ৰান্ধনি, পোহনীয়া কুকুৰ... দহ হাজাৰ কোটি দি থৈ গ’ল টাটাই
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ অক্টোবৰঃ দেশৰ বহু ধনকুৱেৰৰ যি বিশাল ব্যক্তিগত সম্পত্তি আছে, সিমান ব্যক্তিগত সম্পত্তি ৰতন টাটাৰ নাছিল৷ টাটা গোষ্ঠী দেশৰ ভিতৰতে অন্যতম বিশাল সম্পদৰ অধিকাৰী হ’লেও ব্যক্তিগত সম্পত্তিৰ লেখেৰে ৰতন টাটা দেশৰ প্ৰথম দহজনৰ মাজত নাছিল৷ তেওঁৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ আছিল ৭,৯০০ কোটি টকাৰ ওচৰা ওচৰি৷
ঘাইকৈ তেওঁ নিজৰ সম্পত্তি দান দি থকাৰ বাবেই এই পৰিমাণে কেতিয়াও বিশাল ৰূপ লোৱা নাছিল৷ সদ্য প্ৰয়াত ৰতন টাটাই তেওঁৰ এই ব্যক্তিগত সম্পত্তি বিভিন্নজনৰ নামত উইল কৰি গৈছে৷ তাৰ ভিতৰত আছে তেওঁৰ পোহনীয়া আৰু অতি মৰমৰ কুকুৰ ‘টিটো’, তেওঁৰ ব্যক্তিগত পৰিচাৰক, সহায়কাৰী, ভ্ৰাতৃ আৰু আন বিভিন্নজন৷ তেওঁৰ এই উইল যাতে সঠিক ৰূপে কাৰ্যকৰী কৰা হয় তাৰ বাবে দায়িত্ব দি গৈছে সতীয়া ভগ্নী ছিৰিণ, ডায়ানা জিজিবয়, অধিবক্তা দাৰিয়াছ খাম্বাটা আৰু ঘনিষ্ঠ বন্ধু মেহলি মিস্ত্ৰিক৷ তেওঁৰ মৃত্যুৰ পাছত যাতে মৰমৰ সাৰমেয় শ্বেফাৰ্ড প্ৰজাতিৰ টিটোক আমৃত্যু পোহ-পাল কৰা হয়, তাৰ বাবে ব্যৱস্থা কৰি গৈছে ৰতন টাটাই৷ তাৰ উপৰি তেওঁক দীৰ্ঘদিন যত্ন লোৱা ৰান্ধনি ৰাজন, ব্যক্তিগত পৰিচাৰক সুব্বিয়াৰ বাবে ৰাখি গৈছে বিশাল সম্পত্তি৷ নিজৰ অসমবয়সী বন্ধু শান্তুনু নাইডুৰ বাবে বিশাল সম্পত্তি ৰাখি যোৱাৰ লগতে তেওঁৰ বিদেশত পঢ়াৰ সকলো খৰচ যোগান ধৰি গৈছে ৰতন টাটাই৷ নিজৰ ভ্ৰাতৃ জিম্মিৰ বাবে সম্পত্তিৰ বৃহৎ এটা অংশ তেওঁ এৰি গৈছে৷ দুই সতীয়া ভগ্নী ছিৰিণ আৰু ডায়ানাৰ বাবেও দি গৈছে বিশাল সম্পত্তি৷ তেতিয়াও বাকী ৰৈ যোৱা সম্পত্তি তেওঁ দান কৰি গৈছে টাটা ফাউণ্ডেশ্বনক৷
ৰতন টাটাৰ সম্পত্তিৰ ভিতৰত আছে মুম্বাইৰ জুহুৰ তাৰা ৰোডত এটা দুমহলীয়া ঘৰ, এটা ২ হাজাৰ বৰ্গফুটৰ বাংলো, ৩৫০ কোটিৰ স্থায়ী সম্পত্তি আৰু টাটা ছন্সৰ ০.৮৩ শতাংশ মালিকানা৷ ইয়াৰ উপৰি মুম্বাইৰ ক’লাবাত আছে এটা বিশাল বাংলো৷ তাৰ মূল্য ১৫০ কোটি টকা৷ ব্যক্তিগত সংগ্ৰহত ৰতন টাটাই মাৰ্ছিডিজৰ পৰা আৰম্ভ কৰি টাটা নেনোলৈকে বহুকেইখন গাড়ী আছিল৷