) অৱসৰৰ দিনটো পৰ্যন্ত সম্পূৰ্ণ দৰমহা পৰিয়ালে পেঞ্চন হিচাপে লাভ কৰিব৷ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে নিয়মমাফিক পেঞ্চন লাভ কৰিব৷ অফিচ মেম’ৰেণ্ডামখনত লগতে যিসকল কৰ্মচাৰী ২০১৭ চনৰ ৩১ মাৰ্চৰ আগত মৃত্যু হৈছে তেওঁলোকৰ বাবে অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত লয়৷ লক্ষণীয়ভাৱে সোণোৱাল চৰকাৰৰ কাৰ্যকালত সময় বাগৰি যোৱাৰ পাছতো অনুকম্পামূলক নিযুক্তিৰ ফাইলসমূহ জিলা পৰ্যায় আৰু মুখ্য সচিবৰ টেবুলতে পৰি থকাত বেছি ভাগ বিভাগতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল৷ যাৰ পৰিপ্ৰেক্ষিত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই ১ লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰি সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে সকলো অনুকম্পামূলক খালী পদ তাৎক্ষণিকভাৱে বিভাগসমূহক পূৰণৰ নিৰ্দেশ দিছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ৰাজহুৱাকৈ অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি মুখ্য সচিবলৈ বাট নাচাই বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় বৰমূৰীয়াজনকে অনুকম্পামূলক নিযুক্তিত অনুমোদন দিবলৈকো কতৃৰ্ত্ব প্ৰদান কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এই বক্তব্য ৰাখিছিল যদিও বাস্তৱত অধিকাংশ বিভাগেই অনুকম্পামূলক পদৰ আবেদনসমূহ টেবুলতে পেলাই ৰাখিছিল৷ কিন্তু আবেদনকাৰীক নিযুক্তি দিয়াৰ পৰিৱৰ্তে ওলোটাই এইবাৰ অসম চৰকাৰে ২০১৭ চনৰ ৩১ মাৰ্চৰ আগৰ মৃত কৰ্মচাৰীৰ ক্ষেত্ৰতো কোনো অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা নাথাকিব বুলিহে নিৰ্দেশনা জাৰি কৰিছে৷ ১৩ হাজাৰ পদৰ এ ডি আৰ পৰীক্ষা আৰম্ভ হোৱা ১০ দিন পূৰ্বে বিগত ১৮ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ পাৰ্চনেল (খ) বিভাগৰ আয়ুক্ত সচিব এম এছ মনিবন্ননৰ স্বাক্ষৰিত এখন নতুন অফিচ মেম’ৰেণ্ডামৰ জৰিয়তে ২০১৭ চনৰ ৩১ মাৰ্চৰ  পূৰ্বে মৃত চৰকাৰী কৰ্মচাৰীৰ অনুকম্পামূলক নিযুক্তিৰ কোনো আবেদন এতিয়াৰে পৰা জিলা পৰ্যায়ৰ কমিটী আৰু ৰাজ্যিক পৰ্যায়ৰ কমিটীত বিবেচনা কৰা নহয় বুলি স্পষ্ট কৰিছে৷ ইয়াৰ বিপৰীতে ২০১৭ চনৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে সম্পূৰ্ণ পেঞ্চন আঁচনিখন বাহাল থকাৰ কথা ঘোষণা কৰে৷

অৰ্থাৎ অফিচ মেম’ৰেণ্ডামখনৰ জৰিয়তে সকলো অনুকম্পামূলক নিযুক্তি চিৰদিনৰ বাবে বন্ধ ঘোষণা কৰে৷ লক্ষণীয়ভাৱে পাৰ্চনেল (খ) বিভাগে বিগত ১৮ ছেপ্টেম্বৰত জাৰি কৰা নতুন অফিচ মেম’ৰেণ্ডামখনত (কাৰ্যালয় স্মাৰক-এবিপি ১০৪/২০২৪/৯০) উচ্ছতম ন্যায়ালয়ৰ পশ্চিম বংগ চৰকাৰ বনাম দেৱব্ৰত তিৱাৰী আৰু অন্যানৰ এটা গোচৰৰ ২০২৩ চনৰ ৩ মাৰ্চত প্ৰদান কৰা ৰায়ৰ ভিত্তিত অনুকম্পামূলক নতুন নিযুক্তি বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলিও উল্লেখ কৰিছে৷ অফিচ মেম’ৰেণ্ডামখনত কোৱা হৈছে যে অনুকম্পামূলক নিযুক্তি সংশ্লিষ্ট পৰিয়ালটোক তাৎক্ষণিক সকাহ দিবৰ বাবেহে, যি কাৰণতেই নহওক এই নিযুক্তিত হোৱা বিলম্বৰ পৰৱৰ্তী কালত ইয়াক বিবেচনা কৰিব পৰা নাযায়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা অনুকম্পামূলক নিযুক্তিৰ বাবে ২০১৭ চনৰ ৩১ মাৰ্চ বা তাৰ আগেয়ে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যৰ আবেদন জিলা পৰ্যায়ৰ কমিটী বা ৰাজ্যিক পৰ্যায়ৰ কমিটীয়ে বিবেচনা নকৰে৷ উক্ত অফিচ মেম’ৰেণ্ডামৰ বিৰুদ্ধে বিদ্যালয় শিক্ষা বিভাগৰ ১৫ জন বঞ্চিত প্ৰাৰ্থীয়ে শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে৷ ডব্লিউ পি (চি) ৫০৬৭/২০২৪ নম্বৰৰ আবেদনখনত বঞ্চিত প্ৰাৰ্থীসকলে অভিযোগ কৰে যে বিগত ৭ ফেব্ৰুৱাৰীতে জিলা পৰ্যায়ৰ কমিটীয়ে তেওঁলোকক অনুকম্পামূলক নিযুক্তিৰ বাবে বাছনি কৰি ৰাজ্যিক পৰ্যায়ৰ কমিটীলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰিছিল৷ যাৰ বাবে বিগত ১৮ ছেপ্টেম্বৰত জাৰি কৰা অফিচ মেম’ৰেণ্ডামৰ নিৰ্দেশনা তেওঁলোকৰ আবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব৷ তদুপৰি চৰকাৰে ২০১৭ চনৰ ৩১ মাৰ্চৰ পিছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে ৬০ বছৰলৈ সম্পূৰ্ণ দৰমহাক পেঞ্চন হিচাপে প্ৰদানৰ ব্যৱস্থা কৰাৰ বিপৰীতে ২০১৭ চনৰ ৩১ মাৰ্চৰ আগত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক সম্পূৰ্ণ পেঞ্চন আৰু অনুকম্পামূলক নিযুক্তি দুয়োটা সুবিধাৰ পৰা বঞ্চিত কৰি সংবিধানৰ ১৪ অনুচ্ছেদ উলংঘন কৰাৰো অভিযোগ কৰে৷ গোচৰীয়া পক্ষৰ এই যুক্তিৰ ভিত্তিত গুৱাহাটী ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে শেহতীয়াকৈ পাৰ্চনেল বিভাগক অফিচ মেম’ৰেণ্ডামখনৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ তদুপৰি ন্যায়ালয়ে এই গোচৰটোত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, পাৰ্চনেল বিভাগৰ আয়ুক্ত সচিব এম এছ মণিবন্নন, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰকে ধৰি মুঠ ৭টা পদকীয়া পক্ষক ৮ সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ বাবে সময়সীমা বান্ধি দিয়ে৷ গোচৰটোৰ শুনানিত গোচৰীয়া পক্ষৰ হৈ আদালতত যুক্তি দাঙি ধৰে জ্যেষ্ঠ অধিবক্তা এম কে চৌধুৰীয়ে আৰু তেওঁক সহযোগ কৰে অধিবক্তা নাজিৰ হুছেইন আৰু এন শৰ্মাই৷ লক্ষণীয় বিষয়টো হৈছে কেৱল জিলা পৰ্যায়ৰ কমিটীয়েই নহয়, মুখ্য সচিবৰ ৰাজ্যিক পৰ্যায়ৰ কমিটীয়ে বাছনি কৰা বহু আবেদনকাৰীও এতিয়া অনুকম্পামূলক নিযুক্তিৰ পৰা বঞ্চিত হৈ ৰৈছে৷