ৰঙা গ্ৰহলৈ উৰা মাৰিব স্পেচ-এক্সৰ ৰকেট
আমাৰ অসম, ২৬ মাৰ্চঃ মঙল গ্ৰহত নাছাৰ ৰভাৰ পাৰ্ছিভাৰেন্সৰ সফল অৱতৰণৰ পাছত এইবাৰ ৰঙা গ্ৰহটোলৈ যাত্ৰাৰ বাবে সাজু হ’ব এলন মাস্কৰ ষ্টাৰশ্বিপ ৰকেট৷ অহা ২০৩০ চনৰ ভিতৰত ষ্টাৰশ্বিপ ৰকেটে মঙলৰ বুকুত অৱতৰণ কৰিব বুলি প্ৰকাশ কৰিছে মাস্কে৷ উল্লেখ্য যে এলন মাস্ক এজন ধনকুবেৰ হোৱাৰ লগতে বিজ্ঞান প্ৰযুক্তিৰ প্ৰতি তেওঁৰ সাংঘাতিক দুৰ্বলতা৷ তেওঁৰেই এটা স্পেচ কোম্পানীয়ে চলিত মাহৰ আৰম্ভণিতে ষ্টাৰশ্বিপ এছ এন ১০ ৰকেটৰ সফল উৎক্ষেপন ঘটায়৷ প্ৰায় ১০ হাজাৰ কিলোমিটাৰ উচ্ছতাত উপনীত হোৱাৰ পাছত ৰকেটটো পুনৰ উভতাই অনা হয়৷ অৱশ্যে ভূ-পৃষ্ঠত স্পৰ্শ কৰাৰ ৬ মিনিট পাছতে ৰকেটটো ধবংস হয়৷ এইজন এলন মাস্কেই ২০৩০ৰ পূৰ্বেই মঙল গ্ৰহলৈ স্পেচ এক্সৰ ৰকেট প্ৰেৰণৰ বাবে সাজু হৈছিল৷