Logo
image

সভাপতি পেনেল বাতিলৰ প্ৰস্তাৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ নৱেম্বৰ : অৱশেষত অসম সাহিত্য সভাৰ সভাপতিৰ পেনেল বাতিল কৰিবলৈ প্ৰস্তাৱ দিলে সভাপতি সূৰ্য কান্ত হাজৰিকাই৷ অসম সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া উচ্ছস্তৰীয় সমিতিক সভাপতিজনে লিখিতভাৱে দিলে এই প্ৰস্তাৱ৷ সভাপতি পেনেল প্ৰস্তুত কৰাক লৈ চূড়ান্ত অনিয়ম সংঘটিত হোৱাক লৈ ‘আমাৰ অসম’কে ধৰি বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশৰ পাছত উচ্ছস্তৰীয় কমিটীক এই প্ৰস্তাৱ দিয়ে সভাপতি হাজৰিকাই৷ সভাপতি হাজৰিকাই গোপনে দিয়া এই প্ৰস্তাৱ যদি গৃহীত হয় হয়তো এইবাৰ সভাপতিৰ পেনেলত সোমাব পাৰে অৰূপা পটংগীয়া কলিতা, বসন্ত কুমাৰ গোস্বামী, জগদীশ পাটগিৰি, জয়ন্ত মাধব বৰা, থানেশ্বৰ মালাকাৰ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, দেবব্ৰত দাস, উপেন ৰাভা হাকচাম, সমীৰ তাঁতী, গিৰীশ সন্দিকৈ আদিৰ ভিতৰত পাঁচজনৰ নাম৷ কোৱা নিষ্প্ৰয়োজন যে   বিগত কেইবছৰমানৰ পৰা সাহিত্য সভাত ভিৰ হৈছে অ-সাহিত্যিকৰ৷ অ-সাহিত্যিকৰ গ্ৰাসত পৰা বাবে চৰম নৈ ৰাজ্যৰ সৃষ্টি হৈছে সাহিত্য সভাৰ মজিয়াত৷ উল্লেখ্য, অসম সাহিত্য সভাৰ সভাপতিক অন্ধকাৰত ৰাখি সভাৰ বৰ্তমানৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈক কূট-কৌশল ৰচনাৰে আগন্তুক বৰ্ষৰ বাবে সভাপতি পতাৰ ব্যাপক ব্লুপ্ৰিণ্ট চলিছে সাহিত্য সভাত৷ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা অধিসূচনা জাৰি হোৱাৰ পাছত ব্যাপক ৰূপত স্বজন-তোষণ নীতিৰে চলা পৰিলক্ষিত হৈছে৷


বৃহস্পতিবাৰে সভাৰ গুৱাহাটী কাৰ্যালয়ত সভাপতি ড॰ সূৰ্য্যকান্ত হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত উচ্ছ ক্ষমতাসম্পন্ন সমিতিৰ সভাত সভাপতি পদৰ বাবে ডাঃ গিৰীশ সন্দিকৈ, ড॰ হিতেশ ডেকা, অৰূপা পটংগীয়া কলিতা, ড॰ লীলাৱতী শইকীয়া বৰা আৰু নাহেন্দ্ৰ পাদুনকে ধৰি  যিকেইজন ব্যক্তিৰ নাম সভাপতিৰ পেনেলৰ বাবে চূড়ান্ত কৰা হৈছে, সেইকেইজনৰ দুজনমানক লৈ সভাৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰতিক্ৰিয়া হৈছিল৷ উচ্ছ ক্ষমতাসম্পন্ন সমিতিৰ দুজন সদস্য ডাঃ গিৰীশ সন্দিকৈ আৰু নাহেন্দ্ৰ পাদুনে নিজৰ নাম সভাপতি পদৰ বাবে নিজেই নিৰ্বাচন কৰাক কেন্দ্ৰ কৰিও ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অভিযোগ মতে, সভাপতিৰ পদত নিজৰ ফৈদৰ মানুহ বহুৱাবৰ বাবে সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কাৰ্যনিৰ্বাহকৰ এটা চক্ৰই ৰোগশয্যাত পৰি থকা কেইজনমান সাহিত্যিকৰ নামোল্লেখ কৰি তেওঁলোকে মূৰকত নিৰ্বাচন খেলাৰ সন্মতি নজনোৱাৰ অজুহাত লৈ অসমীয়া সাহিত্যলৈ কোনো বিশেষ বৰঙণি নথকা ডাঃ গিৰীশ সন্দিকৈক সভাপতি পতাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে৷ এই সন্দৰ্ভত অতি সংগোপনে পাঁচজনীয়া তালিকাখন প্ৰস্তুত কৰে৷ তালিকা প্ৰস্তুত কৰা সভাত উপস্থিত আছিল সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা, উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মা, প্ৰাক্তন সভাপতি ড॰ কুল শইকীয়া,  প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন আৰু সদস্য মহীয়ান ড॰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী৷ সভাখন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধান সম্পাদকে অবৈধভাৱে ছপা কৰা এখন নিৰ্দেশনা-পত্ৰ বিতৰণ কৰে৷ সেই নীতিবিৰুদ্ধ নিৰ্দেশনাখনেই আছিল উক্ত ব্লুপ্ৰিণ্টৰ মূল চাবি-কাঠি৷ আমাৰ হাতত মজুত থকা নিৰ্দেশনা-পত্ৰখনত সাহিত্য সভাক ঋণাত্মক সমালোচনা কৰা সাহিত্যিকৰ নাম সভাপতি পদৰ বাবে বিবেচনা নকৰিবলৈ নিৰ্দেশনা দিয়া হয়৷ আকৌ পত্ৰখনত উল্লেখ কৰা হৈছে যে সভাপতি হোৱাৰ উদ্‌গ্ৰীৱ বাসনাৰে কিছু লোকে এক অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে৷ গতিকে সেইসকল লোককো সভাপতিৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰিবলৈ নিৰ্দেশনা দিয়াৰ লগতে এনেধৰণৰ সাতটা নিৰ্দেশনা দিয়া হয়– যিটো নীতি বৰ্হিভূত৷ আনহাতে, অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ নিৰ্বাচনৰ বাবে প্ৰধান সম্পাদকৰ কাৰ্যালয়ে ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে৷ তেনে স্থলত সংবিধানৰ নীতি উলংঘন কৰি সভাপতি পদৰ প্ৰাথ¹ ডাঃ গিৰীশ সন্দিকৈয়ে কি নীতিৰ আধাৰত সেই দায়িত্ব লাভ কৰিছিল, সেয়াও বোধগম্য হোৱা নাই সচেতন ৰাইজৰ৷ আন এক অভিযোগ মতে, ডাঃ গিৰীশ সন্দিকৈ সভাপতি হোৱাৰ স্বাৰ্থতেই তেওঁ নিজেই আহ্বায়ক হিচাপে সংবিধান প্ৰস্তুতৰো দায়িত্ব পালন কৰি নাৰায়ণপুৰ অধিৱেশনত কৌশল কৰি একেৰাতিৰ ভিতৰতেই সংবিধান ছপা কৰি আনিছিল৷ যাৰ বাবে যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰা ধীৰেন শৰ্মাই এইবাৰ উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত হ’ব লগা হ’ল৷ তদুপৰি উচ্ছ পৰ্যায়ৰ কমিটীৰ হতুৱাই সভাপতি পদৰ বাবে যিকেইজনৰ নাম প্ৰস্তাৱ কৰি অনুমোদন কৰালে, সেইসকলৰ ভিতৰত গিৰীশ সন্দিকৈ পৰৱৰ্তী সভাপতি হোৱাত বাধা নাই৷

কিয়নো হিতেশ ডেকাৰ প্তখন মৌলিক গ্ৰন্থ নাই৷ সাহিত্য সভাৰ সংবিধান অনুসৰি তেওঁৰ নাম প্ৰস্তাৱ হ’লেও  সংবিধানৰ নীতি অনুসৰিয়েই আতঁৰিব লাগিব৷ কমিটীয়ে প্ৰস্তাৱ কৰা লীলাৱতী শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল৷ তেওঁ বৰ্তমান ৰোগাক্ৰান্ত৷ তেওঁক এটা কোঠাৰ পৰা আনটো কোঠালৈ মানুহে ধৰি নিব লাগে৷ তেওঁ সাহিত্য সভাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মতি নিদিয়াটো প্ৰায় নিশ্চিত৷ উচ্ছ পৰ্যায়ৰ কমিটীয়ে প্ৰস্তুত কৰা তালিকাত যদিও অৰূপা পটংগীয়া কলিতাৰ নাম আছে, অসম সাহিত্য সভাৰ বদনামৰ চেকা যে তেওঁৰ গাত পৰিবলৈ দিব, তাত সন্দেহ আছে৷ সাহিত্য সভাৰ সভাপতি পদৰ আনজন প্ৰাৰ্থী নাহেন্দ্ৰ পাদুন এতিয়া ৮৫ বছৰীয়া৷ হৃদৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত তেওঁ৷ এই ৫ জন প্ৰাৰ্থীৰ ভিতৰত গিৰীশ সন্দিকৈয়েই সভাপতিৰ আসন দখল কৰাত সকলোফালৰ পৰাই আগত থকা হেতু উপেন্দ্ৰজিৎ শৰ্মাই বহু চিন্তা-চৰ্চা কৰি তেওঁক সভাপতি পাতিবৰ বাবে এই কৌশল  ৰচনা কৰিছিল৷ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি নিৰ্বাচনী প্ৰক্ৰিয়াত হোৱা চূড়ান্ত অনিয়মে সমগ্ৰ অসম কঁপাই যোৱাৰ পাছত এতিয়া উচ্ছস্তৰীয় সমিতিখনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছে৷ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা, উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মা, প্ৰাক্তন সভাপতি ড॰ কুল শইকীয়া,  প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন আৰু সদস্য মহীয়ান ড॰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী প্ৰভৃতি সদস্যসকলৰ বিৰুদ্ধে অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হৈছে৷ নিজৰ নাম নিজেই প্ৰস্তাৱ কৰাকে ধৰি নানা ধৰণৰ অনিয়ম সংঘটিত কৰি এখন তালিকা প্ৰস্তুত কৰি সংগোপনে মজুত কৰি ৰখা সেই তালিকাখনৰ বাবেই  সমিতিৰ আটাইকেউজন সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সাহিত্য সভাই৷

উল্লেখ্য, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই  অলপতে এক নিৰ্দেশনা যোগে (নং-অসাস/কেকা/প্ৰধানয২০২৩-২৫/৫৫০ তাৰিখ : ০৮-১০-২০২৪ তাৰিখ)  জিলা সভা আৰু শাখা সভাসমূহক জনাই থৈছে যে–‘গোপনীয়তা ভংগ কৰা শাখা সভা আৰু জিলা সভাৰ মত নাকচ হোৱাৰ উপৰিও অন্যান্য অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব৷’ এতিয়া কথা হ’ল যে সাহিত্য সভাৰ পূৰ্বৰ নিৰ্দেশনাৰ ভিত্তিত সভাৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত গোপনীয়তা ৰক্ষা কৰিব নোৱৰা উচ্ছস্তৰীয় সমিতিখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’বনে নহয় আৰু গোপনীয়তা ৰক্ষা নোহোৱা তালিকাখন নাকচ কৰা হ’বনে? যিহেতু ৩১ অক্টোবৰত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত উচ্ছস্তৰীয় সমিতিখনে গোপনীয়তা ৰক্ষা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ’ল৷ এই ব্যৰ্থতাই সাহিত্য সভাৰ কিমান ক্ষতি কৰিলে তাৰ হিচাপেই নাই৷ এতিয়া প্ৰশ্ন হ’ল– সভাৰ স্বাৰ্থত গোপনীয়তা ৰক্ষা কৰিব নোৱৰা উচ্ছস্তৰীয় সমিতিখনৰ বিৰুদ্ধে নিৰ্দেশনা ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই; যিহেতু সভাই গোপনে সভাপতি পদৰ প্ৰাথ¹সকলৰ তালিকাখনকেই প্ৰস্তুত কৰিব নোৱাৰিলে৷ সমগ্ৰ বিষয়টো গভীৰভাৱে অনুধাৱন কৰি সভাপতি হাজৰিকাই সভাপতিৰ পেনেল বাতিলৰ প্ৰস্তাৱ দিছে৷ তেওঁ দেওবাৰে ‘আমাৰ অসম’ৰে হোৱা বাৰ্তালাপত অসম সাহিত্য সভাৰ সভাপতি হাজৰিকাই কয়– সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাক লৈ ৰাজ্যবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ বিষয়ে আমি অৱগত হৈছোঁ৷ প্ৰাৰ্থী তালিকা আমি পৰ্যালোচনা কৰিম৷ আমি এতিয়াও প্ৰাৰ্থী তালিকা সন্দৰ্ভত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই৷ অৰ্থাৎ এতিয়াও প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা নাই৷ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ বাবে শীঘ্ৰেই বৈঠকত মিলিত হম৷ প্ৰসংগক্ৰমে তেওঁ কয়–অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন পূৰ্বৰ দৰে নহয়৷ সভাপতি নিৰ্বাচন পৃথকে হ’ব৷ আনহাতে উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পৃথকে৷ অৱশ্যে ফলাফল একেলগে ঘোষণা কৰা হ’ব৷ এইবাৰ অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হ’ব উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাবধানত৷ কৰ্ণধাৰ সমিতিৰ সদস্যৰ পদত্যাগ অসম সাহিত্য সভাৰ সভাপতি পদৰ পেনেলক কেন্দ্ৰ কৰি শেহতীয়াভাৱে সৃষ্টি হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত কৰ্ণধাৰ সমিতিৰ পৰা তাৎক্ষণিকভাৱে পদত্যাগ কৰিছে কৰ্ণধাৰৰ সদস্য দয়ানন্দ পাঠকে৷ অসম সাহিত্য সভাৰ সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত দয়ানন্দ পাঠকে এইদৰে উল্লেখ কৰে– ‘সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচনকেন্দ্ৰিক তথা কামবোৰৰ বিষয়ে প্ৰকাশ পোৱা বাতৰিবোৰে মোক ব্যথিত কৰিছে৷ কথাবোৰ অবাঞ্ছিত৷ এনে পৰিৱেশে আমাক বিস্মিত আৰু হতাশাগ্ৰস্ত কৰিছে৷ এনে পটভূমিত মই সভাৰ কৰ্ণধাৰ সমিতিত থাকিব বিচৰা নাই৷ এনে প্ৰেক্ষিতত মই কৰ্ণধাৰ সমিতিৰ পৰা তাৎক্ষণিকভাৱে পদত্যাগ কৰিলোঁ৷’

পেনেল পুনৰ বিবেচনাৰ প্ৰস্তাৱ শিৱসাগৰ জিলা সাহিত্য সভাৰ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি : অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ বাবে উচ্ছস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা বুলি বাতৰি কাকতত প্ৰকাশিত সম্ভাৱ্য প্ৰাৰ্থী তালিকাখনক লৈ শিৱসাগৰ জিলা সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷  বিশেষকৈ তালিকাখনত সমিতিৰ এগৰাকী বিশেষ ব্যক্তিক বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰ আসনত বহুওৱাৰ মন্ত্ৰণা চলা বুলি সন্দেহ প্ৰকাশ কৰিছে সভাৰ কৰ্মকতাৰ্সকলে৷ বিষয়টোৰ গুৰুত্ব বুলি শিৱসাগৰ জিলা সাহিত্য সভাই এখন জৰুৰী কাৰ্যনিবাৰ্হক সভা অনুষ্ঠিত কৰে৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি নিৰুপমা মহন্তই সভাপতিত্ব কৰা আৰু সম্পাদক সন্তোষ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত আগন্তুক অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়৷ শিৱসাগৰ জিলা সাহিত্য সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অনিল শইকীয়া, উপ-সভাপতি বিনোৱা টায়ে, কোষাধ্যক্ষ সূৰ্যকান্ত দাস, সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈ, অসম সাহিত্য সভাৰ কাৰ্যনিবাৰ্হক সদস্য জীৱমণি নাথ, বাবুল বৰুৱা, পবিত্ৰ প্ৰাণ ভট্টাচাৰ্যকে মুখ্য কৰি বিভিন্ন শাখাৰ সভাপতি-সম্পাদকসকলে অংশগ্ৰহণ কৰা সভাত সংশ্লিষ্ট প্ৰাৰ্থী তালিকাখন বাতিল বা পুনৰ বিবেচনাৰ বাবে অসম সাহিত্য সভাৰ সভাপতিলৈ তৎকালীনভাৱে প্ৰেৰণ কৰিবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ উল্লেখ্য, শিৱসাগৰ জিলা সাহিত্য সভাৰ খনামুখত অনুষ্ঠিত হৈ যোৱা কাৰ্যনিবাৰ্হক সভাত অসমৰ লোক সংস্কৃতিৰ গৱেষক, সাহিত্যিক-অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াক এইবাৰ অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ শইকীয়াৰ প্ৰাৰ্থিত্বৰ বিষয়ে জনাৰ পিছতো একেখন জিলাৰ পৰা সভাপতি পদৰ বাবে নাহেন্দ্ৰ পাদুনৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাটোৱে অদৃশ্য চক্ৰৰ দ্বাৰা দুইজনকে বঞ্চিত কৰোৱা এক ষড়যন্ত্ৰ চলা বুলি অভিযোগ উত্থাপিত হৈছে৷

সভাপতিৰ পেনেল সলনি কৰাৰ দাবী যোৰহাটৰ চাৰিখন শাখা সভাৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : অসম সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ বাবে বহু বিতৰ্কিত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আজি মনোনয়ন পত্ৰ সংগ্ৰহৰ প্ৰথম দিনা যোৰহাটস্থ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উপ সভাপতি পদৰ পৰা পাঁচজনে আৰু প্ৰধান সম্পাদক পদৰ বাবে দুজনে  মনোনয়ন পত্ৰ সংগ্ৰহ কৰে৷ সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে উপ সভাপতি পদৰ বাবে শিৱসাগৰৰ ড॰ অনিল  শইকীয়া, নলবাৰীৰ ড॰ বিপিন কলিতা, ডিব্ৰুগড়ৰ অজয় সিংহ, তেজপুৰৰ নৰহৰি চুতীয়া আৰু প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আজি মনোনয়ন পত্ৰ সংগ্ৰহ কৰে৷ কাইলৈ মনোনয়ন পত্ৰ সংগ্ৰহৰ অন্তিম দিন৷ আনহাতে প্ৰধান সম্পাদক পদৰ বাবে গুৱাহাটীৰ ড॰ সঞ্জীৱ শৰ্মা আৰু ড॰ অজিত প্ৰসাদ শৰ্মাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰে৷ কাইলৈ প্ৰধান সম্পাদক পদৰ বাবে দেৱজিত বৰাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে বুলি সভাৰ এক সূত্ৰই প্ৰকাশ কৰিছে৷ 

সভাপতিৰ পেনেলক তীব্ৰ প্ৰতিক্ৰিয়া : অসম সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ বাবে সভাপতিৰ পেনেলক কেন্দ্ৰ কৰি যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি যোৰহাটৰ চাৰিটা শাখাই লিখিতভাৱে আপত্তি দৰ্শাইছে আৰু নতুনকৈ পেনেল প্ৰস্তুত কৰিবলৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছে৷ সভাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে যোৰহাট সাহিত্য সভা, উত্তৰ পশ্চিম যোৰহাট শাখা সাহিত্য সভা, তৰাজান শাখা সাহিত্য সভা আৰু উদ্দীপন শাখা সাহিত্য সভাই এই দাবী তুলি পত্ৰ প্ৰেৰণ কৰিছে৷ এই শাখাকেইটাই একপ্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰি পত্ৰ প্ৰেৰণ কৰাত সাহিত্য সভাৰ ভিতৰ চ’ৰাত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে৷ সভাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে ৫ নৱেম্বৰত সভাৰ  কৰ্ণধাৰ সমিতিৰ বৈঠকত এই বিষয়টো আলোচনা কৰা হ’ব আৰু নতুনকৈ পেনেল প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে৷ আন এক সূত্ৰই জানিবলৈ দিয়া মতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড॰ বসন্ত কুমাৰ গোস্বামীক যোৰহাটৰ শাখা সমূহে সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিছিল, কিন্তু পেনেলত তেওঁৰ নাম অন্তৰ্ভু্‌ক্ত নোহোৱাত যোৰহাটত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ সেয়ে নতুন পেনেলত ড॰ গোস্বামীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে৷