খৰখেদাকৈ খাদ্য খালে শৰীৰৰ ক্ষতি হয় নেকি?
শৰীৰৰ অতিৰিক্ত ওজনক লৈ বহুতৰে চিন্তা৷ ওজন কমাবলৈ শৰীৰ চৰ্চাকে ধৰি খাদ্য নিয়ন্ত্ৰণ আদিৰ সহায় ল’বলগীয়া হয়৷ কিন্তু খোৱাৰ ভুল অভ্যাসৰ ফলতো স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷ পুৱাই শুই উঠাৰে পৰা আজিকালি সকলোৱে দৈনন্দিন কাম-কাজক লৈ ব্যস্ত হৈ পৰে৷ ফলত পুৱাৰ খাদ্য খোৱাকে ধৰি দুপৰীয়া আৰু নিশালৈকে খাদ্য লৰালৰিকৈ খাবলগীয়া হয়৷ কিন্তু জানি থোৱা ভাল যে পুৱাই হওক বা দুপৰীয়াই হওক, অথবা নিশাৰ আহাৰেই হওক নিয়ম মানি খাদ্য নাখালে হিতে বিপৰীত হ’ব পাৰে৷ খাদ্য ভালদৰে চোবাই নাখালে বিভিন্ন ধৰণৰ জীৱাণুৰ সংক্ৰমণ হ’ব পাৰে৷ তদুপৰি সঠিকভাৱে খাদ্য চোবাই নাখালে শৰীৰে তাৰ পৰা পুষ্টিগুণ গ্ৰহণ কৰিব নোৱাৰে৷ খাদ্য চোবাই নাখালে ভিটামিনৰো অপচয় হয়, সেয়ে যিমান পাৰে খাদ্য চোবাই খাওক৷ লৰালৰিকৈ খাদ্য খোৱাৰ অভ্যাস ত্যাগ কৰক৷ যিকোনো খাদ্য ধীৰে-স্থিৰে খাওক৷ লৰালৰিকৈ খাদ্য খালে শৰীৰত তাৰ কি প্ৰভাৱ পৰে সেই বিষয়ে উল্লেখ কৰা হ’ল–
(১) লৰালৰিকৈ খাদ্য খালে বা সঠিকভাৱে খাদ্য চোবাই নাখালে সেই খাদ্য ভালদৰে হজম নহয়৷ যিসকলে খাদ্য নোচোবোৱাকৈ গিলি দিয়ে, তেওঁলোকৰ এচিডিটিৰ সমস্যা হয়৷
(২) দেহৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে খাদ্য চোবাই খোৱাটো জৰুৰী৷ বেছি সময় খাদ্য চোবাই খালে বিপাকহাৰ বাঢ়ে৷ তদুপৰি বেছি সময় চোবোৱা খাদ্যই অলপতেই পেট ভৰাই পেলোৱা বুলি অনুভৱ হয়৷
(৩) খাদ্য চোবাই খালে তাৰ সোৱাদ ভালদৰে উপভোগ কৰিব পৰা যায়৷
(৪) জানি আচৰিত হ’ব যে লৰালৰিকৈ খাদ্য খালে মানসিক উদ্বেগ বৃদ্ধি হয়৷ ধীৰে-স্থিৰে খালে মানসিক অস্থিৰতা হ্ৰাস পায়৷
(৫) যিকোনো খাদ্য বেছিকৈ চোবাই খালে মুখৰ ব্যায়াম হয়৷