দায়িত্ব বাঢ়িল কাজিৰঙাৰ লক্ষীমাই, পাহি, পূৰ্ণিমাহঁতৰ
‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২ নৱেম্বৰ : কাজিৰঙাত এতিয়াৰে পৰা দায়িত্ব বাঢ়িৰ লক্ষীমাই, পাহি, প্ৰদ্যুন্ন, পূৰ্ণিমাহঁতৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকক পিঠিত বুজাই কৰি উদ্যান দৰ্শন কৰোৱাৰ দায়িত্ব ল’লে বন বিভাগৰ পোহনীয়া হাতী পাহি, পূৰ্ণিমাহঁতে৷ বিগত বৰ্ষৰ দৰে শুকুৰবাৰৰ পৰা কাজিৰঙাত আৰম্ভ কৰা হয় পৰ্যটকৰ অতি আকৰ্ষণীয় এলিফেণ্ট ছাফাৰি (হাতী ছাফাৰি)৷ পহিলা অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জিপ ছাফাৰিৰ বাবে মুকলি কৰা হয় যদিও হাতী ছাফাৰিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ পৰ্যটকে আজিৰ পৰা দৰ্শন কৰিব পাৰিব৷ কাজিৰঙাৰ কহঁৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰী মুকলি কৰাৰ লগতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰা হয়৷ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা কেন্দ্ৰীয় বনাঞ্চলৰ প্ৰৱেশ-দ্বাৰ মিহিমুখত উখল-মাখল পৰিৱেশ৷ পূৰ্ণিমা, পাহি, লক্ষ্মীমাই, ৰাহুলহঁতে পুৱাৰ পৰা সাজি-কাচি ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু হৈ আছিল৷ ইফালে এলিফেণ্ট ছাফাৰীৰ পূৰ্বে পুৱাই প্ৰথমতে পৰম্পৰাগত হস্তীপূজা কৰা হয়৷
দেশ-বিদেশৰ পৰ্যটক, পৰ্যটকৰ্মী, স্থানীয় ৰাইজ আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড॰ সোণালী ঘোষ আৰু পূব অসম বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেছৰ সহযোগত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই নাৰিকল ভাঙি আৰু ফিতা কাটি আনুষ্ঠানিকভাৱে ২০২৪-২৫ বৰ্ষৰ এলিফেণ্ট ছাফাৰী শুভাৰম্ভ কৰে৷ আজি প্ৰথম দিনাই হাতীৰ পিঠিত উঠি কাজিৰঙাৰ মনোমোহা দৃশ্য তথা কাষৰ পৰা অসম গৌৰৱ দৰ্শন কৰি পৰ্যটকসকল আনন্দিত হৈ পৰে৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত আজি এলিফেণ্ট ছাফাৰীৰ প্ৰথম দিনা বেলজিয়াম, ইউনাইটেড কিংডম আদি দেশৰ ছগৰাকী বিদেশী পৰ্যটকৰ লগতে বহুসংখ্যক দেশীয় পৰ্যটকে এলিফেণ্ট ছাফাৰী কৰে৷ প্ৰথম দিনাই বন বিভাগে এলিফেণ্ট ছাফাৰীৰ পৰা ৩৫ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত বিভাগীয় ১০টা, বুঢ়াপাহাৰ বনাঞ্চলত ৩টা বিভাগীয় পোহনীয়া হাতীৰে ছাফাৰী আৰম্ভ কৰাৰ সমান্তৰালকৈ বাগৰি বনাঞ্চলতো ব্যক্তিগত ৩৬টা হাতীৰে এলিফেণ্ট ছাফাৰী আৰম্ভ কৰা হয়৷ বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিষয়া নীলয় বৰুৱা আৰু বাগৰি বনাঞ্চলত উপ-বনাঞ্চলিক বিষয়া শান্তনু গগৈয়ে নাৰিকল ভাঙি আন্তৰিকভাৱে এলিফেণ্ট ছাফাৰী শুভাৰম্ভ কৰে৷ ইফালে বিভাগীয় এক তথ্যৰ পৰা জানিব পৰা মতে, বিগত মাহ অৰ্থাৎ অক্টোবৰ মাহত মুঠ ২৮,৯৮০জন দেশ-বিদেশৰ পৰ্যটকে উদ্যান দৰ্শন কৰে৷ ইয়াৰে দেশী ৩৮, ৪০১জন আৰু বিদেশী ৫৭৯জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই মাত্ৰ এটা মাহতেই মুঠ ৬৫,৩৭,৫১৫ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷