পকা কল নে কেঁচাকল, কোনবিধ উপকাৰী
স্বাস্থ্য ভালে ৰাখিবলৈ পুষ্টিবিদ আৰু চিকিৎসকে স্বাস্থ্যকৰ খাদ্য খাবলৈ পৰামৰ্শ দিয়ে৷ এই তালিকাত কলো থাকে৷ কলত ভিটামিন তথা প্ৰচুৰ পৰিমাণে খনিজ উপাদান থাকে৷ ওজন বঢ়াবলৈ হ’লে কল খোৱাৰ পৰামৰ্শ দিয়া হয়৷ কিন্তু যিসকলে অতিৰিক্ত ওজন কমাব বিচাৰে তেওঁলোকে কল খোৱা উচিতনে? পুষ্টিবিদ চম্পা চক্ৰৱৰ্তীৰ মতে, পকা কলত যিহেতু কেলৰিৰ পৰিমাণ বেছি থাকে গতিকে ১০০ গ্ৰাম কলৰ পৰা ১১৭-১২০ কিলো কেলৰি পোৱা যায়৷ সেয়ে কল খালে ওজন বাঢ়ে৷ যিসকলে অতিৰিক্ত ওজন কমাব বিচাৰে তেওঁলোকেও কল খাব পাৰে যদিও হিচাপ অনুসৰিহে খাব৷
- কেঁচা কলত পকা কলতকৈ কেলৰিৰ পৰিমাণ কম থাকে৷ বহুতৰে ধাৰণা যে পকা কলতকৈ কেঁচা কল খালে ওজন কমে৷ পুষ্টিবিদ চম্পা চক্ৰৱৰ্তীৰ মতে কেঁচা কলত পেকটিন নামৰ ডায়েটৰী ফাইবাৰ থাকে৷ দিনটোত কিমান পৰিমাণৰ কেলৰি খোৱা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি কল খালে ওজন কমিব নে বাঢ়িব সেয়া নিৰ্ভৰ হয়৷
- পুৱাৰ খাদ্যৰ সৈতে ওটছ আৰু কল একেলগে খাব পাৰে৷ কলে পটাছিয়ামৰ অভাৱ দূৰ কৰে৷ তদুপৰ ওটছত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ ওটছ আৰু কল একেলগে খালে বহুসময় ভোক নালাগে৷ ফলত ওজন কমোৱাত সহায় হয়৷
- সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ ফেটছ খাব লাগে৷ কল আৰু বাদাম বা কাঠবাদামৰ মাখন যদি মিহলাই খোৱা হয় তেন্তে ইয়াৰ পৰা একেলগে ফাইবাৰ, খনিজ উপাদান আৰু ভিটামিনৰ লগতে প্ৰ’টিন পোৱা যায়৷ লগতে পোৱা যায় স্বাস্থ্যকৰ ফেটছ৷
- কেঁচা কলৰ সৈতে আখৰোট, মৌ আৰু পানী মিহলাই মিক্সিত জুছ বনায়ো খাব পাৰে৷ এই মিশ্ৰণে ওজন কমোৱাত সহায় কৰে৷ এইবিধ মিশ্ৰণৰ সৈতে গাখীৰ মিহলায়ো খাব পাৰে৷