Logo
image

আৰ চি বিত ২০টা বছৰ পূৰ্ণ কৰাৰ লক্ষ্য কোহলিৰ

বেংগালুৰু,৩ নৱেম্বৰ: আই পি এলৰ মেগা নিলামৰ পূৰ্বে ২১ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত বাহাল থাকিল প্ৰাক্তন অধিনায়ক বিৰাট কোহলি৷ ভাৰতীয় খেলুৱৈৰ ভিতৰত তেওঁ সৰ্বাধিক টকাত দলত বাহাল থাকিল৷ ইয়াৰ পিছতেই ২০২৭ চন পৰ্যন্ত প্ৰতিযোগিতামূলক ক্ৰিকেটত খেলি যোৱাৰ ইংগিত দিছে কোহলিয়ে৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত ২০ বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে তাৰকাজনে৷ ২০০৮ চনৰ পৰাই আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলি আছে কোহলিয়ে৷ সংগ্ৰহ কৰিছে তেওঁ ৮০০০ৰ অধিক ৰান৷ ইয়াৰ ভিতৰত আছে আঠটা শতক আৰু ৫৫টা অৰ্ধশতক৷ ‘আৰ চি বি ব’ল্ড ডায়েৰী’ত  কোহলিয়ে ইংগিত দিয়ে যে তেওঁ কমেও আন তিনি বছৰ ২০২৭চন পৰ্যন্ত ফ্ৰেন্সাইজীটোৰ হৈ খেলিব৷


কোহলিয়ে কয়–‘এই চক্ৰৰ অন্তত আৰ চি বিৰ সৈতে মোৰ ২০বছৰ পূৰ্ণ হ’ব৷ এয়া এক অনন্য অনুভৱ৷ কিন্তু এটা দলৰ হৈয়ে ইমান দিন খেলিম বুলি মই কেতিয়াও ভবা নাছিলো৷ ইমান বছৰে মোৰ দলৰ সৈতে এটা সুমধুৰ সম্পৰ্ক গঢ়ি উঠিছে৷’ কোহলিয়ে আৰু কয় যে আৰ চি বিৰ বাহিৰে আন কোনো দলৰ হৈ তেওঁ খেলাৰ কথা ভবা নাই৷  অহা তিনিবছৰৰ ভিতৰত এবাৰ হ’লেও আই পি এলৰ খিতাপ কৰিব বিচাৰে বুলিও কোহলিয়ে কয়–‘এই চক্ৰটোলৈ মই অপেক্ষা কৰি আছো৷ এই সময়খিনিত এবাৰ হ’লেও ট্ৰফী জয় কৰিব বিচাৰো৷ আগৰ দৰেই নিজৰ শ্ৰেষ্ঠখিনি দিম৷ নিজস্ব ধৰণে ক্ৰিকেট খেলি সমৰ্থক গৰ্বিত কৰাৰ চেষ্টা কৰিম৷’