Logo
image

ডুবাইত আৰক্ষীৰ বাবে উৰন্ত মটৰ চাইকেল!

আমাৰ অসম, ২৬ মাৰ্চঃ ডুবাইৰ আৰক্ষীৰ বাবে স্ক’ৰ্পিয়ান নামেৰে এখন উৰন্ত মটৰ বাইকৰ ডিজাইন কৰিছে ৰাছিয়াৰ প্ৰযুক্তি কোম্পানী হোভাৰছাৰ্ফে৷ উল্লেখ্য যে এই বিশেষ বাহনখনে চাৰিটা চকাৰ ওপৰত ভৰ ৰাখি শূন্যতে অৱস্থান কৰিব৷ ৬০০ পাউণ্ড ওজন বহন ক্ষমতাসম্পন্ন এই বাহনখনৰ গতিবেগ ক্ষমতা ঘণ্টাত ৪০ মাইল৷ ডুবাই আৰক্ষীয়ে স্মাৰ্টছিটী আঁচনিৰ অধীনত এই বাহনখনৰ অচিৰেই ব্যৱহাৰ আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷