মাজুলীৰ সকলো ৰাসলৈ অতিৰিক্ত ৫০ হাজাৰকৈ টকা
মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম) : মাজুলীৰ ১৮৪ বছৰীয়া মহীয়ান ঐতিহাসিক পৰম্পৰাৰে অনুষ্ঠিত হৈ অহা শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ অসম চৰকাৰে আগবঢ়াইছে বিশেষ অনুদান৷ ঐতিহাসিক পৰম্পৰাৰে বাণিজ্যিকতাৰ বিপৰীতে সাংস্কৃতিক পৰম্পৰাৰে সমন্বয়ৰ মহান আদৰ্শ বিলাই অহা মাজুলী শাৰদীয় মহোৎসৱ ৰাসলীলা অনুষ্ঠিত কৰি অহা মাজুলীৰ প্ৰায় ৬৫টা ৰাস মঞ্চলৈ অসম চৰকাৰে আগবঢ়াব ৫০,০০০ টকাৰ অতিৰিক্ত অনুদান৷ ‘মাজুলীত অনুষ্ঠিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱে অসমৰ আত্মা আৰু সাংস্কৃতিক সত্তাক সঁচা অৰ্থত সজীৱভাৱে উদ্যাপন কৰি আহিছে৷ এই উল্লেখযোগ্য অনুষ্ঠানৰ সন্মানত অসম চৰকাৰে ৫০ হাজাৰ টকাৰ অতিৰিক্ত অনুদান ঘোষণা কৰি আনন্দিত হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
এই ধনৰাশি পূৰ্বতে ঘোষণা কৰা ২৫ হাজাৰ টকাৰ উপৰিও দিয়া হ’ব৷ ‘অসমৰ চহকী ঐতিহ্য আৰু পৰম্পৰাক প্ৰদৰ্শন তথা লালন-পালন কৰি অহা উৎসৱটোৰ প্ৰতি সমৰ্থন তথা প্ৰসাৰতাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে এই অনুদান আগবঢ়োৱাৰ কথা এক্স হেণ্ডেলযোগে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, ঐতিহ্যৰ বান্ধোনেৰে অভিনয় আৰু নেপথ্যৰে সম্পৃক্ত হৈ ৬৫টা স্থানত প্ৰায় ১৫হাজাৰ কলা-কুশলীয়ে অংশগ্ৰহণ কৰা মাজুলীৰ এই বিশাল মহোৎসৱত সমগ্ৰ মাজুলীবাসীয়েই জড়িত হৈ পৰে৷ ১৫নৱেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীত অনুষ্ঠিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷