Logo
image

জাদেজাৰ ৪ উইকেট, দ্বিতীয় ইনিংছত নিউজীলেণ্ডৰ ১৭১-৯

মুম্বাই, ৩ নৱেম্বৰ: ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ সহায়ত নিউজীলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ দ্বিতীয় দিনাৰ অন্তত সুবিধাজনক স্থানত উপনীত হৈছে ভাৰত৷ ভাৰতৰ প্ৰথম ইনিংছত শুভমন গীল আৰু ঋষভ পণ্টে দলৰ হৈ যোগ্য প্ৰদৰ্শন আগবঢ়ায়৷ উপযোগী ইনিংছ খেলে ৱাশ্বিংটন সুন্দৰেও৷ নিউজীলেণ্ডৰ ২৩৫ ৰান অতিক্ৰমী ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে ২৬৩ ৰান৷ প্ৰথম ইনিংছত ভাৰতৰ অগ্ৰগতি ২৮ ৰানৰ৷ দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত নিউজীলেণ্ডে ১৭১ ৰানৰ বিনিময়ত ৯ টা উইকেট হেৰুৱাইছে৷ আলহী দলটোৱে অগ্ৰগতি লাভ কৰি আছে ১৪৩ ৰানত৷ দিনান্তত নিউজীলেণ্ডৰ এজাজ পেটেল ৭ ৰানত অপৰাজিত হৈ আছে৷ দ্বিতীয় ইনিংছত নিউজীলেণ্ডৰ হৈ সৰ্বাধিক ৫১ ৰানৰ ইনিংছ খেলিছে উইল ইয়ঙে৷


দললৈ দ্বিতীয় সৰ্বাধিক ২৬ ৰানৰ অবদান আগবঢ়ায় গ্লেন ফিলিপছে৷ ডেভন ক’নৱেৰ বেটৰ পৰা ২২ আৰু ডেৰিল মিচেলৰ বেটৰ পৰা ২১ ৰান আহে৷ ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ১২.৩ অভাৰত ৫২ ৰানৰ বিনিময়ত চাৰিটা উইকেট হস্তগত কৰে৷ তিনিটা উইকেট লাভ কৰিছে অশ্বিনে৷ আকাশ দীপ আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূৰ্বে আগদিনাৰ  ৮৬-৪ ৰ পৰা খেল আৰম্ভ কৰা ভাৰতৰ প্ৰথম ইনিংছ সমাপ্ত হৈছিল ২৬৩ ৰানত৷ শুকুৰবাৰে অপৰাজিত থকা গীল আৰু পণ্টে  সাৱধনতাৰে খেল আৰম্ভ কৰে৷  ১৪৬ টা বলত ৯০ ৰানৰ ইনিংছ খেলি দলক এক সন্মানীয় স্থিতি দিয়াত গুৰুত্বপূৰ্ণ অবদান আগবঢ়ায় শুভমন গীলে৷ তেওঁৰ ইনিংছত আছিল সাতটা চাৰি আৰু এটা ছয়৷ পণ্টে ৫৯টা বলত ৬০ ৰানৰ ইনিংছ খেলে৷  তেওঁৰ ইনিংছত আছিল আঠটা চাৰি আৰু দুটা ছয়৷ পণ্ট আৰু গীলে পঞ্চম উইকেটৰ যুটিত ৯৬ ৰান যোগ দিয়ে৷ ৱাশ্বিংটন সুন্দৰ ৩৮ ৰানত অপৰাজিত থাকে৷ নিউজীলেণ্ডৰ হৈ এজাজ পেটেলে পাঁচটা উইকেট লোৱাৰ লগতে এটাকৈ উইকেট লাভ কৰে মেট হেনৰী, গ্লেন ফিলিপছ আৰু ইশ সোধিয়ে৷