Logo
image

ৰাজ্যত পথ নিৰ্মাণ-উন্নয়নৰ নামত হাজাৰ হাজাৰ বৃক্ষ ধবংস, দীঘলীপুখুৰী নিমিত্ত মাত্ৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ নবেম্বৰ : উৰণ সেতু নিৰ্মাণৰ নামত ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰৰ শতায়ু গৰকা ২৫ জোপা বটবৃক্ষক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাটি পেলোৱাৰ বাবে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শিল্পী-সাহিত্যকৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকলৈ৷ গুৱাহাটীবাসীক প্ৰাণ দিয়া দীঘলীপুখুৰীৰ গছসমূহ ৰক্ষা কৰাৰ বাবে ছাত্ৰ সমাজে ওৰে নিশা পহৰাও দিছে৷ দীঘলীপুখুৰীৰ গছ কটাক লৈ সৰ্বস্তৰৰ ৰাইজৰ প্ৰতিবাদৰ মাজতে এতিয়া প্ৰতিদিনেই বিভিন্ন স্থানত বিনা বাধাই প্ৰশাসন তথা বন বিভাগে কাটি আছে এজোপাৰ পাছত আন এজোপা বৃহৎ বৃহৎ গছ৷ উন্নয়নৰ দোহাই দি প্ৰশাসনে ধন ধবংস যজ্ঞ অব্যাহত ৰখাৰ পাছতো গুৱাহাটীক বাদ দি আন স্থানত ৰাইজৰ বৰ-বিশেষ কোনো প্ৰতিবাদ-প্ৰতিক্ৰিয়াও নাই৷ দীঘলীপুখুৰীৰ প্ৰতিবাদত জপিয়াই পৰা বহু ব্যক্তিয়েই ৰাজ্যৰ চুকে-কোনে অব্যাহত থকা বন ধবংস লৈ নিৰৱ ভূমিকা গ্ৰহণ কৰা বুলিহে চৰ্চা লাভ কৰিছে৷ দীঘলীপুখুৰীত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফ’ৰলেন সম্প্ৰসাৰণৰ নামত ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত প্ৰতি নিশাই শ শ জোপা মূল্যবান গছ গুৰিতে কাটি পেলোৱা হৈছে৷ পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে থকা প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি পেলোৱা দেখা গৈছে৷ প্ৰতি নিশাই ঘাইপথৰ গছ কাটি থকা দৃশ্য এতিয়া জোনাইবাসীৰ বাবে সুলভ দৃশ্যত পৰিণত হৈছে৷ ৫১১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক ফ’ৰলেন সম্প্ৰসাৰণৰ নামত অবাধ হাৰত অব্যাহত থকা বন ধবংসক লৈ স্থানীয় দুই এটা প্ৰকৃতিপ্ৰেমী সংগঠনে প্ৰতিবাদ কৰিছে যদিও জোনাইৰ গছ কটাক লৈ ৰাজ্যবাসীৰ বিশেষ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই৷


ইফালে দীঘলীপুখুৰীত বৃক্ষ ৰক্ষাৰ দাবীত ছাত্ৰ সমাজে পহৰা দিয়াৰ মাজতে ডবকাৰ নাহৰ গাঁৱত শতায়ু গৰকা এজোপা বৃক্ষ কাটি পেলোৱা হয়৷ বহু পক্ষীৰ আশ্ৰয়স্থল গছ জোৱা কাটি পেলোৱাত স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াও দেখা যায়৷ ইফালে বিদ্যুৎ তাঁৰ সংযোগৰ নামতে এ পি ডি চি এলে ধিঙৰ পৰা মৈৰাবাৰীলৈ শ শ জোপা গছ বন বিভাগৰ সহযোগত কাটি পেলোৱাৰ অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে কিছুদিন পূৰ্বে বকোৰ পৰা গোৱালপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত বন বিভাগে শ শ জোপা কাটি পেলোৱাৰ সিদ্ধান্তক লৈ ৰাজ্যৰ এজন প্ৰখ্যাত সাংস্কৃতিক কৰ্মীয়ে সামাজিক মাধ্যমযোগে প্ৰতিবাদ কৰিছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ গছ সমূহ কটাক লৈ মুখ্যমন্ত্ৰীকো সমালোচনা কৰিছিল সাংস্কৃতিক কৰ্মীগৰাকীয়ে৷ কিন্তু উক্ত গছসমূহ কটাৰ বাবে সাংস্কৃতিক কৰ্মীগৰাকীৰ ভাতৃয়ে ঠিকা লাভ কৰাৰ পাছতেই প্ৰতিবাদৰ পৰা বিৰত থকা বুলিহে এতিয়া চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, ৰাজ্য চৰকাৰে ফ্লাই অভাৰ নিৰ্মাণৰ নামত ইতিমধ্যে দিছপুৰ, জু-ৰোড, ভৰলু, ডাউন টাউনৰ বহু গছ নিশাৰ ভাগতে কাটি পেলাইছিল৷ তদুপৰি গোৱালপাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ নামতো ইতিপূৰ্বে জ্জ্ব হাজাৰ চেগুণ গছ কাটি পেলোৱা হ’ল৷ শেহতীয়াকৈ প্ৰশাসনে গুৱাহাটীৰ ছয়মাইলত ৬০ জোপা আৰু ভৰলুমুখত ৩৬ জোপা গছ কটাৰ বাবে বন বিভাগে চিহ্নিত কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে৷

ধিঙত বিদু্যৎ সংযোগৰ নামত শ শ গছ কাটি তহিলং

‘আমাৰ অসম’ৰ ধিঙৰ প্ৰতিবেদক : যিটো সময়ত ৰাজ্য চৰকাৰে বৃক্ষ ৰোপণৰ নামত কোটি কোটি টকা খৰচ কৰি সমগ্ৰ ৰাজ্যতে এক বৃক্ষ আন্দোলন গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে, যিসময়ত দীঘলীপুখুৰী পাৰৰ গছ কটাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে সেইসময়তে লাহৰীঘাট বিদু্যৎ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে বিজুলী সংযোগৰ নামত ধিঙত এফালৰ পৰা তহিলং কৰি গৈছে মূল্যৱান গছ-গছনি৷ ধিং চাৰিআলিৰ পৰা মৈৰাবাৰীলৈকে শ শ ন-পুৰণি গছ কাটি তহিলং কৰা কাণ্ডত জাঙোৰ খাই উঠিছে ধিঙৰ দল সংগঠন৷ কিন্তু এইক্ষেত্ৰত কাণষাৰ নাই নগাওঁ জিলা বন বিভাগৰ৷ বিদু্যৎ বিভাগৰ লগতে জিলা বন বিভাগৰ ওপৰতো ক্ষুব্ধ ধিঙৰ বিভিন্ন দল-সংগঠন৷ বন বিভাগ এটা থকাৰ পাছতো অনুমতি অবিহনে কেনেকৈ বিদু্যৎ বিভাগে বিজুলী সংযোগৰ নামত এই বন ধবংসযজ্ঞ চলাব পাৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন৷ উল্লেখ্য, বিদু্যত সংযোগৰ নামত যিবোৰ গছ ধবংস কৰিলে সেইবোৰ নকটাকৈয়ো সম্প্ৰসাৰণ কৰাৰ থল আছিল যদিও বিদু্যত বিভাগে অপৰিকল্পিতভাৱেই গছবোৰ কাটি পেলাইছে৷ বন ধবংসকাৰী বিদু্যৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ধিঙৰ ৰাইজে৷