দুই মহাতাৰকাৰ শেষৰ আৰম্ভণি! ভাৰতীয় ক্ৰিকেটৰ আচম্বিত পতন
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ নৱেম্বৰ : জোকৰ মুখত চূণ নে শেষৰ আৰম্ভণি? নে দুয়োটাই সত্য! নিউজীলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই ঘৰতে তিনিখনকৈ টেষ্টমেচত আত্মসমৰ্পণ কৰাৰ লগে জোকৰ মুখত চূণ পৰা যেনেই হৈছে৷ আকৌ এই ঘৰুৱা শৃংখলাত টীম ইণ্ডিয়াৰ দুই মহাতাৰকাই যি গহ্বৰসম ব্যৰ্থতা প্ৰদৰ্শন কৰিলে, সেয়া সাধাৰণ ক্ৰিকেটপ্ৰেমীৰ মতেও দুয়োৰে, অৰ্থাৎ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ শেষৰ আৰম্ভণি হৈছে৷ বিগত ১২ বছৰে ভাৰতে দেশৰ মাটিত টেষ্ট শৃংখলা হেৰুওৱা নাছিল৷ শেষবাৰৰ বাবে দেশত টীম ইণ্ডিয়াই টেষ্ট শৃংখলা হেৰুৱাইছিল ইংলেণ্ডৰ বিৰুদ্ধে ২০১২ চনত৷ আনহাতে যোৱা ২৪ বছৰত দেশত টীম ইণ্ডিয়া ‘হোৱাইট ৱাশ্ব’ৰ সন্মুখীন হোৱা নাছিল৷ শেষবাৰৰ বাবে ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ দুয়োখনতে পৰাজিত হৈছিল ভাৰত৷ সৰ্বোপৰি ৩ খনীয়া টেষ্ট শৃংখলাৰ তিনিওখনতে ভাৰত দেশৰ দেশৰ মাটিত কেতিয়াও পৰাজিত হোৱা নাছিল৷ এইবাৰ নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলটোৱে সেই আটাইবোৰ অনাকাংক্ষিত অভিলেখ ভাঙি পতনৰ শেষ বিন্দুলৈ নামি গ’ল৷
কেৱল সেয়াই নহয়, বিশ্ব টেষ্ট শৃংখলাৰ ফাইনেল খেলিবলৈ হাত-মূৰ জোকাৰি থকা ভাৰতৰ এই পৰাজয়ক সেয়ে জোকৰ মুখত চূণ বুলিয়েই বিবেচনা কৰিছে সমালোচকে৷ কিয়নো, নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা ৩-০ মেচৰ ব্যৱধানত ভাৰতে লাভ কৰা হ’লে পৰৱৰ্তী অষ্ট্ৰেলিয়া শৃংখলা হেৰুৱালেও টেষ্টৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেল খেলিলেহেঁতেন ৰোহিতবাহিনীয়ে৷ কিন্তু ৩-০ ৰ বিজয় দূৰঅস্ত, ৩-০ মেচত আলহী দলৰ বিৰুদ্ধে আত্মসমৰ্পণ কৰিলে বিশ্বশ্ৰেষ্ঠ হ’বলৈ ভৰি দাঙি থকা টীম ইণ্ডিয়াই৷ ইয়াতকৈ ভয়ংকৰ ব্যৰ্থতাৰে আত্মসমৰ্পণ আৰু কি থাকিব পাৰে!তৰ্কাতীতভাৱে এই ঘৰুৱা শৃংখলাই দুই মহাতাৰকা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰৰ ‘বিগিনিং অৱ দ্য এণ্ড’ অৰ্থাৎ শেষৰ আৰম্ভণি হোৱা বুলি মুকলিকৈ উদঙাই দিছে৷ নিউজীলেণ্ডৰ বিৰুদ্ধে ৩খন টেষ্টৰ শৃংখলাৰ ৬টা ইনিংছত ৯৩ ৰাণ কৰিছে মহাতাৰকা আৰু বহু বিশ্বাভিলেখৰ গৰাকী বিৰাট কোহলিয়ে৷ কোহলিৰ বেটিং গড় ১৫.৫০, যিটো পৰিসংখ্যা তেওঁৰ উজ্জ্বল কেৰিয়াৰত কালিমা সানিব পৰাকৈ যথেষ্ট৷ শৃংখলাত ৰোহিত শৰ্মাই কৰিছে ৯১ ৰাণ৷ তেওঁৰ বেটিং গড় ১৫.১৭৷ এই দুই মহাতাৰকাৰ শোচনীয়তম প্ৰদৰ্শন আৰু বৰ্ধিত বয়সৰ বাবেই প্ৰশ্ন উঠিছে–এয়া দুয়োৰে শেষৰ আৰম্ভণি নহয় কি?নিউজীলেণ্ডৰ হাতত ৩-০ ৰ পৰাজয় হজম কৰা কঠিন বুলি কৈছে সাধাৰণতে দলৰ বেয়া প্ৰদৰ্শনতো বিশেষ মন্তব্য নকৰা শচীন তেণ্ডুলকাৰে৷ সমালোচনাৰ তীৰ উৰি আহিছে বীৰেন্দ্ৰ ছেহৱাগ, যুৱৰাজ সিঙৰ পৰাও৷ টীম ইণ্ডিয়াৰ আচম্বিত পতনত উদ্বিগ্ন শচীনে কৈছে–‘ঘৰৰ মাটিত ৩-০ ৰ পৰাজয় হজম কৰা টান৷ এইবাৰ আত্মসমালোচনা কৰিবই লাগিব৷ প্ৰস্তুতিৰ অভাৱ, বেয়া শ্বট নিৰ্বাচন নে পৰ্যাপ্ত মেচ নেখেলা–কিয় হাৰিবলগীয়া হ’ল ভাৰত? ঋষভ পন্তৰ খেল আৰু ফুটৱৰ্ক দেখি ভাব হৈছিল, পিট্চ কঠিন নহয়৷ তেন্তে আচম্বিত পতনৰ কাৰণ কি?’ যুৱৰাজ সিঙে কৈছে–‘টি-২০ ৰ বিশ্বকাপ বিজয়ৰ পাছত দলটোৰ মুখত চূণ পৰাও দেখিবলগীয়া হ’ল৷ অষ্ট্ৰেলিয়াত ডাঙৰ পৰীক্ষাই অপেক্ষা কৰি আছে৷’ বীৰেন্দ্ৰ ছেহৱাগে কৈছে–‘কিছুমান পৰীক্ষা টেষ্টত নকৰাই ভাল৷ তেনে অদৰকাৰী পৰীক্ষা কৰিবলৈ গৈয়েই এই অৱস্থা হ’ল দলৰ৷ স্পিন খেলিবলৈও শিকিব লাগিব৷’ভাৰতীয় অপেনাৰৰ ধাৰাবাহিক ব্যৰ্থতা, ঘৰুৱা পৰিৱেশতো খেলপথাৰৰ পৰিস্থিতি বুজিব নোৱাৰা, ৰোহিত শৰ্মা-বিৰাট কোহলিৰ শোচনীয় ফৰ্ম, সকলো বেটছমেনৰ স্পিনৰ বিৰুদ্ধে দুখলগা অসহায়তাই টীম ইণ্ডিয়াৰ আচম্বিত পতনৰ ঘাই কাৰণ৷ অনেকেই অৰ্থ-কড়ি লীগ আই পি এলৰ ভয়ংকৰ প্ৰভাৱো ব্যৰ্থতাৰ অন্যতম কাৰণ বুলি দাবী কৰে৷ কিন্তু বিশ্বমানৰ একোজনৰ বেটাৰে ক্ৰিকেটৰ ‘ফৰ্মেট’ অনুসৰি যদি খেলৰ ধৰণ সলাব নোৱাৰে, তেন্তে তেওঁক পূৰ্ণাংগ ক্ৰিকেটাৰ কোৱা টান, তাৰকাৰ আখ্যা অসম্ভৱ৷ তিনিওখন টেষ্টতে ভাৰতীয় অপেনাৰ ব্যৰ্থ হৈছে৷ তিনিখন টেষ্টত অপেনিং যুটীত ৰাণ হৈছিল ৯, ৭১, ১, ৩৪ আৰু ২৫, ১৩৷ বেংগালুৰুত পৰিস্থিতি নুবুজি ৪৬ ৰাণত প্ৰথম ইনিংছ শেষ হৈছিল ভাৰতৰ, য’ত ৫ জনৰ অৱদান আছিল ‘০’৷ কিৱি স্পিনাৰ মিচেল ছাণ্টনাৰ, অজাজ পেটেলে ৩খন টেষ্টত ২৮টা উইকেট দখল কৰি তাৰকাত পৰিণত হ’ল৷ ৰোহিত বাহিনীয়ে দুই অখ্যাত স্পিনাৰক তাৰকালৈ উন্নীত কৰি নিজে নামি গ’ল পতনৰ অটল গহ্বৰলৈ৷