গোৱাৰ পৰা দীপাংকৰক আনি পাণবজাৰ থানাৰ লক্-আপত বন্দী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ অক্টোবৰ : অৱশেষত মহাপ্ৰৱঞ্চক ডি বি ষ্টক কনচালটেন্সীৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক গোৱাৰ পৰা ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হয়৷ মহানগৰ আৰক্ষীৰ তদন্তকাৰী দলটোৱে মঙলবাৰে গোৱাৰ পৰা হায়দৰাবাদ হৈ ইণ্ডিগ’ বিমানযোগে সন্ধিয়া গুৱাহাটীলৈ লৈ আনে দীপাংকৰ বৰ্মনক৷ বৰঝাৰৰ বিমানবন্দৰৰ পৰা পোনে পোনে দীপাংকৰক লৈ অনা হয় পাণবজাৰ থানালৈ৷ নিশাটো পাণবজাৰ থানাৰ লকআপত ৰখা দীপাংকৰক কাইলৈ পল্টন বজাৰ থানাত আৰক্ষীয়ে ৰুজু কৰা নিজাববীয়া গোচৰটোত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাব বুলি জানিবলৈ দিছে মহানগৰ আৰক্ষীয়ে৷ দীপাংকৰক বিমানেৰে গুৱাহাটীলৈ অনাৰ সময়ত বৰঝাৰৰ বিমানবন্দৰৰ লগতে পাণবজাৰ থানাৰ সন্মুখতো ভুক্তভোগীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷ লক্ষণীয়ভাৱে অনলাইন ট্ৰেডিঙৰ নামত দেশৰ লগতে বিদেশৰ হাজাৰ হাজাৰ লোকৰ বিনিয়োগৰ ধন লৈ আত্মসাৎ কৰা দীপাংকৰক দুমাহৰ মূৰত দেওবাৰে মহানগৰ আৰক্ষীয়ে গোৱাত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল যদিও দীপাংকৰলৈ গুৱাহাটীৰ পৰা ধন প্ৰেৰণ কৰা হাৱালাৰে জড়িতসকলৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ চাৰ্টাৰ্ড একাউণ্টেণ্ট মহেশ আগৰৱালাৰ সহযোগত গুৱাহাটীৰ দুজন ব্যক্তিৰ জৰিয়তে গোৱাত থকা দীপাংকৰলৈ ধন প্ৰেৰণ কৰিছিল দীপাংকৰৰ প্ৰেয়সী মনালিচা দাসৰ ভগ্নী অঞ্জলী দাসে৷ ধৃত অঞ্জলী দাসে ইতিমধ্যে আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰাৰ লগতে দীপাংকৰৰ সৈতে ইনষ্টাগ্ৰামত যোগাযোগত থকাৰ কথাও স্বীকাৰ কৰিছিল৷ অঞ্জলী দাসৰ ইনষ্টাগ্ৰামৰ জৰিয়তেই প্ৰথমবাৰলৈ মহানগৰ আৰক্ষীয়ে দীপাংকৰে গোৱাত আশ্ৰয় লোৱাৰ ক্লু লাভ কৰিছিল৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে ১৮ আগষ্টত গুৱাহাটী এৰা দীপাংকৰ বৰ্মনে বৰঝাৰৰ বিমানবন্দৰৰ পৰা মুম্বাই হৈ ১৯ আগষ্টত গোৱাত উপস্থিত হৈছিল৷ সেইদিনা বৰঝাৰৰ বিমানবন্দৰত দীপাংকৰক সাক্ষাৎ কৰিছিল প্ৰেয়সী মনালিচাৰ ভগ্নী অঞ্জলীয়ে৷
দীপাংকৰে আত্মগোপনৰ পাছত পলমকৈ হ’লেও তদন্তকাৰী আৰক্ষীয়ে অঞ্জলীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ মেছেঞ্জাৰত দুটা নতুন একাউণ্টৰ পৰা মেছেজ আদান-প্ৰদানৰ তথ্য লাভ কৰিছিল৷ এই সন্দেহজনক একাউণ্ট দুটা পৰীক্ষণ কৰাত গোৱাৰ পৰা যোগাযোগ কৰাৰ তথ্য লাভ কৰে মহানগৰ আৰক্ষীয়ে৷ ইয়াৰ পাছতেই বিগত ২৪ ছেপ্টেম্বৰত অঞ্জলী দাসক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাত প্ৰথমাৱস্থাত মুখ খোলা নাছিল যদিও পাছত সকলো কথা স্বীকাৰ কৰে অঞ্জলী দাসে৷ অঞ্জলীয়ে স্বীকাৰ কৰা মতে দীপাংকৰ বৰ্মনে দুটা নতুন ইনষ্টাগ্ৰাম একাউণ্ট খুলি অঞ্জলীৰ সৈতে যোগাযোগ কৰিছিল৷ আনকি দীপাংকৰে গুৱাহাটীৰ পৰা পলায়ন কৰাৰ দিনটোত বৰঝাৰত দীপাংকৰক সাক্ষাৎ কৰাৰ কথাও স্বীকাৰ কৰে৷ ইনষ্টাগ্ৰামৰ মেছেজত দীপাংকৰে হাৱালাৰ জৰিয়তে ধন প্ৰেৰণৰ বাবে অঞ্জলীক নিৰ্দেশ দিছিল৷ দীপাংকৰে দিয়া ঠিকনাত গুৱাহাটীৰ হালাৱা এজেণ্টক অঞ্জলীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট মহেশ আগৰৱালাৰ সহযোগত দীপাংকৰলৈ ধন প্ৰেৰণ কৰিছিল৷ ২২ আগষ্টত দীপাংকৰে গোৱাৰ হাৱালা এজেণ্টৰ পৰা অঞ্জলীয়ে প্ৰেৰণ কৰা ধন সংগ্ৰহ কৰিছিল৷ গুৱাহাটীৰ হাৱালা এজেণ্টৰ তথ্যৰ ভিত্তিত গোৱাত দীপাংকৰে হাৱালা এজেণ্টৰ পৰা ধন সংগ্ৰহ কৰা চিচি টিভি ফুটেজো সংগ্ৰহ কৰিছিল মহানগৰ আৰক্ষীয়ে৷ অৱশেষত দেওবাৰে মহানগৰ আৰক্ষীয়ে দীপাংকৰক গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও ৰহস্যজনক বুজাবুজিৰে গুৱাহাটীৰ হাৱালা এজেণ্টদ্বয়ক বৰ্তমানলৈ তদন্তকাৰী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি ৰখাৰ অভিযোগ উঠিছে৷ ইফালে, অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধ আইনৰ অধীনত ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰটো ৰুজু হোৱাৰ পৰিপ্ৰেক্ষিতত বৈধ বিনিয়োগকাৰীয়ে কিছু হ’লেও বিনিয়োগৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ মঙলবাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয়– ‘মই আগতেও কৈছোঁ, এদিন নহয় এদিন দীপাংকৰ ধৰা পৰিবই৷ কিয়নো আপৰধী চালাক হ’লেও, সৰু হ’লেও প্ৰমাণ এৰি যায়৷ এই তদন্তত চিবিআয়ে বহুত সহায় কৰিছে৷ পলাই থকাসকলো খুব সোনকালে ধৰা পৰিব৷’ দীপাংকৰ বৰ্মনক বিশ্বাস কৰি ট্ৰেডিঙত বিনিয়োগ কৰাসকলক সকাহ প্ৰদান কৰি জিপি সিঙে কয়– ‘দীপাংকৰৰ সম্পত্তি বাজেয়াপ্ত কৰি বিনিয়োগকাৰীক ঘূৰাই দিয়া হ’ব ধন৷ আইন মতেহে ভুক্তভোগীয়ে ঘূৰাই পাব ধন৷ তাৰ বাবে বিনিয়োগকাৰীয়ে দিব লাগিব উপযুক্ত প্ৰমাণ৷ তদন্তৰ শেষত এখন কমিটীয়ে আইনমতে কামখিনি কৰিব৷ কিছু মাহৰ পাছতেই এই পৰ্যায়ত উপনীত হ’ম৷ উপযুক্ত তথ্য-প্ৰমাণ দিয়া বিনিয়োগকাৰীক অলপ হ’লেও ধন ঘূৰাই দিবলৈ সক্ষম হ’ম৷’