Logo
image

আজি ৰায় দিব আমেৰিকাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ নৱেম্বৰ : দীৰ্ঘ দূৰত্বৰ দৌৰৰ পাছত এইবাৰ ‘স্প্ৰিণ্ট’৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মাজত মাথোঁ এটা দিন বাকী থকা আজি সোমবাৰে শেষ দিনটোত দুই প্ৰাৰ্থী কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পে প্ৰচাৰৰ বাবে ‘স্প্ৰিণ্ট’ অৰ্থাৎ হ্ৰস্ব দৌৰ দিবলৈ বাধ্য হৈছে৷ অৱধাৰিতভাৱে  ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দুয়োজন প্ৰাৰ্থীয়েই শেষ দিনৰ চমু প্ৰচাৰত নিৰ্বাচন কৰি লৈছে ৭ খন ‘ছুইং’ প্ৰদেশৰ কেইখনমান৷ যিহেতু ‘ছুইং ষ্টেট’ বা ‘বেটলগ্ৰাউণ্ড’ হিচাপে পৰিচিত এই সাতখন প্ৰদেশৰ ভোটাৰেই কোনো এজন প্ৰাৰ্থীৰ বিজয় নিৰ্ণয় কৰিব, সেয়ে শেষ ‘স্প্ৰিণ্ট’ৰ বাবে কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পে এই সাতখন ‘ব্লু ৱাল ষ্টেটছ’ত প্ৰচাৰ চলোৱাৰ গত্যন্তৰ নাই৷ ডেম’ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছে অন্তিম দিনটোৰ প্ৰচাৰ চলাইছে পেনছিলভেনিয়াত৷ ২০০০ চনৰ নিৰ্বাচনত যি দুখন ‘ছুইং’ প্ৰদেশৰ ভোটেৰে জো বাইডেন বিজয়ী হৈছিল, তাৰ অন্যতম আছিল পেনছিলভেনিয়া৷ আনহাতে ড’নাল্ড ট্ৰাম্পে এই ৭ ‘ছুইং’ প্ৰদেশৰ পেনছিলভেনিয়াৰ উপৰি নৰ্থ কেৰ’লাইনা আৰু মিছিগানত প্ৰচাৰ চলাইছে৷ সোমবাৰৰ শেষ প্ৰচাৰতো কমলা হেৰিছে গাজাৰ পৰিস্থিতিৰ সমাপ্তি ঘটোৱাৰ প্ৰতিশ্ৰুতি দিছে৷ আনহাতে কোনো প্ৰমাণ নোহোৱাকৈ পেনছিলভেনিয়াত ড’নাল্ড ট্ৰাম্পে অভিযোগ কৰিছে নিৰ্বাচনী প্ৰবঞ্চনাৰ৷ কিন্তু চিৰাচৰিতভাৱে এইবাৰো মাৰ্কিন ৰাষ্ট্ৰপতিৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৭ খন ছুইং প্ৰদেশে৷ যাক কোৱা হয় বেটলগ্ৰাউণ্ড৷ সেই ৭ প্ৰদেশ হৈছে এৰিজোনা, জৰ্জিয়া, মিছিগান, নেভাদা, নৰ্থ কেৰোলাইনা, পেনছিলভেনিয়া আৰু উইছকনছিন৷ এই ৭ প্ৰদেশৰ ভোটাৰ কোনো দলৰে সমৰ্থক নহয়৷ তেওঁলোকে ভোটৰ দিনটোত যি দলৰ প্ৰতি ছুইং কৰিব, অৰ্থাৎ যাৰ প্ৰতি সমৰ্থন আগবঢ়াব, সেই দলৰ প্ৰাৰ্থীয়েই হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি৷ সেয়ে ভোটলৈ এদিন থাকোঁতে ট্ৰাম্প-হেৰিছে এই ৭ প্ৰদেশ তাৰকা সমৰ্থকক লৈ তল-ওপৰ কৰিছে৷ উদ্দেশ্য এতিয়াও ‘আনডিছাইডেড’ ভোটাৰৰ মন কোমলোৱা৷ কিন্তু শেষ সিদ্ধান্ত হ’ব ৫ নৱেম্বৰত৷


সোমবাৰৰ মূল ভোটগ্ৰহণৰ পূৰ্বেই ইতিমধ্যে ৭৮ নিযুত আমেৰিকানে ভোটদান কৰিছে৷ তাৰে ৪১ নিযুতে সোঁশৰীৰে আগতীয়াকৈ আৰু ৩৭ নিযুতে ‘মেইল বক্স’ত অৰ্থাৎ পোষ্টেল ভোটদান কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ৭৮ নিযুত ভোটৰ গৰিষ্ঠসংখ্যক কমলা হেৰিছৰ পক্ষলৈ অহা বুলি ডেম’ক্ৰেট দলে দাবী কৰিছে৷ কিন্তু তাৰ মাজতে ডেম’ক্ৰেটৰ বাবে আছে দুঃসংবাদো৷ কিয়নো ৭ খন ‘ছুইং’ প্ৰদেশত ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্পে অগ্ৰগতি লোৱা বুলি শেষ জনমত সমীক্ষাত ভৱিষ্যদ্বাণী কৰা হৈছে৷ আটলাছইণ্টেলে কৰা এই ভৱিষ্যদ্বাণীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সমীকৰণ সলনি কৰি পেলাব পাৰে৷ কিয়নো এই অনিৰ্ণিত ৭ খন প্ৰদেশৰ সমীক্ষাত ১.৮ শতাংশৰ স্পষ্ট অগ্ৰগতি লাভ কৰিছে ট্ৰাম্পে৷ অথচ এপষেক আগলৈকে কমলা হেৰিছে ড’নাল্ড ট্ৰাম্পক বহু দূৰত ৰাখি আগবাঢ়ি আছিল৷ কিন্তু নিৰ্বাচন কাষ চপাৰ লগে লগে ট্ৰাম্পে সেই ব্যৱধান হ্ৰাস কৰি আনে৷ এতিয়া দুয়োৰে মাজত ব্যৱধান ইমানেই কম যে শেষ হাঁহি কোনে মাৰিব সেয়া সম্পূৰ্ণ অনিশ্চিত হৈ পৰিছে৷ কোৱা হৈছে এইটোৱেই আমেৰিকাৰ আটাইতকৈ  প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আৰু ভৱিষ্যদ্বাণী কৰিব নোৱাৰা নিৰ্বাচন৷ যদিহে ভাৰতীয় মূলৰ কমলা হেৰিছ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, তেন্তে সেয়া হ’ব আমেৰিকাৰ নতুন ইতিহাস৷ কিয়নো গণতন্ত্ৰৰ প্ৰাচীনতম দেশখনত সম-অধিকাৰক লৈ সকলো আমেৰিকান প্ৰায় উন্মাদ হ’লেও আজিলৈকে কোনো মহিলা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা নাই৷ তদুপৰি ভাৰতীয় মূলৰ আৰু প্ৰথম কৃষ্ণাংগ মহিলা হিচাপেও তেওঁ অভিলেখ প্ৰতিষ্ঠাৰ দুৱাৰদলিত৷