বিজেপি শাসনলৈ অহাৰ পাছতেই অসমত অনুপ্ৰৱেশ বন্ধ হ’ল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ নৱেম্বৰ : ‘অসমত বিজেপিয়ে শাসনলৈ অহাৰ পাছতেই অসমত অনুপ্ৰৱেশ বন্ধ হৈ গ’ল৷ অসমত অনুপ্ৰৱেশ কৰিবলৈ কোনেও সাহস নকৰা হ’ল৷’ এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ অসমত প্ৰতিদিনেই এজনৰ পাছত আন এজন বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ নতুবা আটক হৈ অহাৰ সময়তে অবৈধ প্ৰব্ৰজন বন্ধ হোৱাৰ দাবী কৰি এই আজৱ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে৷ দেওবাৰে ঝাৰখণ্ডৰ বিধান সভাৰ নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত অংশ লৈ অসমত বিজেপিয়ে চৰকাৰ গঠনৰ পাছত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন বন্ধ কৰি দিয়াৰ দাবী কৰে অমিত শ্বাহে৷ ঝাৰখণ্ডৰ ৰাচীত অনুষ্ঠিত অনুষ্ঠানটোত গৃহমন্ত্ৰী শ্বাহে বাংলাদেশীৰ আগ্ৰাসনৰ প্ৰসংগত কয়–‘পশ্চিমবংগত অনুপ্ৰৱেশ আজিও বন্ধ হোৱা নাই৷ কিয়নো পশ্চিম বংগ চৰকাৰে অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিছে৷ ঝাৰখণ্ডতো একে কাৰণতে বাংলাদেশী অনুপ্ৰৱেশকাৰী আগ্ৰাসন বন্ধ হোৱা নাই৷ ঝাৰখণ্ডৰ হেমন্ত চোৰেণৰ চৰকাৰেও বাংলাদেশী অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দি আহিছে৷ বি এছ এফ সকলো ঠাইতে আছে৷ অসমতো আছে, বংগ আৰু ঝাৰখণ্ডতো আছে৷ কিন্তু অসমত বিজেপিৰ চৰকাৰ অহাৰ পাছতে অবৈধ প্ৰব্ৰজন সম্পূৰ্ণৰূপে বন্ধ হৈ গ’ল৷ অসমত এতিয়া অবৈধ প্ৰব্ৰজন কৰিবলৈ কোনেও সাহস নকৰা হ’ল৷ ঝাৰখণ্ডতো বিজেপিৰ চৰকাৰ হ’লেই পৰিস্থিতি সলনি হৈ যাব৷
সকলো অনুপ্ৰৱেশকাৰীক আটক কৰি দেশৰ পৰা বাহিৰ কৰি দিয়া হ’ব৷’ লক্ষণীয় বিষয়টো হৈছে, সমাগত ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচনী ইচ্ছু্য হিচাপে লৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু হিন্দু-মুছলমানৰ ৰাজনীতি৷ ঝাৰখণ্ডলৈ বাংলাদেশী অনুপ্ৰৱেশ বন্ধ কৰা আৰু অনুপ্ৰৱেশকাৰীক বিতাড়নৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিবলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ উদাহৰণ দিলেও গৃহমন্ত্ৰীৰ ভাষ্যক লৈ অসমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাংলাদেশীৰ অনুপ্ৰৱেশ অসমত বন্ধ হৈ পৰা বা বিজেপিয়ে চৰকাৰ গঠনৰ পাছত বাংলাদেশীয়ে অনুপ্ৰৱেশৰ সাহস নকৰা বুলি ঝাৰখণ্ডবাসীৰ আগত দাবী কৰিলেও বাস্তৱত অসমলৈ প্ৰতিদিনেই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন অব্যাহত আছে৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰক্ষী তথা বি এছ এফে আটক তথা গ্ৰেপ্তাৰ কৰাৰ খবৰ সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি অহা দেখা গৈছে৷ অথচ ইয়াৰ পূৰ্বে একেজন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমলৈ আহি ভাৰত-বাংলাদেশ সীমান্ত ইমানেই পানী নসৰকাকৈ ছীল কৰি দিয়া হৈছে যে পৰুৱা এটাও পাৰ হ’ব নোৱাৰে বুলি মন্তব্য কৰিছিল৷ কিন্তু ইয়াৰ পাছতো সীমান্ত পাৰ হৈ নিতৌ অসমলৈ অব্যাহত আছে বাংলাদেশী অনুপ্ৰৱেশকাৰী আগ্ৰাসন৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ২০১৪ চনত বৰাকত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ তেতিয়াৰ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ১৬ মে’ত অবৈধ বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব বুলি ঘোষণা কৰিছিল৷ কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে তিনিটা কাৰ্যকাল চলাই আছে যদিও বাস্তৱত মোদীৰ ঘোষণা অসাৰ হৈ পৰিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত হাজাৰ হাজাৰ বাংলাদেশীক বিতাড়ন কৰাৰ বিপৰীতে এতিয়া বিজেপি চৰকাৰে নগণ্য সংখ্যক বাংলাদেশীকহে বিতাড়ন কৰিবলৈ সক্ষম হৈছে৷ বাংলাদেশী অনুপ্ৰৱেশকাৰী কংগ্ৰেছৰ দৰে বিজেপিৰো যে নিৰ্বাচনী ভুৱা প্ৰচাৰ সেয়া অসমৰ সচেতন মহলে ইতিমধ্যে বুজি উঠিছে৷