Logo
image

সৌজন্য নাই! গৌৰৱৰ ওপৰত ভীষণ খং ‘অসম’ৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ অক্টোবৰ : বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বকলৈ উপ-নিৰ্বাচনৰ পূৰ্বেই থানবান হ’ল অসম সন্মিলিত মৰ্চা৷ কংগ্ৰেছৰ অবিহনে আজি গুৱাহাটীত পুনৰ অনুষ্ঠিত হ’ল সন্মিলিত মৰ্চাৰ বৈঠক৷ মৰ্চাই বিহালীত চি পি আই (এম এল)ৰ লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থীৰূপে ঘোষণা কৰাৰ লগতে ভূপেন বৰাৰ স্থানত সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মৰ্চাৰ নতুন সভাপতি হিচাপে ঘোষণা কৰিলে৷ মৰ্চাৰ কাৰ্যকৰী সভাপতি হিচাপে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক নতুনকৈ দায়িত্ব দিয়া হয়৷ আনহাতে মৰ্চাৰ সাধাৰণ সম্পাদক পদত পূৰ্বৰ দৰেই লুৰীণজ্যোতি গগৈয়ে থাকিম বুলি নেতৃত্বই স্পষ্ট কৰে৷ উল্লেখ্য, অসম সন্মিলিত মঞ্চৰ কংগ্ৰেছক বাদ দি আন ১৫টা দলে বিহালীত প্ৰাৰ্থী দিয়াৰ সকলো প্ৰস্তুতি চলোৱাৰ পাছতো তথা কংগ্ৰেছে বিহালী মিত্ৰ দলক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ো বুধবাৰে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে৷ ইয়াৰ পাছতে ক্ষোভত ফাটি পৰিছে অসমৰ নেতৃত্ব৷ কাৰ্যতঃ গৌৰব গগৈৰ ভূমিকাত ভীষণ উষ্মা প্ৰকাশ কৰি আওপকীয়াকৈ লুৰীণজ্যোতি গগৈয়ে কয়–‘কংগ্ৰেছৰ নুন্যতম সৌজ্যনতা বোধো নাই৷ মিত্ৰতা ভংগ কৰি প্ৰাৰ্থী ঘোষণাৰ পাছত তেওঁলোকে এটা ফোন কৰাৰো সৌজন্যতা প্ৰদৰ্শন নকৰিলে৷ তেওঁলোকে ভাবে ৰাজনীতি কৰিবলৈ মিত্ৰতাৰ প্ৰয়োজন নাই৷ কেৱল মাত্ৰ অহংকাৰ আৰু টকাৰহে প্ৰয়োজন৷’ লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে ভংগ নহয় সন্মিলিত মৰ্চা, কেৱল মাত্ৰ কংগ্ৰেছ দলহে মঞ্চৰ পৰা বাদ পৰিল৷ ইফালে কংগ্ৰেছ দলে ঐতিহাসিক বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়–বিজেপিৰ লগত থকা এজন কংগ্ৰেছে ৰাতিৰ ভিতৰতে টিকট দিছে৷ কংগ্ৰেছত নীতি আদৰ্শ বুলি একো নাই৷ যিকোনো প্ৰকাৰ কংগ্ৰেছক ক্ষমতা লাগে৷ কংগ্ৰেছ দলে এনেকুৱা বিশ্বাসঘাটকতা পূৰ্বেও কৰিছে৷


এইবাৰো এক ঐতিহাসিক বিশ্বাসঘাটকতা অসমৰ মানুহৰ বিৰুদ্ধে কৰিলে৷ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে দিয়া প্ৰতিশ্ৰুতি নৰজিল৷ কাৰ্যতঃ এনেদৰে এক গগৈৰ প্ৰভাৱ বিস্তাৰত এতিয়া যেন অগ্নিশৰ্মা হৈ পৰিছে দুই গগৈ৷ লোকসভাৰ নিৰ্বাচনত ঠন ধৰি উঠা তিনি গগৈ তত্ব উপ-নিৰ্বাচনত থানবান হ’ল৷ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব, বিৰোধী ঐক্যমঞ্চক আওকান কৰি গৌৰব গগৈয়ে বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ অভিযোগ তুলিলে খোদ ঐক্যমঞ্চৰ নেতৃত্বই৷ কাৰ্যতঃ বিধানসভাৰ নিৰ্বাচনলৈ ১৮ মাহ থকা অৱস্থাত মাত্ৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনতে দেখা গ’ল বিৰোধীৰ বিধবস্ত ৰূপ৷ বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ আৰত ভূপেন বৰা আৰু গৌৰব গগৈৰ ক্ষমতাকেন্দ্ৰিক প্ৰতিদ্বন্দ্বিতা বুলিও অখিল গগৈয়ে কটাক্ষ কৰে৷ ইফালে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত ভূপেন বৰাই কয়–‘মই মনেৰে এৰা নাই৷ পৰিস্থিতিত পৰি পদত্যাগ কৰিছো৷ লুৰীণজ্যোতি গগৈক কৈছো আপুনি সকলোকে ধৰি ৰাখক৷ আমি অকণমান ধৈৰ্য ধৰো৷ ২৩ তাৰিখে গোটেই প্ৰক্ৰিয়াটো শেষ হ’ব৷ তাৰ পাছতহে আচল প্ৰতিদ্বন্দ্বিতাখন আৰম্ভ হ’ব৷’ সন্মিলিত মৰ্চাই আজি ঘোষণা কৰা বিহালীৰ চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে কাইলৈ মনোনয়ন দাখিল কৰিব৷ মনোনয়ন দাখিলত সংগ দিব লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাই৷ ইফালে বিহালী চামগুৰিত আপৰ প্ৰাৰ্থী ঘোষণাৰ পাছতে আজি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক সাক্ষাৎ কৰে আপৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে৷ সন্মিলিত মৰ্চাৰ নতুন সভাপতি অজিত কুমাৰ ভূঞায়ো আজি শিৱসাগৰত সাংবাদিকৰ আগত খং প্ৰকাশ কৰি কয়–‘কংগ্ৰেছে কেনে ৰাজনীতি কৰিছে, এটা মাত্ৰ ঘটনাই সকলো উদঙাই দিলে৷’