সংৰক্ষণৰ অভাৱত সৌন্দৰ্য হেৰুৱাইছে শিৱসাগৰৰ কীৰ্তিচিহ্নই
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি, ২৯ অক্টোবৰ : বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ পুখুৰীৰ পাৰত থকা শিৱদ’ল আৰু বিষ্ণু দ’লৰ ওপৰত গছ গজি ডাঙৰ হৈছে, পুখুৰীৰ চাৰিওফালে থকা যমুনাৰ বৃহৎ এলেকা শুকাই গৈছে আৰু শিৱসাগৰ নগৰৰ পৰা জয়সাগৰ তিনিআলিৰ মাজৰ পহৰাদা আলিৰ কাষৰ এটি ৰোডত থকা শিলাসাঁকো আৰু দিখৌ দলঙৰ সমীপৰ ন-আলি অঞ্চলৰ এ টি ৰোডত থকা আহোম যুগৰ ইটাৰে নিৰ্মিত সাঁকো ভাগি-ছিগি মাটিৰ সৈতে মিহলি যোৱাৰ উপক্ৰম হৈছে৷ তদুপৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা শতাধিক প্ৰাচীন কীৰ্তিচিহ্ন চৰকাৰী সংৰক্ষণৰ অভাৱত ক্ৰমান্বয়ে ধবংসৰ মুখলৈ গতি কৰিছে৷ এই অভিযোগ উত্থাপন কৰাৰ লগতে চৰকাৰে প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিছে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে৷ দুবাৰকৈ জিলা আয়ুক্তক ৯টা দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছিল৷ ইয়াৰ পাছতো চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এতিয়া গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে কোনো ধৰণৰ বিকল্প ব্যৱস্থা নাই বুলি সমিতিয়ে উল্লেখ কৰে৷
এটা বিবৃতিত সমিতিয়ে উল্লেখ কৰা অনুসৰি শিৱসাগৰ নগৰত অৱস্থিত শিৱদ’ল আৰু বিষ্ণু দ’লৰ ওপৰত বৰ্তমান গছ-বন, লতিকা আদি গজি দ’ল তিনিটাৰ সৌন্দৰ্য ম্লান কৰিছে৷ তদুপৰি আহোম ৰাজত্ব কালৰ স্বাক্ষৰ বহন কাৰী দ’ল-দেৱালয়, পুখুৰী, মৈদাম, বাট-পথ, সাকোঁ আদি প্ৰাচীন কীৰ্তিচিহ্নসমূহ চাবৰ বাবে অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ-ছাত্ৰী শিৱসাগৰ জিলালৈ আহে৷ শাওণ মাহতো সহস্ৰাধিক ভক্ত শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা, শিলিগুৰি আদি দেশৰ বিভিন্ন ঠাইৰ পৰা সহস্ৰাধিক ভক্ত শিৱসাগৰৰ দ’ল প্ৰাংগণলৈ আহিছিল৷ শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰু ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সৰ্ববেক্ষণ বিভাগৰ শিৱসাগৰ উপ-সংমণ্ডল বিষয়া কাৰ্যালয়ৰ সমীপত আছে এই দ’ল তিনিটাৰ লগতে শিৱসাগৰ পুখুৰীৰ চাৰিওফালে আছে যমুনা৷ তাৰ পাছতো দ’ল আৰু যমুনাৰ অৱহেলিত ৰূপ৷ বিশেষকৈ দ’ল তিনিটা সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ মৌলিক আৰু নৈতিক দায়িত্ব ভাৰতীয় পুৰাতত্ত্ব সৰ্ববেক্ষণ বিভাগৰ৷ কিন্তু বিভাগটোৰ বিষয়াসকলে যে নিজৰ দায়িত্ব পালন কৰা নাই, সেই কথা জলজল পটপটকৈ জিলিকি আছে৷ দ’লৰ বাহিৰৰ বেৰ পৰিষ্কাৰ কৰিবলৈ কিছু সমস্যা আছে৷ কিন্তু ইয়াৰ বিপৰীতে দ’লৰ ভিতৰৰ অংশ পৰিষ্কাৰ কৰি ৰাখিবলৈ বিশেষ সমস্যা নাই৷ ইয়াৰ পাছতো মাহ-মাহ ধৰি দৌলৰ বাহিৰে-ভিতৰে দৃষ্টিকটু ছবি৷ যাৰ ফলত ৰাইজৰ মাজত এতিয়া বিভাগটোৰ প্ৰতি সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে৷