দীঘলীপুখুৰীত দোভাগ নিশাও বিক্ষোভ, গাইছে প্ৰতিবাদী গীতো
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ নৱেম্বৰ : মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিকো বিশ্বাসত লোৱা নাই দীঘলীপুখুৰীৰ প্ৰতিবাদকাৰী সাধাৰণ জনতাই৷ ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰৰ শতায়ু গৰকা ২৫ জোপাকৈ গছ উৰণ সেতু নিৰ্মাণৰ নামত কাটি পেলোৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৈ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ সচেতন নাগৰিকে৷ দীঘলীপুখুৰীৰ পাৰৰ বট-বৃক্ষ কেইজোপা ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰতি নিশাই পহৰা দি ৰাখিছে এছ এছ আইকে ধৰি কেইবাটাও সংগঠনৰ লগতে কটন-সন্দিকৈৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে৷ প্ৰতিটো নিশাই দীঘলীপুখুৰী পাৰত ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ গছ কটাৰ বিৰুদ্ধে থিয় হোৱা দেখা গৈছে শিল্পী-সাহিত্যিকৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ নাগৰিকলৈ৷ বট-বৃক্ষ কেইজোপা ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰতিবাদকাৰী ছাত্ৰ সমাজে গীত-মাতে উদাগৰী নিশা পাৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগক উৰণ সেতুখনৰ বিকল্প সন্ধান উলিয়াবলৈ নিৰ্দেশ দিলেও চৰকাৰে পূৰ্বৰ সিদ্ধান্ত বাতিলৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত প্ৰতিবাদ চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰিছে ছাত্ৰ তথা সচেতন নাগৰিক সমাজে৷ কিয়নো মুখ্যমন্ত্ৰীৰ বক্তব্যক বিশ্বাসত লোৱা নাই প্ৰতিবাদকাৰী সকলে৷ দীঘলীপুখুৰীৰ পাৰত বিভিন্ন সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ মাজতে শনিবাৰে নিশা প্ৰতিবাদস্থলীত উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ৷
পত্নী গৰিমা গাৰ্গৰ সৈতে দীঘলীপুখুৰীত উপস্থিত হৈ কেইবাটাও গীতেৰে প্ৰতিবাদকাৰীৰ সমৰ্থনত থিয় দিয়ে জুবিন গাৰ্গে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে কয়– চৰকাৰে দীঘলীপুখুৰীটো বন্ধ কৰি দিলে হ’ল আৰু পুখুৰীটো পুতি দিলেই হ’ল৷ তাত ফ্লাই অভাৰ পাঁচখন মান নিৰ্মাণ কৰি দিলেও একো নাই৷ এনেকুৱা কৰিব পাৰিব জানো? দীঘলীপুখুৰীৰ যদি গছবোৰ কাটি দিয়ে তেন্তে সেই সৌন্দৰ্যটো পুনৰ ঘূৰাই পাবনে? সেয়া কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক৷ মই কাকো খাতিৰ নকৰো৷ চৰকাৰৰ যি মন যায় তাকে কৰি থাকিলে নহ’ব নহয়৷ মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰী নহওক কিয়, মই সদায় আছো৷ মই গছ ৰক্ষা কৰি আছো৷ আমাৰ গোটেই ফেন ক্লাবে প্ৰতি বছৰে পাঁচ হাজাৰ গছ ৰোপণ কৰি আছো৷ গছ পুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– সেয়া কৰিলে কি হ’ব? কোনে চাব সেইবোৰ৷ য’ত গছ লাগে তাত গছ কাটি আছে, য’ত গছ নালাগে তাৰ গছ ৰুই আছে৷ ফ্ৰী চাউল দি আছে৷ আমি ভিক্ষাৰী নহয়৷ আমাৰ মাটি আছে, আমাৰ গছ আছে, আমাৰ নদী আছে, আমাৰ সকলো আছে৷ মই প্ৰতিবাদ নকোৰ, মই কেৱল কথা কওঁ, মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম৷ গছ বহুত কাটিছে, কিছুমান ঠাইত গছ কাটিছে ৰাস্তা নিৰ্মাণৰ বাবে৷ কিন্তু তাৰ বহু বিকল্প আছে৷ গছ কাটিলে কেনেকৈ চৰাই আহিব, গছ নাথাকিলে উৰণ সেতুত চৰাই নাহে৷’ ইফালে দীঘলীপুখুৰীৰ নিৰ্মীয়মান উৰণ সেতুখনে গুৱাহাটীৰ পৰিৱেশৰ ওপৰত বিৰূপ পেলোৱাৰ লগতে আৰু প্ৰদূষণ সৃষ্টি কৰাত আশংকা ব্যক্ত কৰি গুৱাহাটী উচ্ছ ন্যায়ালয় হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ অভিযোগ পত্ৰও প্ৰেৰণ কৰিছে কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই৷