Logo
image

গৰম দিনত তৰমুজ কিয় অতি উপকাৰী

আমাৰ অসম বিশেষঃ গ্ৰীষ্মকালত তৰমুজৰ সাংঘাতিক চাহিদা৷ মিঠা আৰু ৰসাল এই ফলৰ উপকাৰিতা বৰ্ণনাতীত৷ সুস্বাস্থ্যৰ লগতে ছালৰ বাবে সাংঘাতিক ফলপ্ৰসূ তৰমুজ৷ আজিৰ শিতানত ছাল আৰু সুস্বাস্থ্যৰ ক্ষেত্ৰত তৰমুজৰ গুণাগুণ উল্লেখ কৰা হ’ল–

[১] ছাল শুকান আৰু সোতৰা-সোতৰ হ’লে নিয়মিত তৰমুজ  খাওক৷ তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থকা বাবে ই ছালৰ সমস্যা নাইকিয়া কৰে৷

[২] ৰ’দৰ বাবে ছাল কলা হ’লে তৰমুজ খাব পাৰে৷ তৰমুজে ছালৰ কলা দাগ আঁতৰায়৷

[৩] স্বাস্থ্য বিশেষজ্ঞৰ মতে তৰমুজত থকা বিশেষ উপাদানে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি তৰমুজত থকা ভিটামিন-এ, ভিটামিন-চি, পটাছিয়াম আৰু কেৰ’টিনে কলেষ্টৰে’লৰ পৰিমাণ হ্ৰাস কৰে৷ ফলত হৃদপিণ্ড সুৰক্ষিত হৈ থকাত সহায় হয়৷

[৪] তৰমুজত থকা ভিটামিন-এ আৰু কেৰ’টিনে চকুৰ ৰেটিনা সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷ তদুপৰি তৰমুজত থকা ভিটামিন-এৰ বাবে দৃষ্টিশক্তি বাঢ়ে৷

[৫] তৰমুজত প্ৰচুৰ পৰিমাণে পানীয়ৰ উপাদান থকা বাবে ই কিড্‌নী বা বৃক্কৰ ওপৰত পৰা অতিৰিক্ত চাপ কমায়৷ যাৰ বাবে প্ৰস্ৰাৱত হোৱা জ্বলাপোৰাৰ সমস্যা আঁতৰ হয়৷

[৬] যকৃত বা লিভাৰ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰতো তজমুজে সহায় কৰে৷ যিসকলে পানী কমকৈ খায় তেওঁলোকৰ বৃক্কত পাথৰ হোৱাৰ আশংকা অধিক৷ সেয়ে এনে লোকে খাদ্যৰ তালিকাত তৰমুজ ৰখাটো দৰকাৰ৷

[৭] তৰমুজত থাকে লাইক’পিন নামৰ এবিধ ৰঙা উপাদান৷ এইবিধ উপাদানে বয়স বঢ়াৰ লগে লগে দুৰ্বল হৈ পৰা হাড় শক্তিশালী কৰে৷

[৮] তৰমুজত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু পটাছিয়াম থকাৰ বাবে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷

[৯] বাত বিষ আৰু মাংসপেশীৰ বিষত আক্ৰান্তসকলে অথবা শৰীৰৰ চৰ্চাৰ পিছত দেহৰ বিষত ভোগা হ’লে নিয়মিত তৰমুজ খাব পাৰে৷

[১০] শ্বাস কষ্ট বা হাপানীৰ সমস্যাত ভোগাসকলে খাদ্য তালিকাত তৰমুজ ৰাখক৷ এনে সমস্যাত ভোগা লোকে নিয়মিত তৰমুজ খালে এই দুটা সমস্যাৰ পৰা সকাহ লাভ কৰিব৷ তদুপৰি কিছুমান লোকে অত্যধিক ঠাণ্ডা অনুভৱ কৰে৷ এনে লোকে তৰমুজ খোৱাৰ অভ্যাস কৰিলে ঠাণ্ডা অনুভৱৰ এলাৰ্জীৰ পৰা মুক্তি পাব৷